অসম

হঠাৎ বৰাক উপত্যকাৰ ৩ কাৰাগাৰৰ ৮৭ কয়দীক মুক্তি দিয়াৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ কোৰোনা ভাইৰাছৰ আতংকই বিশ্বজুৰি ত্রাস সৃষ্টি কৰাৰ সময়তে দেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা একাংশ কাৰাবন্দীৰ বাবে কোৰোনা ভাইৰাছ হৈ পৰিছে আশীৰ্বাদ স্বৰুপ। বিশ্বব্যাপী সংহাৰী ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছ কাৰাগাৰ সমূহত যাতে সংক্রমিত হ'ব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে সাত বছৰৰ তলৰ শাস্তি পাব লগা বিচাৰাধীন বন্দী সকলক জামিনত মুক্তি দিয়াৰ নিৰ্দেশ দিছে। এনে বন্দী সকলক মুক্তি দিয়াৰ উদ্দশ্যে সৰ্বোচ্চ ন্যায়ালয়ে ইতিমধ্যে দেশৰ প্রতিখন ৰাজ্যলৈ এই নিৰ্দেশ প্ৰেৰণ কৰিছে।

ৰাজ্য সমূহে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি সাত বছৰতকৈ কম শাস্তি পাব লগা বন্দী সকলক মুক্তি দিবলৈ অনুমতি দিয়াত ৰাজ্যৰ প্রতিখন কাৰাগাৰতে এনে বন্দী সকলক মুক্তি দিয়া প্রক্রিয়া আৰম্ভ হৈছে। শনিবাৰে শিলচৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা মুঠ ৫৮ গৰাকী বিচাৰাধীন বন্দীক জামিনত মুক্তি দিয়া হৈছে। সেইমতে কৰিমগঞ্জ কাৰাগাৰে ১৮ জন আৰু হাইলাকান্দি কাৰাগাৰে ১১ গৰাকীসহ বৰাকৰ তিনিওখন কাৰাগাৰৰ পৰা মুঠ ৮৭ গৰাকী বন্দীয়ে জামিনত মুক্তি লাভ কৰে।

এনে বন্দী সকলৰ ভিতৰত সৰহ সংখ্যকেই অপৰাধী চুৰি, মাৰপিটসহ বিভিন্ন সৰু-সুৰা অপৰাধত জে'লৰ ভাত খাব লগা হৈছিল। ইফালে, লকডাউনৰ বাবে যান-বাহনৰ চলাচল বন্ধ থকাত জিলা প্রশাসনে কেইবাখনো বাছ যোগান ধৰি বন্দী সকলক স্ব-গৃহলৈ যোৱাৰ ব্যৱস্হা কৰি দিয়ে। ইফালে, কাৰাগাৰ বিভাগৰ এক সূত্ৰৰ মতে, সাত বছৰতকৈ কম শাস্তি প্ৰাপ্ত বন্দী সকলকো পেৰেলত মুক্তি দিয়াৰ বিষয়তো চোৱাচিতা কৰিছে অসম চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীখনে।