- অসম চৰকাৰৰ কেইবাগৰাকীও এ চি এছ বিষয়াৰ পদোন্নতি আৰু ৰদবদল।
- ৯ মে'ত জাৰি কৰা হৈছে এই সন্দৰ্ভত নিৰ্দেশনা।
- এ চি এছ বিষয়া দেৱজিৎ বৰাক সচিব পদলৈ পদোন্নতি।
- পূৰ্বতে পেঞ্চন বিভাগত তেওঁ আছিল অতিৰিক্ত সচিব।
- এই বিভাগতেই তেওঁক সচিব পদলৈ পদোন্নতি দিয়া হৈছে।
- মণিকা দাস মেধিক অতিৰিক্ত সচিব পদৰ পৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব ৰূপে পদোন্নতি।
- পূৰ্বতে গৃহ আৰু ৰাজনীতি বিভাগত থকা অতিৰিক্ত সচিব বাবু লাল শৰ্মাক সেই বিভাগৰেই সচিব পদলৈ পদোন্নতি।
- কৃষি বিভাগৰ অতিৰিক্ত সচিব ৰূপজ্যোতি চহৰীয়াক উক্ত বিভাগৰ লগতে আবকাৰী বিভাগৰ সচিব পদত নিযুক্তি।
- কল্যাণী দাস তালুকদাৰক অতিৰিক্ত সচিব পদৰ পৰা শক্তি বিভাগৰ সচিব পদলৈ পদোন্নতিসহ বদলি।
- ৰাজীৱ শ্বাহ উদিত হুছেইনক পৰিবহণ আৰু পৰ্যটন বিভাগৰ অতিৰিক্ত সচিব পদৰ পৰা এই বিভাগৰে সচিব পদলৈ পদোন্নতি।
- মণিৰত্ন মহন্তক অতিৰিক্ত সচিব পদৰ পৰা সচিব পদলৈ পদোন্নতি।
- ওদালগুৰিৰ উপাযুক্ত দিলীপ কুমাৰ দাসক ৰাজহ বিভাগৰ সচিব পদলৈ পদোন্নতিসহ বদলি।
- ছৈয়দা হাছিনা মুৰ্ছিদক অতিৰিক্ত সচিব পদৰ পৰা সচিব পদলৈ বদলি কৰা হৈছে।
- জে ডেকা ঠাকুৰক মীন বিভাগৰ পৰা সচিব পদলৈ পদোন্নতি দি বদলি কৰা হৈছে পাব্লিক এণ্টাৰপ্ৰাইজ বিভাগলৈ।
- বন্দনা দত্ত তামুলীক অসম বিত্তীয় বিভাগৰ পৰা সচিব ৰূপে পদোন্নতি দি অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন আৰু সচিবালয় প্ৰশাসনলৈ বদলি।