অসম

দাউ-দাউকৈ জ্বলিল বলেৰ’ পিক আপ ভান

asomiyapratidin

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বড়িগাঁও পাহাৰতলীত দাউ-দাউকৈ জ্বলি উঠিল এখন বলেৰ' পিক আপ ভান। সৃজনগ্ৰাম আমবাড়িৰ পৰা অভয়াপুৰী অভিমুখে ধানখেৰ কঢ়িয়াই আহি থকা অৱস্থাতে সংঘটিত হয় এই অগ্নিকাণ্ড।

যান্ত্ৰিক বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। বলেৰ' পিক আপ ভানখনৰ নম্বৰ এএছ-১০-চি-০৬৭২। কথমপি প্ৰাণৰক্ষা পৰে চালক-হেণ্ডিমেনৰ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।