অসম

প্ৰশ্ন কাকতো সুৰক্ষিত নহয় : ইমানেই ব্যৰ্থনে !

asomiyapratidin

তুষাৰ প্ৰতিম

আচলতে ভুল ক'ত হ'ল? কিয় ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ সপোনৰ লগত খেলা কৰিলে ছেবাই? লাখ লাখ নিবনুৱাৰ ভৱিষ্যত অনিশ্চয়তালৈ গতি কৰাৰ অন্তৰালত আচলতে ভুল কাৰ হ'ল? ছেবাৰ নে আৰক্ষী প্ৰশাসনৰ? কিয় সুৰক্ষা দিব নোৱাৰিলে প্ৰশ্ন কাকত? প্ৰশ্ন কাকত সুৰক্ষা দিয়াৰো সামৰ্থ নাই নেকি ৰাজ্যৰ আৰক্ষী বিভাগৰ? এইদৰেই এতিয়া প্ৰতিজন সচেতন ব্যক্তিৰ মনত উদয় হৈছে অনেক প্ৰশ্ন। এই প্ৰশ্ন বোৰৰ উত্তৰ এই মুহূৰ্তত কাৰো হাতত নাই।

যোৱা ২৪ এপ্ৰিল, দেওবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লগতে উপ-নিয়ন্ত্ৰক, হোম গাৰ্ডচ পদবীৰ লিখিত পৰীক্ষা। এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছিল ছেবাই। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধীনত আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল এই পৰীক্ষাৰ প্ৰশ্ন কাকতৰ বহু কেইটা পৃষ্ঠা।

দেওবাৰে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ বাবে পুৱাৰে পৰা প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে আৰক্ষীয়ে প্ৰতিজন চাকৰি প্ৰাৰ্থীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে মেটেল ডিটেক্টৰৰ মাজেৰে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল। কোনো পৰীক্ষাৰ্থীকে ইলেক্ট্ৰনিক ডিভাইছ পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিবলৈ দিয়া হোৱা নাছিল।

আনহে নালাগে পানী বটল এটাও পৰীক্ষা কেন্দ্ৰলৈ নিবলৈ দিয়া হোৱা নাছিল। প্ৰশ্ন কাকতৰ প্ৰথম পৃষ্ঠাৰ উপৰিও দ্বিতীয়, তৃতীয়, চতুৰ্থ পৃষ্ঠাত পৰীক্ষা সম্পৰ্কীয় নীতি-নিয়ম লিখা হৈছিল। ইংৰাজী, অসমীয়া, বাংলাকে ধৰি কেইবাটাও ভাষাত লিখা হৈছিল প্ৰশ্ন কাকাতখন। এই প্ৰশ্ন কাকতৰ নিয়ামৱলীৰ মাজত স্পষ্টকৈ লিখা আছিল অ' এম আৰ শ্বিটৰ লগতে প্ৰশ্ন কাকতো পৰীক্ষাৰ্থীসকলে নিৰীক্ষকৰ হাতত জমা দিব লাগিব। কোনো পৰীক্ষাৰ্থীকে প্ৰশ্ন কাকত লগত লৈ যাবলৈ দিয়া ন'হব।

পূৰ্বে নিৰ্ধাৰিত সময় মতেই অনুষ্ঠিত হ'ল পৰীক্ষা। দেওবাৰে দিনটোত সকলো ঠিকেই আছিল। পৰীক্ষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নাছিল কোনো বিতৰ্ক। কিন্তু সোমবাৰে হথাৎ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিলে দেওবাৰে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ প্ৰশ্ন কাকত। ইয়াৰ পিছতেই পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ চাকৰি প্ৰাৰ্থীৰ আশাত যেন চেঁচা পানী হে পৰিল। কাৰণ ঘৰলৈ নিবলৈ নিদিয়া প্ৰশ্ন কাকাত কিদৰে হোৱাটছএপ, ফেচবুকত প্ৰচাৰ হ'ল?

অসম আৰক্ষীৰ পৰীক্ষাত বিসংগতি এইয়াই প্ৰথম নহয়। পূৰ্বেও ৰাজ্য কপাই যোৱাকৈ অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰী উন্মোচিত হৈছে। ২০২১ চনৰ ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা আৰক্ষী উপ-পৰিদৰ্শক পৰীক্ষাটো পৰীক্ষাৰ মাজতেই ফাদিল হৈছিল প্ৰশ্ন কাকত। এই প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত আছিল সেই সময়ৰ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ তথা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ। ইয়াৰ উপৰিও এই কেলংকাৰীৰ লগত জড়িত হৈছিল পূৰ্বৰ ডি আই জি প্ৰশান্ত কুমাৰ দত্ত, বিজেপি নেতা দিবন ডেকাকে ধৰি বহু কেইজন ব্যক্তি।

ৰাজ্য কপাই যোৱা সেই কেলংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে সেইবাৰ পৰীক্ষা স্থগিত ৰাখি পুনৰ অনুষ্ঠিত কৰা হৈছিল পৰীক্ষা। একেটা বছৰতে ২২ নৱেম্বৰত পুনৰ অনুষ্ঠিত কৰা হৈছিল সেই পৰীক্ষা। অৱশ্যে দ্বিতীয়বাৰ সুকলমেই অনুষ্ঠিত হৈছিল পৰীক্ষা। লক্ষণীয় ভাৱে দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা সেই পৰীক্ষাৰ বাবে আৰক্ষী নিযুক্তি ব'ৰ্ড ভংগ কৰা হৈছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে অসম আৰক্ষীত ব্যাপক নিযুক্তিৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। সেই অনুসৰিয়েই আৰক্ষী উপ-পৰিদৰ্শক পদৰ বাবে বাবেও বিজ্ঞাপন প্ৰকাশ কৰিছিল। ৰাজ্যত বিগত সময়ত সৃষ্টি হোৱা নিৱনুৱা সমস্যাৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে প্ৰকাশ হোৱা এই বিজ্ঞাপনে লাখ লাখ নিৱনুৱালৈ কঢ়িয়াই আনিছিল আশাৰ বতৰা।

বিশেষকৈ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাৰ লগতে প্ৰতিটো মুহূৰ্ততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বাৰে বাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত হ'ব বুলি কৈ অহাৰ বাবেই অতি আগ্ৰহেৰে লাখ লাখ নিৱনুৱাই চাকৰি লাভৰ আশাত পৰীক্ষাত বহিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ সেই ঘোষণা, আৰক্ষী সঞ্চালক প্ৰধানে কোৱা কথা বোৰ অৱশেষত যেন এক ভুৱা প্ৰতিশ্ৰুতিলৈ হে পৰিণত হ'ল।

সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰশ্ন কাকতৰ পৃষ্ঠা কেইখনে এতিয়া বহু প্ৰশ্নৰে উদয় কৰিছে। ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল এই প্ৰশ্ন পৰীক্ষাৰ আগতেই ফাদিল হৈছিল নে পৰীক্ষাৰ পিছত ফাদিল হৈছিল? যদি পৰীক্ষাৰ আগতেই ফাদিল হৈছিল তেনে কিমানৰ হাতলৈ গৈছিল সেই প্ৰশ্ন? কিমান দামত বিক্ৰী হৈছিল এই প্ৰশ্ন? ইয়াৰ আঁৰত কোন জড়িত হৈ আছে?

ভাইৰেল হোৱা প্ৰশ্ন কাকতখনৰ পৃষ্ঠা কেইটাই সৃষ্টি কৰিছে অধিক ৰহস্য। কিয়নো প্ৰশ্ন কাকত কেইখনত নাই এটাও দাগ। কলমৰ চিঁয়াহীৰ এটা বিন্দুও নাই প্ৰশ্ন কাকাতকেইখনৰ পৃষ্ঠা কেইটাত। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰশ্ন কাকত কেইখনৰ ফটো তোলা হৈছে এখন বিচনাত। হয়তো কাৰোবাৰ ঘৰৰ টেবুলো হ'ব পাৰে। কাৰণ প্ৰশ্ন কাকতখনৰ তলত বিচনা চাদৰ, টেবুলত পৰা কাপোৰ স্পষ্টকৈ পৰিলক্ষিত হৈ আছে।

