অসম

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী সুবাসনা দত্ত, গুৱাহাটীত আই চি ইউত চিকিৎসাধীন

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বৃহস্পতিবাৰে নিশা পুৰণি বঙাইগাঁৱত অনুষ্ঠান পৰিৱেশন কৰি গুৱাহাটীলৈ উভটি যোৱাৰ পথত ৰঙিয়াত দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বাহন৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় শিল্পীগৰাকী৷

উল্লেখ্য যে, বঙাইগাঁৱত অনুষ্ঠান পৰিৱেশন কৰি তেওঁ এখন ডাষ্টাৰ বাহনেৰে ঘূৰি আহোতে এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমান এক্সেল কেয়াৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন শিল্পীগৰাকী। ইফালে এই দুৰ্ঘটনাত শিল্পী গৰাকীৰ মেনেজাৰ শেখৰজ্যোতি বৈশ্যও পতিত হৈছে বুলি জানিবলৈ পোৱা গৈছে।