অসম

ব্লুপ্ৰিণ্ট চূড়ান্ত ! ১০০ ভুৱা ভোট সাজু : সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি? সমন্বয়ৰ এক বাৰ্তাৰে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি সাহিত্য সভাৰ সভাপতি হোৱাতো বহুতে বিচাৰিছে। অৰুণাচলৰ এইগৰাকী বৰেণ্য সাহিত্যিক কিয় সাহিত্য সভাৰ সভাপতি হ'ব নালাগে তাক লৈও একাংশই যুক্তি দৰ্শাইছে।

জোনবাই নামৰ কবিতা লিখি স্কুলীয়া দিনৰ পৰাই সাহিত্য চৰ্চা অসমীয়াত আৰম্ভ কৰা য়েছে দৰজে ঠংছিৰ অসমীয়া সাহ্যিত্যলৈ অৱদান কোনেও নুই কৰিব নোৱাৰে। মৌন ওঠ মুখৰ হৃদয় নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী সন্মান লাভ কৰা এইগৰাকী বিশিষ্ট সাহিত্যিক, ঔপন্যাসিকৰ জন্ম হৈছিল অৰুণাচলৰ পশ্চিম কামেং জিলাত।

চনম আৰু লিংঝিক, মই পুনৰ জনম লম, শৱ কটা মানুহ তেখেতৰ উল্লেখযোগ্য উপন্যাস। পাপৰ পুখুৰী, বাঁহৰ ফুলৰ গোন্ধ, অন্য এখন প্ৰতিযোগিতা তেখেতৰ গল্প পুঠিৰ নাম। ২০১৭ চনত অসম উপত্যকা বঁটা লাভ কৰা য়েছে দৰজে ঠংছিৰ সাহিত্য সভাৰ সভাপতি হোৱাৰ বাবে এজন যোগ্য সাহিত্যিক।

তেখেতৰ কেন্দ্ৰিক যিবোৰ কথা চৰ্চা হৈছে সেই সকলো কথা সঁচা বা মিছা বুলি ক'ব নোৱাৰি। পূৰ্বতেওঁ তেখেতৰ নাম সাহিত্য সভাৰ সভাপতিৰ বাবে চৰ্চিত হৈছিল। তেখেতে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰি সংবাদ মাধ্যমৰ সন্মুখত কিছু কথা কৈছিল। যিবোৰ কথাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল।

তেখেতে কৈছিল- ৰাজনীতিক হস্তক্ষেপ অসম সাহিত্য সভাত সদায় আছে আৰু দেখিছো এতিয়াও দেখিছো বহুত হস্তক্ষেপ আছে। গতিকে এইটো কাৰণত মই অসম সাহিত্য সভাৰ সভাপতি হ'ব নিবিচাৰো। ভৱিষ্য়তেও মই এইটো স্থিতিত অটল আছো। মই কৈছোৱেই মই ভাষা, সাহিত্যৰ বাবে কৰিব পাৰো কিন্তু অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত মই এটা অৰুণাচলৰ মানুহ। তাত মই হস্তক্ষেপ কৰাটো মুঠেই ভাল নহয়। অসম ভিতৰুৱা ৰাজনীতিত এজন বাহিৰা মানুহ হিচাপে মই ভাগ ল'ব নোৱাৰো।

প্ৰশ্ন হয় এই কথাখিনি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কৈছিল? সাহিত্য সভাৰ সভাপতি হ'ব নিবিচৰাৰ কাৰণ হিচাপে তেখেতে এইধৰণে মন্তব্য দিছিল। মানুহৰ মন সলনি হয়। হয়তো তেখেতে পূৰ্বৰ সেই ধাৰণা সলনি কৰি সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান এটাৰ সভাপতিৰ আসনত অধিস্থিত হ'বলৈ সন্মতি হৈছে।

সেয়া বিতৰ্কৰ বিষয় হ'ব নোৱাৰে। ইয়াকে কেন্দ্ৰ কৰি বিভিন্নজনে নিজস্ব দৃষ্টি ভংগীৰে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ পূৰ্বে এই বিষয়টোক টানি আনি সাহিত্যিকগৰাকীক নস্যাত কৰিবলৈ চেষ্টা কৰিছে। এইয়া শুভ লক্ষ্যণ নিশ্চয় নহয়।

এনে কথাও প্ৰচাৰ কৰা হৈছে যে, অৰুণাচলত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অনুষ্ঠানত এইগৰাকী বিশিষ্ট সাহিত্যিকে সাহিত্য সভাৰ আৰম্ভণী গীত 'চিৰ চেনেহী মোৰ ভাষা জননী' পৰিৱেশন কৰাত বাধা দিছিল। সেয়া কেইবাবছৰৰো পূৰণি কথা বুলি উল্লেখ কৰা হৈছে।

এনে কথাবোৰৰ প্ৰচাৰ কৰাৰ আঁৰত সাহিত্য সভাৰ সভাপতি হ'ব বিচৰা প্ৰাক্তন সাহিত্য সভাৰ বিষয়ববীয়াৰ হাত আছে বুলি অভিযোগ উঠিছে। যদি সেয়াই সঁচা আছিল তেনেহ'লে এই গুৰুত্বপূৰ্ণ কথাটো তেতিয়াই কিয় প্ৰকাশ কৰা নহ'ল? যেতিয়া অৰুণাচলত বাস কৰা এইগৰাকী অসমীয়া সাহিত্যিকৰ নাম সভাপতিৰ দৌৰত উচ্চাৰিত হ'ল তেতিয়া কি উদ্দেশ্যে এইবোৰ কথা টানি অনা হৈছে সেয়াও বিচাৰ্য বিষয়।

এই অভিযোগ অস্বীকাৰ কৰি য়েছে দৰজে ঠংছিয়ে ইতিমধ্যে তেনে হোৱা নাছিল বুলি কোৱাই নহয়, নিজৰ পুৰণি ডায়েৰীৰ পাতৰ ফটো সামাজিক মাধ্যমত দিবলগা হোৱাতো দুৰ্ভাগ্যজনক। সাহিত্য সভাত অতি গেলা ৰাজনীতি চলে। সাহিত্য সভা হয়তো কোনো দিনেই ঠিক নহ'ব।

থকা কেইদিন সাহিত্য সভাৰ মজিয়াত আৰু শতবৰ্ষ গৰাকী এই জাতীয় অনুষ্ঠানটোৰ নামত এচাম ক্ষমতালোভী লোকে টনা আজুৰাই চলাই থাকিব।গঠনমূলক কামৰ বিপৰীতে এনেবোৰ অদৰকাৰী কথাত সাহিত্য সভাৰ নাম চৰ্চা হয়। সেয়েহে সাহিত্য সভাৰ সভাপতি ঠংছে হ'ব পাৰিবনে নাই তাত বহু সন্দেহ ৰৈ যায়।

অসম আৰু অসমীয়াৰ প্ৰতি থকা আৱেগ ভাল পোৱাৰ বাবেই তেখেতে সাহিত্য সভাৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সন্মতি প্ৰদান কৰিছিল। ইয়াৰ বিপৰীতে কিন্তু সাহিত্য সভাৰ ভিতৰচৰাত অতি কৌশলেৰে আৰু পৰিকল্পিত ভাৱে এইগৰাকী সাহিত্যিকক সভাপতি নিৰ্বাচনত পৰাজিত কৰিবলৈ ব্লুপ্ৰিণ্ট ইতিমধ্যে ৰচনা হৈ গৈছে।

