অসম

দেশভক্ত তৰুণ ৰাণ ফুকন ইন্ডৰ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ…

asomiyapratidin

ডিজিটেল ডেস্কঃ স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ। সেই অনুসৰি অসমতো উদযাপন কৰা হ'ব ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ কাৰ্যসূচী। গুৱাহাটীৰ উলুবাৰীস্থিত দেশভক্ত তৰুণৰাম ফুকন ইন্ডৰ ষ্টেডিয়ামত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ কাৰ্যসূচী। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ লগতে অসম অলিম্পিক সন্থাৰ বিষয়ববিয়াৰ লগতে অন্যান্য ক্ৰীড়া সন্থাৰ বিষয়ববিয়াসকলৰ লগতে ছাত্ৰ-ছাত্ৰীকে ধৰি খেলুৱৈসকল।