অসম

২৫ জানুৱাৰীৰ পৰা ৰহাৰ মঠৰবড়ীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাওঁ জিলা অধিবেশন

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৬ ফেব্ৰুৱাৰিৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশন। ইয়াৰ আগতে জিলাই জিলাই অনুষ্ঠিত হৈছে সংঘৰ জিলাসমূহৰ অধিবেশন। সংঘৰ নগাওঁ জিলাৰ অধিবেশনখনো অহা ২৫ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ৰহাৰ মঠৰবড়ীত অনুষ্ঠিত হ'ব।

অধিবেশনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্মাণ কৰা হৈছে প্ৰতিনিধি শিবিৰ, ভোজনালয় ইত্যাদি।

হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে মঠৰবড়ী অঞ্চল। হৰিনামৰ ধ্বনিৰ মাজেৰে বৃহস্পতিবাৰে অধিবেশনৰ মুখ্য কাৰ্যালয় মুকলি কৰা হয়। অনুষ্ঠানত নাম প্ৰসংগ, শৰণ-ভজন আদিও অনুষ্ঠিত হয়।