অসম

‘মা,দেউতা তোমালোকে যি বিচাৰিছা মই দিব নোৱাৰিম’- ফলাফলৰ পূৰ্বেই আত্মহণন ৰাহুলৰ…

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ "মা দেউতা তোমালোক ভালদৰে থাকিবা তোমালোকে যিটো বিচাৰিছা সেইটো মই দিব নোৱাৰিম তাৰ বাবে ক্ষমা বিচাৰিছোঁ।"- এই দৰে বিদায় লৈ সোমবাৰে ৰাহুল গ'লগৈ। আজি তাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে । ৰাহুলে সংস্কৃত বিষয়ত লেটাৰ নম্বৰ লাভ কৰি দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ খবৰ ল'বলৈ জীয়াই নাথাকিল।

মঙলদৈ সমষ্টিৰ অন্তৰ্গত ৰঙামাটি ভালুকখোৱাপাৰাৰ তাৰেণী বৰা আৰু অন্ন বৰাৰ দ্বিতীয় পুত্ৰ ১৫ বছৰীয়া ৰাহুল এই বছৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী ৰাহুল বৰাই ঘৰত কোনো লোক নথকাৰ সময়তে সোমবাৰে দুপৰীয়া প্ৰায় ২ বজাত নিজ গৃহৰ ৰান্ধনীঘৰত চিপ লৈ আত্মহত্যা কৰে।

মৃত্যুৰ পূৰ্বে মাক-দেউতাকলৈ লিখি থৈ গ'ল- 'তোমালোকে যিটো বিচাৰিছা সেইটো মই দিব নোৱাৰিম বুলি।' ছাত্ৰ জনৰ মৃত্যুৰ বাতৰি পোৱাৰ মুহূৰ্ততে ভালুকখোৱাপাৰাত শোকৰ ছাঁ পৰে। ইতিমধ্যে মঙলদৈ সদৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। মঙ্গলবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছতে মৃত ৰাহুলে সংস্কৃত বিষয়ত লেটাৰ নম্বৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।