অসম

সুৰেন্দ্ৰ কুমাৰৰ নেতৃত্বত পি কে দত্তৰ ঘৰত চলিছিল ওৰে নিশা অভিযানঃ ঘৰৰ পৰা পলাই গৈ ক’ত আছে অৱসৰপ্ৰাপ্ত DIG

asomiyapratidin

ডিজিটেল ডেস্ক : আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই তোলপাৰ লগাইছে ৰাজ্য । আৰক্ষীৰ প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ ঘৰত বুধবাৰে ওৰে নিশা চি আই ডিয়ে চলাই অভিযান।

এই অভিযানত প্ৰাক্তন ডি আই জি জনৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৫কেজি সোণৰ লগতে বহু বৃহৎ পৰিমাণৰ ধন-সম্পত্তিৰ নথিপত্ৰ । চি আই ডিয়ে পি কে দত্তৰ নামে-বেনামে থকা ৫খন হোটেলৰ তথ্যও লাভ কৰিছে, ইয়াৰে ভাৰ্গৱ গ্ৰেণ্ড নামৰ তিনি তাৰকাযুক্ত বিলাসী হোটেলখনত বুধবাৰে নিশাই অভিযান চলাইছিল চি আই ডিয়ে।

এই সমগ্ৰ অভিযানৰ নেতৃত্ব দিয়ে চি আই ডিৰ মহাপৰিদৰ্শক সুৰেন্দ্ৰ কুমাৰে। ইফালে এগৰাকী প্ৰাক্তন ডি আই জিৰ ঘৰত ৫কিলোকৈ সোণ উদ্ধাৰ হোৱাৰ পিছত বিষয়াগৰাকীৰ চোৰাং সোণৰ বেহা চক্ৰৰ সৈতে জড়িত থকাৰো সন্দেহ কৰিছে বহুতে।

অসম আৰক্ষীৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হব লগা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত ৰৌ-বৰালিৰ পৰা পুঠিঁ-খলিহনালৈকে সকলোকে বিচাৰি উলিওৱাৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

এই সন্দৰ্ভত আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ নেতৃত্বত গঠন কৰা হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ এটা গোট। উক্ত গোটত বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথ, আইন-শৃংখলাৰ দায়িত্বত থকা জি পি সিং আদিও আছে।

ইফালে চি আই ডিৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ অপৰাধ শাখাইও তদন্তত সহযোগ কৰিছে। বুধবাৰে নিশাৰে পৰা প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীৰ সৈতে জড়িত চক্ৰৰ কোনো সদস্য যাতে দিবন ডেকাৰ দৰে অসমৰ পৰা পলাই যাব নোৱাৰে তাৰবাবে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যাকাৰ সমগ্ৰ সীমান্তৱৰ্তী এলেকাৰ দায়িত্বত থকা শীৰ্ষ আৰক্ষী বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ মাজতে খবৰ আহিছে যে, বুধবাৰে নিশা ডি আই জি পি কে দত্তৰ ঘৰত অভিযান আৰম্ভ হোৱাৰ প্ৰাকক্ষণত মাতৃ শ্ৰাদ্ধানুষ্ঠানৰ প্ৰস্তুতি চলাই থকাৰ পৰাই পলায়ন কৰা প্ৰাক্তন আৰক্ষী বিষয়াগৰাকী নিশাৰ ভাগতেই উপস্থিত হয়গৈ বৰাক উপত্যাকাৰ এখন জিলা সদৰত।

এক সূত্ৰৰ খবৰ মতে তেওঁৰ সৈতে এগৰাকী গাণনিকেও উপত্যাকাটোৰ গুৰুত্বপূৰ্ণ জিলাৰ সদৰ চহৰ এখনত আত্মগোপন কৰিছে। অভিযোগ মতে, এই জিলাখনতে পলাতক আৰক্ষী বিষয়াগৰাকীয়ে আনৰ নামত ক্ৰয় কৰা এখন চাহ বাগিছাও আছে।