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে ভোট দিবলগা যোগ্য শাখা সাহিত্য সভা সমূহক চিনাক্ত কৰিবলৈ বৰ্তমানৰ সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই এখন কমিটী গঠন কৰি দিছিল। এই কমিটীখন আছিল শাখাসমূহৰ সক্ৰিয়াতা, নিষ্ক্ৰিয়তা পৰীক্ষণ কমিটী। কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন ভাগৱতী, গীৰিশ সন্দিকৈ আৰু অমৰেন্দ্ৰ বৰুৱাৰে গঠিত কমিটীখনে ১০ আগষ্টত শাখা সাহিত্য সভা সমূহক পৰীক্ষা কৰি খচৰা ভোটৰ তালিকা প্ৰস্তুত কৰিছে।

অভিযোগ উঠিছিল যে অসম সাহিত্য সভাত বহু ভুৱা শাখা সাহিত্য সভাৰ নামত ভোটদান হয়। সেই অভিযোগৰ ভিত্তিতেই বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াই শাখাসমূহৰ সক্ৰিয়তা পৰীক্ষণৰ বাবে এই কমিটিখন গঠন কৰি দিছিল। ১০ আগষ্ট ২০২২ ত আনুষ্ঠানিক ভাৱে কমিটীয়ে খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰি জমা দিব যদিও সেই তালিকাত ১০০ ৰো অধিক ভুৱা শাখা সাহিত্য সভাৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি জানিব পৰা গৈছে।

এই প্ৰক্ৰিয়াটোত নিষ্ক্ৰিয়তা পৰীক্ষণৰ বাবে গঠন কৰি দিয়া নৃপেন ভাগৱতীৰ ভূমিকা সন্দেহজনক। লক্ষ্যণীয় ভাৱে কামৰূপ জিলা, ধুবুৰী আৰু নলবাৰী জিলাত শাখা সাহিত্য সভাৰ সংখ্যা বাঢ়িছে। নিয়ম অনুসৰি যিবোৰ শাখা সাহিত্য সভাৰ সম্পাদক দুটা কাৰ্যকালৰ বাবে আৰু সভাপতি এটা কাৰ্যকালৰো অধিক সময়ৰ বাবে ধাৰাবাহিক ভাৱে নিৰ্বাচিত হৈছে তেনেবোৰ শাখা সাহিত্য সভাক অবৈধ ঘোষণা কৰিব লাগে।

কিন্তু এই কমিটীয়ে তেনে নিয়ম উলংঘন কৰা দীৰ্ঘ সময়ৰ বাবে বিষয়বাব খামুচি থকা শাখা সাহিত্য সভা সমূহৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই। ইয়াৰ উপৰিও শাখা সাহিত্য সভাসমূহৰ নিৰ্দিষ্ট সংখ্যক আজীৱন সদস্য থাকিব লাগে। সেই আজীৱন সদস্য সকলৰ এটা ক্ৰমিক নম্বৰ থাকে।

জিলা সাহিত্য সভাৰ জৰিয়তে বহু কেইখন শাখা সাহিত্য সভাই ভুৱা আজীৱন সদস্যৰ বিপৰীতে মনে সজা ক্ৰমিক নম্বৰ দি পপত্ৰ প্ৰেৰণ কৰিছে যদিও মুখ্য কাৰ্যালয়ত তেনে এক আজীৱন সদস্য সঁচাকৈয়ে আছেনে নাই সেয়া পৰীক্ষা কৰাৰ ব্যৱস্থা নথকাত এইধৰণেও একাংশ ভুৱা শাখা সাহিত্য সভাই ভোটাৰ তালিকাত স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াই এইবোৰ দিশ সজাগ, সতৰ্কতাৰে লক্ষ্য নকৰিলে পুনৰ ভুৱা শাখাৰ জৰিয়তে সাহিত্য সভাত দপদপনি চলাই থকা চক্ৰটোৰে শেষ মুহূৰ্তত জয় হ'ব। পূৰ্বতে সাহিত্য সভাৰ নিৰ্বাচনত মুঠ ভোটৰ সংখ্যা আছিল ৬৮৬। বৰ্তমান নতুনকৈ প্ৰস্তুত কৰা শাখা সাহিত্য় সভাৰ তালিকাত সাহিত্য সভাৰ নিৰ্বাচনত ভোট দিবলগীয়া শাখা সাহিত্য সভাৰ সংখ্যা ৭১০ লৈ বৃদ্ধি পাইছে।