প্ৰশ্ন কাকত কেইখনত চিঁয়াহীৰ এটাও দাগ নথকালৈ লক্ষ্য কৰি এই প্ৰশ্ন কেইখন পৰীক্ষাৰ পূৰ্বেই লাভ কৰিছিল বুলিও এতিয়া সন্দেহ কৰা হৈছে। বহুতেই সামাজিক মাধ্যমত এই বিষয়ে চৰ্চা কৰিছে। যদি এইয়াই সত্য তেনে অসম আৰক্ষী আৰু ছেবাই কিয় প্ৰশ্ন কাকত কেইখনক সুৰক্ষা দিবলৈ নোৱাৰিলে সেইয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। কোনো কোনোৱে ক'বলৈ ধৰিছে অপৰাধীক কৰায়ত্ত কৰি ৰাখিব নোৱাৰা অসম আৰক্ষীয়ে প্ৰশ্ন কাকত কেইখনক সুৰক্ষিত কৰিব নোৱাৰাতো স্বাভাৱিক কথা।

এই কথা নিশ্চিত যে, প্ৰশ্ন কাকত ফাদিল হোৱা এই ঘটনাই পুনৰবাৰ অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ প্ৰশ্নৰ উদয় কৰিছে। বহুতেই প্ৰশ্ন কৰিছে ছেবাৰ দৰে এটা সংস্থাক কিয় এই গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হ'ল? পৰীক্ষা সম্পৰ্কীয় বহু বিতৰ্কত জড়িত হৈ আছে ছেবা। বহু কেইবাৰ ছেবাই অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছে। এনে পৰিস্থিতিত ছেবাক নিযুক্তি সম্পৰ্কীয় পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দি লাখ লাখ নিৱনুৱাৰ সপোনক হত্যা কৰা হৈছে নেকি? সেই প্ৰশ্নও উত্থাপন হৈছে।

নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকাত ফাদিল হোৱাৰ পিছত ছেবাই এতিয়া দায়সৰা মন্তব্য কৰিছে। ছেবাই গোটেই ঘটনা সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিও প্ৰকাশ কৰিছে। ছেবাৰ মতে ২৪ এপ্ৰিল, দেওবাৰে সুকলমে অনুষ্ঠিত হৈ গৈছে নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ পিছত ফাদিল হোৱা কাকতৰ কোনো গুৰুত্ব নাথাকে।

পূৰ্বে উল্লেখ কৰা হৈছে প্ৰশ্ন কাকতসমূহ পৰীক্ষাৰ্থীক লগত লৈ যাবলৈ দিয়া হোৱা নাছিল। এই সম্পৰ্কে ছেবাই কৈছে যে, পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্ন কাকতসমূহ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰসমূহতে মজুত ৰখা হয়। কিয়নো প্ৰাৰ্থী গৰাকীয়ে প্ৰশ্নকাকত থকা চিৰিজ নং অ' এম আৰ শ্বিটত লিখিব পাহৰি যায়। সেয়েহে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত অসুবিধাৰ সন্মুখীন হয়। সেয়েহে নিৰ্দিষ্ট পৰীক্ষাৰ্থীগৰাকীয়ে লিখা ৰোল নম্বৰৰ পৰা পৰীক্ষাৰ্থী গৰাকীয়ে কি চিৰিজৰ প্ৰশ্নকাকতৰ চেট ব্যৱহাৰ কৰিছিল সেয়া নিৰ্ণয় কৰিব পাৰি।

কিন্তু ছেবাৰ এই স্পষ্টিকৰণ কিমাণ গ্ৰহণযোগ্য? ছেবাই স্পষ্টকৈ ক'ব পাৰিবনে এই প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বে ফাদিল হোৱা নাই? ছেবাই পৰীক্ষাৰ্থীসকলক পতিয়ন নিয়াব পাৰিবনে এই প্ৰশ্ন কাকত পৰীক্ষাৰ পিছত হে ফাদিল হৈছে? আনহাতে প্ৰশ্ন কাকত লগত নিবলৈ নিদিয়া সন্দৰ্ভত যি যুক্তি আগবঢ়াইছে সেইয়া কোনো কাৰণতে গ্ৰহণ যোগ্য হ'ব নোৱাৰে।

