অসম

সৌ পথাৰৰ কহুৱা ফুল নীল আকাশত কোনে সজালে…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

তোমাৰ উশাহ কঁহুৱা-কোমল। তোমাৰ হাঁহি শেৱালি কোমল। বতাহত লহপহকৈ হালিলে বাজি উঠে মিঠা বাঁহী। শৰতৰ বতৰত প্ৰাণময় পৰিৱেশৰ মাজত ফুলি উঠা কহুৱা তুমি। কত কবি, গায়কৰ বৰ্ণময় শব্দৰ এটা মিঠা নাম কহুৱা। নিৰ্মল আকাশৰ তলত শৰত আহিলেই ফুলি উঠা কহুৱা বহুতৰে মনৰ ভাষা।

প্ৰকৃতিৰ অনন্য এই কহুৱাবোৰ স্বাভাৱিকভাৱেই গজি উঠে নৈ, জান, বিলৰ পাৰত। গীতৰ মাজত কহুৱাই জীপাল কৰে শৰতৰ সেই মধুৰ আৱেগসনা পৰিৱেশৰ। কিন্তু এই কহুৱাৰ নাই কোনো ব্যৱহাৰিক প্ৰয়োজন। অথচ কহুৱাবিহীন গীত, কবিতা, প্ৰকৃতিৰ ৰূপ মাদকতা কোনোটোৱেই সম্পূৰ্ণ নহয়।

বতাহত লহপহকৈ ফুলি নাচি বাগি থকা এই কহুৱাবোৰৰ মনবোৰ যেন অশান্ত। ভূপেন হাজৰিকাই গীতত কহুৱা বনক লৈ গাইছিল- 'কহুৱা বন মোৰ অশান্ত মন/ আলফুল হাতেৰে লোৱা সাৱটি।' কহুৱাৰ সেই আলফুল ফুলৰ আলসুৱাক গীতৰ মাজত তুলি ধৰোতে মনত ভাহি আহে নদীৰ পাৰত শৰতৰ বতৰত ফুলি উঠা এক সৌন্দৰ্য্যৰ পৰিৱেশ। এই আলসুৱাৰ মাজতেই অশান্ত মনৰ একোণত ভাহি উঠেহি দূৰৈৰ নীলা আকাশৰ শুকুলা ডাৱৰৰ ফাঁকে ফাঁকে উৰি ফুৰা মন।

কহুৱাক লৈ বহু কথা। কহুৱাক লৈ বহু আকুলতা। কাৰোবাৰ উশাহ কহুৱা কোমল। কাৰোবাৰ হাঁহি শেৱালিৰ দৰেই কোমল। শৰতৰ বতৰত নিয়ৰ, কহুৱা, শেৱালি আৰু নিৰ্মল আকাশৰ বিনন্দীয়া ৰূপে গঢ়ে উৎসৱৰ পৰিৱেশ।

সুধাকণ্ঠই সেই কহুৱাৰ আকুলতাক লৈ গাইছিল এইদৰে- তোমাৰ উশাহ কঁহুৱা-কোমল/ শেৱালি-কোমল হাঁহি/ হাঁহিয়ে হৃদয় হৰিলে শুনাই/ এটি কিবা মিঠা বাঁহী…' হীৰেণ ভট্টাচাৰ্যৰ কবিতাটো কহুৱাই ঠাই পাইছিল- 'স্তব্ধতা ভাগে কোমল কহুৱা ফুলে/ কবিতাৰো বতৰ আছে/ আহিনৰ আকাশে কাণে কাণে ক'লে…'

আহিনৰ লেণ্ডস্কেপত কবিয়ে লিখিছিল- 'শেষ হৈ গ'ল/ লুব্ধ আকাশৰ হিংস্ৰ উৎসৱ/ উখল মাখল পথাৰত/এতিয়া বলিছে সেউজীয়া ধন…।' উতনুৱা চঞ্চল বতাহে ৰূপোৱালী নৈৰ পাৰে পাৰে কহুৱাক নচুৱাই ভাল পায়। নৈৰ পাৰৰ সেই কহুৱা ফুলে প্ৰকৃতিক সজীৱ কৰি তোলে। একেদৰে সজীৱ কৰি তোলে কবি, সাহিত্যিকক।

কহুৱা দেখিলেই মন বতাহত নাচে। কহুৱা এতিয়া এক আবেগৰ নাম। নৈৰ পাৰত কহুৱাই কথা কয়। জীপাল হয় আহিনৰ দিন। জীৱনৰ অলসতা কহুৱাই খেদি পঠিয়াই। সীমাহীন পৰিধিত কহুৱাই অনুভৱৰ নাও চপায়।

