অসম

ক’ত, কিমান স্পীডত চলাব গাড়ী? চাওক এই খবৰ…

asomiyapratidin

ডি়জিটেল ডেস্কঃৰাজ্যৰ বিভিন্ন পথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে নীতি-নিৰ্দেশনা জাৰি কৰিছে।ৰাজ্যৰ পথ সমূহক মুঠ ১২ টা ভাগত ভাগ কৰি সকলৰে বাবে সৰ্বোচ্চ গতিবেগ নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি ৰাজ্যিক ঘাইপথসমূহত ঘণ্টাত ৮০ কিলোমিটাৰ বেগত যান-বাহন চলাচন কৰিব পাৰিব। আনহাতে চাৰিলেন যুক্ত ৰাজ্যিক ঘাইপথৰ বাবেও ঘণ্টাত সৰ্বাধিক ৮০ কলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰিছে।

ৰাজ্যিক ঘাইপথ সমূহ সৰ্বনিম্ন গতিবেগ ২০ কিলোমিটাৰ ধাৰ্য কৰা হৈছে। গুৱাহাটীৰ বাবেও এই নিৰ্দেশনাত গতিবেগৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰিছে। গুৱাহাটীৰ পথ বিভাজক থকা পথ সমূহত প্ৰতি ঘণ্টাত ৫০ কোলিমিটাৰতকৈ অধিক গতিত যান-বাহনসমূহ চলাচল কৰিব পাৰিব। পথ বিভাজক নথকা গুৱাহাটীৰ পথসমূহত প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগত যানবাহন চলাচল কৰিব পাৰিব।

গুৱাহাটী মহানগৰৰ উপৰিও ৰাজ্যৰ অন্যান্য নগৰ এলেকাতো যান-বাহন চলাব লাগিব প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগত। অৱশ্যে এয়া এক খচৰা অধিসূচনাহে। এই নিৰ্দেখনাৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে লোকনিৰ্মাণ বিভাগক নিজৰ ওজৰ আপত্তি তথা পৰামৰ্শ আগবঢ়াব পাৰিব। অচিৰেই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বাবেও গতিবেগ নিৰ্ধাৰণ কৰা হ'ব।