অসম

চিপ লৈ আত্মহত্যা যুৱকৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণপাট চাৰিআলি নিবাসী ভাস্কৰ শইকীয়া (৪২) নামৰ এজন যুৱকে আত্মহনন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে যুৱকজনে ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ অধীনস্থ এটা গ্ৰাহক সেৱা কেন্দ্ৰ দক্ষিণপাট চাৰিআলিত চলাই আছিল।

জানিব পৰা অনুসৰি প্ৰথমে এই কেন্দ্ৰটো থিকমতে চলি আছিল যদিও শেহতীয়াকৈ গ্ৰাহকৰ লগত বিত্তীয় লেনদেনকলৈ কিছু মতানক্যৰ সৃষ্টি হয়।শেহতীয়াকৈ এই বিত্তীয় লেনদেনৰ বাবে একাংশ গ্ৰাহকে তেওঁক হেচা প্ৰয়োগ কৰে যাৰফলত তেওঁ মানসিকভাবে ভাগি পৰে।

বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত যুৱকজনে নিজৰ ঘৰৰ পিচপিনে চিপলৈ আত্মহত্যা কৰে। অৱশ্য যুৱকজন ঋণগ্ৰস্থ কাৰণ নে আন কিবা কাৰণত এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই। পিচত বেবেজীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে বুলি জানিবলৈ দিয়ে।