লাস্যময়ী কহুৱাই বতাহত এৰি দিয়ে জীৱনৰ গান। যি সৌন্দৰ্য্য অনন্য অথচ স্বীকৃতিহীন। উলাহত নাচি থকা কহুৱাবোৰ নিজেই হৈ পৰে আপোনপাহৰা। নাথাকে কহুৱাৰ নিজৰ ঠিকনা। শৰতৰ বতাহে কহুৱাক লৈ ফুৰে উৰুৱাই। তাৰ মাজে মাজে অনুভৱৰ বৰষুণ।

মেঘবোৰ আকাশত নাচি থাকে। নদীৰ পাৰত নাচি থাকে কহুৱা। আৰু পুৱা তল সৰি পৰে নিয়ৰ, শেৱালি। নৈৰ পাৰৰ বালি চাপৰিত কহুৱাক চাবলৈকে যেন আহে শৰত। আবেলিৰ নিৰ্জনতা ভাঙি কহুৱাই গাই প্ৰেমৰ গীত।

উদাস বতাহক এই কহুৱাবোৰেই দিয়ে পৰিচয়। কহুৱাবোৰ হালিলেহে গম পোৱা যায় শীতৰ আগমণৰ পূৰ্বেই চঞ্চল সুঁহুৰি বজাই ক'ৰবালৈ গৈ আছে এজাক শীতল বতাহ। তাৰ ভাঁজে ভাঁজে লিখা থাকে কহুৱাৰ কথা।

কহুৱা অবিহনে পূজা বা শৰত অপূৰ্ণ। অথচ পূজাৰ বাবে নালাগে কহুৱা। গীতিকাৰ প্ৰশান্ত বৰদলৈয়ে 'শাৰদী কোমল জোনাক মায়াৰে' শীৰ্ষক গীতত কহুৱাৰ কথা উল্লেখ কৰিছিল। গীতটোত তেওঁ লিখিছিল- 'জুৰিটিৰ পাৰত কহুৱা ফুলিলে/ মন উতলা কৰে…'

প্ৰকৃতিৰ অসীম সৌন্দৰ্য্যৰ মাজত আহিন আহিলেই ফুলে কহুৱা। মায়াময় নৈসৰ্গিক সেই প্ৰকৃতিয়ে সাধাৰণ লোকৰ পৰা শিল্পী, সাহিত্যিক সকলোকে যুগ যুগান্তৰ ধৰি আকৰ্ষণ কৰি আহিছে। এয়াই প্ৰকৃতিৰ মায়া। বৈদিকোত্তৰ যুগত বাল্মীকি, ব্যাস, কালিদাস আদি কবি, সাহিত্যিকৰ বৰ্ণনাত প্ৰকৃতিৰ বিভিন্ন উপমা পোৱা যায়।

প্ৰকৃতিয়ে মানুহক বিমুগ্ধ কৰে। প্ৰকৃতিয়ে মানুহৰ মন ৰোমাঞ্চিত কৰে। প্ৰকৃতিৰ এই চেতনা কবি, লেখকৰ লিখনিৰ মাজত ফুটি উঠে। অসমীয়া সাহিত্য কহুৱাকে ধৰি আন প্ৰাকৃতিক উপাদানেৰে পূৰ্ণ হৈ আছে। শৰতৰ সেই নিয়ৰক লৈ চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল- 'মুকুতা মণিটি পাহিত জিলিকে/ স্ফটিক পানীত ধোৱা/ নিশাৰ তৰা আহি সৰিয়েহে আছে/ সৰগত টোপনি যোৱা…।'

গীতি কবি পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰা এখন কবিতাপুথিৰ নাম আছিল- 'শুকুলা ডাৱৰ ঐ কহুৱা ফুল'। আনকি কবিয়ে এই শৰতক বসন্ততকৈ শ্ৰেষ্ঠ বুলি কৈ গৈছে। নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখিছিল 'শৰত' শীৰ্ষক কবিতাত- 'শৰত প্ৰেমময়। বসন্ততকৈও।'

ময়েই গতি, মহা প্ৰগতি। সঁচাকৈয়ে শৰতৰ এই উপাদানবোৰে জীৱনৰ প্ৰেমময় ভাৱনাক এক গতি দিয়ে। শাৰদী জোনৰ জোনাকে সেই গতিক প্ৰাণ দিয়ে। ৰোমান্টিকতাৰ সেই স্কেছ প্ৰকৃতিয়ে নিজেই আঁকে। 'মায়াময় ৰূপালী জোনাক/ ছায়াঘন সৰলৰে পাৰ/ জিৰ জিৰ জুৰিৰে পাৰত/ পাম নে মই নাপাম তোমাক…'

