অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমীয়া জাতিৰ প্ৰতিটো সংকটৰ মুহূৰ্তত মাত মাতি অহা অসমৰ ধৰ্মীয়, সাহিত্য, সংস্কৃতি ক্ষেত্ৰৰ সৰ্ববৃহৎ অৰাজনৈতিক আৰু গণতান্ত্ৰিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই উচ্চস্তৰীয় যুটীয়া সংসদীয় সমিতিৰ ওচৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ কথা প্ৰকাশ কৰে।

এক বিজ্ঞপ্তিযোগে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই স্থিতিত অটল থকা কথা উল্লেখ কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষতি হ'ব পৰা কোনো কামেই নকৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অহ্বান জনায়।

উল্লেখ্য যে, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো সংকট আৰু বিপদৰ কালত এই অনুষ্ঠানটিয়ে অংশগ্ৰহণেৰে জাতীয় দায়িত্ব পালন কৰাৰ উপৰিও অসমৰ সামাজিক, সাংস্কৃতিক, সাহিত্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ লগতে বিভিন্ন জনকল্যাণমূলক আঁচনিৰে ইতিবাচক ভূমিকা গ্ৰহণ কৰি আহিছে।