অসম

কোৰোনা প্ৰ’টলৰ মাজেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩সংখ্যক তিৰোভাৱ তিথি। এই তিৰোভাৱ তিথিত ৰাজ্যজুৰি স্মৰণ কৰা হয় গুৰুজনাক।সমান্তৰালকৈ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ-কীৰ্তন ঘৰসমূহ। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চৌদিশ।

কিন্তু কোৰোনাৰ ভয়াৱহতাই বিধি-পথালি প্ৰদান কৰিছে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপনত। বিগত বৰ্ষসমূহৰ দৰে ৰাইজৰ মাজত নাই উছাহ-উদ্দীপনা। ৰাজ্য চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া কোভিড নীতি-নিয়ম মানি ৰাজ্যত পালন কৰা হৈছে জগতগুৰুৰ তিৰোভাৱ তিথি।

মঙলদৈতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰন কৰা হৈছে।পুৱাৰে পৰা মঙলদৈৰ বিভিন্ন নামঘৰ মুখৰিত হৈ পৰে মহাপুৰুষ গৰাকীৰ গুণানুকীৰ্তনৰে।মঙলদৈৰ বিভিন্ন সত্ৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে ভকত বৈষ্ণৱে কৰিছে নাম কীৰ্তন।

হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।

কৰোনাৰ কাল সংহাৰে ব্যাঘাত জন্মালে সাতামপুৰুষীয়া পৰম্পৰাত। সেয়েহে মঙলদৈৰ কোনো-কোনো স্থানত সীমিতসংখ্যক লোকে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছে গুৰুজনাৰ তিৰোভাৱ তিথি।