এই শৰতেই সৃষ্টি কৰে মহাৰাসৰ পৰিৱেশ। সেই পৰিৱেশ কিমান মনোৰম হ'ব পাৰে, সেই কথা গুৰুজনাৰ সৃষ্টিতে ফুটি উঠিছিল।
'শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰিড়া কৰিবাৰ কৃষ্ণৰ ভৈল মন ।।
অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি ।
কুকুঁমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি ।।'

নৱকান্ত বৰুৱাই কহুৱাৰ কথা লিখিছিল এইদৰে- 'সৌ পথাৰৰ কহুৱা ফুল/ নীল আকাশত কোনে সজালে…।' বীৰেন্দ্ৰ নাথ দত্তই গাইছিল এই গীত।

শেৱালি আৰু কহুলা ফুলিলেহে যেন শৰত আহে। শৰত আহিলেহে আহে দূৰ্গা পূজা। পূজা মানেই আনন্দৰ সম্ভাৰ। কহুৱাৰ মায়াই সকলোকে হাত বাউলি মাতে। সেয়েহে কহুৱা আমাৰ এক অংগ হৈ পৰিছে। কোনোবাই যদি নৈৰ পৰাৰ কহুৱা হৈ উৰিব খোজে, আন কোনোবাই সেই বিনন্দীয় পৰিৱেশৰ মাজত নিজৰ মনটোক কহুৱা কোমল কৰি প্ৰেমময় পৃথিৱীত এৰি দিয়ে।

প্ৰাকৃতিকভাৱে প্ৰকৃতিয়ে পৃথিৱী সজায়। চোতালৰ তলসৰা শেৱালিয়ে আমোল মোল গোন্ধ বিলাই শৰতক আদৰে। নৈৰ পাৰৰ কহুৱাই শুভ্ৰ পোছাক পিন্ধি বতাহত হালিজালি বিলাই শান্তি আৰু প্ৰেমৰ বাণী। ধাননি পথাৰত সেউজ ধানবোৰৰ দীঘল পাতৰ আঁৰত লাগি থাকে মুকুতাৰ মণিৰ দৰে নিয়ৰ।

এয়াই শৰতৰ মাদকতা। এই সকলোবোৰৰ সৈতে সংগী হয় কুঁৱলী। এক কোমল সুবাসত প্ৰকৃতিয়ে ৰচে শৰত অহাৰ পটভূমি। কহুৱা অবিহনে শৰত পূৰ্ণ নহয়। বাটে পথে গৈ থাকোতে দূৰৈৰ পৰা দেখা কহুৱাই হাত বাউল দি জনাই শৰতৰ আগমণৰ কথা।

কবি, সাহিত্যিক সকলোৰে অনুভৱত কহুৱা আছে। শাৰদীয় জোনাকৰ পৰশত কহুৱাডৰা আৰু ধুনিয়া হৈ পৰে। নৈৰ পাৰৰ কহুৱা বনে কেতিয়াবা কাৰোবাৰ গীতকে গায়। নিজৰ মাজতেই কহুৱাই লুকাভাকু খেলে।

কহুৱাৰ বুকুতো দুখ থাকে। নিৰ্মল আকাশৰ তলত শুভ্ৰ ৰং চটিয়াই কহুৱাই স্নিগ্ধ জোনাকৰ সৈতে ক'ত শৰতক স্বাগতম জনাইছে , ক'ত সপোনৰ কৰণিত কহুৱাই দূৰৈৰ পৰাই ৰং সানি দিছে। আলসুৱা বতাহৰ পৰশত ৰচা কহুৱা প্ৰকৃতিৰ আলোড়ন। সুবাসে মতলীয়া কৰা কোনো প্ৰেমিকৰ সৃষ্টিৰ প্ৰেৰণা।

শৰত আহে, কহুৱা ফুলে। ফিৰ ফিৰ বতাহৰ সৈতে কহুৱাই নাছে। আকাশৰ নিৰ্মলতাক কহুৱাই আৰু সুন্দৰ ৰূপত তুলি ধৰে। কিন্তু শৰতৰ আগমণৰ পাছতেই কহুৱা হৈ পৰে আকৌ এলাগী। আকৌ কহুৱাৰ সেই সৌন্দৰ্য্য বিচাৰিবলৈ অপেক্ষা কৰিব লাগে আন এক শৰতৰ আগমণলৈ।