অসম

লালপুল এছ এছ বি কেম্পত ছহীদ নিৰজ ছেত্ৰীৰ নশ্বৰদেহ, সতীৰ্থ ছহীদ জোৱানক শ্ৰদ্ধাঞ্জলি বিষয়াসহ সতীৰ্থ জোৱানৰ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ঝাৰখণ্ডৰ মাওবাদী আক্ৰমণত ছহীদ হোৱা এছএছবি জোৱান নিৰজ ছেত্ৰীৰ নশ্বৰদেহ সোমবাৰে উপস্থিত হয় গৃহৰাজ্য অসমত। প্ৰথমে নশ্বৰদেহ গুৱাহাটীলৈ অনাৰ পাছত পুষ্পসজ্জিত বাহনেৰে পোনে পোনে শ্বহীদগৰাকীৰ নিঠৰ দেহ আপোনগৃহ গহপুৰলৈ লৈ যায় এছ‌এছবিৰ এক দল।

গহপুৰ যোৱাৰ পথত লালপুলস্থিত ২৩ নম্বৰ বেটেলিয়ন এছ‌এছবি কেম্পত শ্বহীদগৰাকীৰ নশ্বৰ দেহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ঝাৰখণ্ডস্থিত এছ‌এছবিৰ ৩৫ নম্বৰ বেটেলিয়নত কৰ্মৰত আছিল শ্বহীদ নিৰজ ছেত্ৰী। কালি মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণত নিহত হৈছিল নিৰজ।

মাওবাদীৰ আক্ৰমণত নিহত বিশ্বনাথ জিলাৰ গহপুৰৰ কাউৰিপথাৰৰ নিৰজ ছেত্রী পুনৰ ৰাজ্যৱাসীক গৰ্বিত কৰি তুলিলে। নিৰজৰ লগতে আহত হৈছিল আন দুজন জোৱানো। আজি সন্ধিয়া ৭:৪০ বজাত লালপুলস্থিত ২৩ নম্বৰ বেটেলিয়নৰ ২য় কমাণ্ডেন্ট ৰহিতেশ্ব সহ অন্য জোৱান সকলে নিৰজৰ নশ্বৰ দেহত মাল্যৰ্পন কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পিছত শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ অন্তত লালপুলৰ পৰা পোনে পোনে নিৰজৰ নশ্বৰদেহ স্বগৃহ গহপুৰলৈ লৈ যায়। জানিব পৰা মতে কাইলৈ নিৰজৰ শেষ কৃত্য সম্পন্ন কৰা হব। ২০১৪ চনত এছ এছ বিত যোগদান কৰি দেশ মাতৃৰ সেৱাত নিজকে উৎসৰ্গা কৰিলে অসমসন্তান নিৰজে। নিৰজ অমৰ হ‌ওঁক ধ্বনিৰে কপি উঠিল লালপুল এছ‌এছবি কেম্প।