অসম

ভৱানীপুৰত শ্ৰী সত্য সাই সেৱা সমিতিৰ বান সাহায্য প্ৰদান…

asomiyapratidin

ডিজিটেল ডেস্কঃ কামৰূপ জিলাৰ শ্ৰী সত্য সাই সেৱা সমিতি, গুৱাহাটীৰ উদ্যোগত আজি বান বিধ্বস্ত বজালী জিলাৰ ১০০ টাকৈ পৰিয়ালক বান সাহায্য প্ৰদান কৰাৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালী জিলাৰ ভৱানীপুৰৰ দোনগৰপুৰ গাঁৱৰ মুঠ ১০০ টা পৰিয়ালক এই সাহায্য আগবঢ়োৱা হয়।

শ্ৰী সত্য সাই সেৱা সমিতিৰ উত্তৰ পূৰ্বাঞ্চল জ'নৰ সভাপতি সত্যেন শৰ্মা আৰু ট্ৰাষ্ট মেম্বাৰ স্বপন দত্তৰ আৰু স্থানীয় বিশিষ্ট লোকৰ উপস্থিতিত এই সাহায্য প্ৰদান কৰা হয়। ৭ টা পুৰুষ সেৱা দল আৰু ১৪ টা মহিলাৰ সেৱা দল এই সাহায্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।