কিয়নো প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰতিটো কোঠালিত অতি কমেও দুজনকৈ নিৰীক্ষক আছিল। পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বৰ ১০ মিনিটত সকলোকে পৰীক্ষা সম্পৰ্কীয় নীতি-নিয়মসমূহ পঢ়িবলৈ দিয়া হয়। ইয়াৰোপৰি অ' এম আৰ শ্বিটত নিৰীক্ষকে পৰীক্ষা কৰে। অ' এম আৰ শ্বিটত পৰীক্ষাৰ্থীগৰাকীয়ে ৰোল নম্বৰ, প্ৰশ্ন কাকতৰ চিৰিজ আদি লিখিছে নে নাই সেইয়া পৰীক্ষা কৰিহে নিৰীক্ষকে স্বাক্ষৰ কৰে। গতিকে চিৰিজ নম্বৰ নিলিখাৰ প্ৰশ্ন উত্থাপন হ'বই নোৱাৰে।

ইফালে এটা হোৱাটছএপ গ্ৰুপত প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগত আৰক্ষীয়ে পিণ্টু গোহাঁই নামৰ এজন যুৱকক আটক কৰিছে। আটকাধীন পিণ্টুৱে ৭০৮৬১৯৬০৯১ নম্বৰৰ পৰা হোৱাটছএপ গ্ৰুপত ফাদিল কৰিছিল প্ৰশ্ন কাকতকেইখন। আৰক্ষীয়ে আটক কৰা পিণ্টুক ডি এছ পি পৰ্যায়ৰ বিষয়াই জেৰা চলাইছে। আৰক্ষীৰ এই জেৰাত কিছু তথ্য প্ৰকাশ হ'ব যদিও এতিয়া কিন্তু লাখ লাখ পৰীক্ষাৰ্থীসকল ইতিমধ্যে হৈ যোৱা পৰীক্ষাক লৈ আশ্বস্ত হ'ব পৰা নাই।

ইফালে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিক লৈও সৃষ্টি হৈছে বিতৰ্ক। একে কেইটা পদৰ বাবে ২০১৭-১৮ চনৰ পৰা বৰ্তমানলৈকে একাধিকবাৰ লিখিত আৰু শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ল যদিও পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহ'ল। শেহতীয়াকৈ যোৱা ফেব্ৰুৱাৰী মাহত কনিষ্টবল পৰীক্ষাৰ শাৰীৰিক আৰু লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ল যদিও সেই পৰীক্ষাৰ ফলাফল ঘোষণা নকৰি পুনৰ আকৌ একে কেইটা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে ৰাজ্যৰ গৃহ বিভাগে।

৫ টা বছৰ ধৰি একে কেইটা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি নিযুক্তিৰ সকলো ব্যৱস্থা সম্পন্ন কৰিও নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰি বাৰে বাৰে পৰীক্ষা অনুষ্ঠিত কৰি অহাক কেন্দ্ৰ কৰি অসন্তুষ্ট লাখা লাখ চাকৰি প্ৰত্যাক্ষি। এনেদৰে অসন্তুষ্ট একাংশ চাকৰি প্ৰাৰ্থীয়ে প্ৰতিবাদ কৰাৰ বাবেই আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীত প্ৰতিবাদকাৰীৰ প্ৰয়োজন নাই বুলিও কৈছে।

এনে পৰিস্থিতিত স্বাভাৱিকতেই বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ আছে অসম আৰক্ষী। নিযুক্তিৰ নামত বাৰে বাৰে বিতৰ্ক তথা দুৰ্নীতি সৃষ্টি হোৱাৰ পিছতো কিয় বাৰে বাৰে ভুল হয়, কিয় বাৰে বাৰে নিৱনুৱাৰ আশাত চেঁচা পানী পৰে সেই প্ৰশ্নৰ উত্তৰ কিন্তু মুখ্যমন্ত্ৰীয়েই হওক বাবে আৰক্ষী সঞ্চালক প্ৰধানেই হওক কোনেও নিদিয়ে।