অসম

জোনাইত ধুমুহাত বিস্তাৰৰ ক্ষয়-ক্ষতি,বিদ্যুত যোগান ব্যাহত…

asomiyapratidin

ডিজিটেল সংবাদ, জোনাই : জোনাই মহকুমাত শুকুৰবাৰে দুপৰীয়া অহা বিধ্বংসী ধুমুহাত বিভিন্ন ঠাইত বিস্তাৰ ক্ষয়-ক্ষতি হয়। জানিব পৰামতে জোনাই মহকুমাৰ গালী-চিকাৰী পঞ্চায়ত, জোনাই সদৰ এলেকা, বাহিৰ জোনাই লোহিজান পঞ্চায়তৰ লগতে বিভিন্ন গাঁৱত ধুমুহাই বহু পৰিয়ালৰ ঘৰ আৰু বিদ্যালয়গৃহৰ টিনপাত উৰুৱাই নিয়াৰ উপৰি গছ উভালি পৰি পথ বন্ধ কৰাৰ লগতে বিদ্যুত যোগান ব্যাহত কৰে।

বিশেষকৈ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি আলিত বৃহৎ গছ এজোপা বিদ্যুত পৰিবাহী তাঁৰৰ ওপৰত উভালি পৰাৰ ফলত জোনাইত বিদ্যুত যোগান ব্যাহত হৈ পৰে। ইপিনে গালী সাপ্তাহিক বজাৰৰ দোকান ঘৰৰ লগতে গালী মহাবিদ্যালয় আৰু এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ লগতে বহু পৰিয়াল ঘৰ-দুৱাৰ ধুমুহাত বিস্তাৰৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। তদুপৰি বাহিৰ জোনাই লোহিজান পঞ্চায়ততো বহু পৰিয়াল ঘৰ-বাৰী বিধ্বংসী ধুমুহাত ক্ষতি হয়।