এইগৰাকী নৃপেন ভাগৱতীয়ে ৰাজহুৱা সভাত পৰৱৰ্তী অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক কোন হ'ব সেই নাম ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উপেন্দ্ৰজিত শৰ্মা আৰু সূৰ্য হাজৰিকাৰ নাম সাহিত্য সভাৰ ক্ৰমে প্ৰধান সম্পাদক আৰু সভাপতি পদৰ বাবে প্ৰচাৰ চলাইছে ভাগৱতীয়ে।

সাহিত্য সভাৰ ভিতৰচৰাত সভাপতি, প্ৰধান সম্পাদকৰ নিৰ্বাচনক লৈ দীৰ্ঘদিনৰ পৰা এনে অনিয়ম হৈ আহিছে। কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি হোৱাৰ সূত্ৰে ভাগৱতীয়ে নিজৰ জিলাখনৰে বহু অযোগ্য আৰু নিষ্ক্ৰিয় শাখা সাহিত্য সভাক ভোটাৰ তালিকাত স্থান দিয়াৰ অভিযোগ উঠিছে।

সাহিত্য সভাৰ সংবিধান এখন আছিল। সেই সংবিধানৰ সংশোধন হৈছিল। সংশোধিত সংবিধানখন বহু দিনলৈ নিজৰ স্বাৰ্থত আঘাত হনাৰ বাবে প্ৰধান সম্পাদক যাদৱ শৰ্মাই ছপা কৰা নাছিল। অতি পৰিতাপৰ কথা যে, সাহিত্য সভাৰ মজিয়াত এতিয়া নিয়ম কি তাৰ কোনো নিয়ম নাই।

খচৰা তালিকা প্ৰস্তুত কৰা হ'ল যদিও বৰাক উপত্যকাত সাহিত্য সভাৰ এখনো সক্ৰিয় শাখা সাহিত্য সভা নাই। পূৰ্বতে বৰাকত ১৬ খন শাখা সাহিত্য সভা আছিল। এই ১৬ খনেই আছিল ভুৱা। ক'হিমা নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচলৰ পৰাও কোনো সক্ৰিয় শাখা সাহিত্য সভা নথকাত খচৰা তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা নাই।

অৰুণাচলত কামেং শাখা সাহিত্য সভা, পাচীঘাট শাখা সাহিত্য সভাত নাই থাকিবলগীয়া সাহিত্য সভাৰ আজীৱন সভ্য। আনহাতে শাখা সাহিত্য সভা সমূহে মুখ্য কাৰ্যালয়লৈ ২৫০০ টকাকৈ বৰঙণি আগবঢ়াব লাগে। কোভিড আৰু শাখা সাহিত্য সভাসমূহলৈ বৰঙণিৰ ৰচিদ বহী প্ৰদান নকৰাত বৰঙণি নিদিয়া শাখা সাহিত্য সভা সমূহৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা ল'ব পৰা নাই। নাৰায়ণপুৰ অধিৱেশনত বৰঙণি দিলেও হ'ব বুলি কোৱাত বহু ভুৱা শাখা সাহিত্য সভাই ইয়াৰ সুযোগ গ্ৰহণ কৰিছে।

ইফালে পৰ্যাপ্ত শাখা নথকাৰ বাবে বৰপেটা, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, হোজাই জিলা সাহিত্য সভাই ভোটাধিকাৰ নাপায়। এখন জিলা সাহিত্য সভাৰ অধিৱেশনত মূন্যতম ১০ খন শাখা সাহিত্য সভা থাকিলেহে তেওঁলোকক সক্ৰিয় বুলি ধৰা হয়।

বিভিন্ন মাধ্যমত সাহিত্য সভাৰ সভাপতি কোন হ'ব, ঠংছি বাহিৰৰ নে ভিতৰৰ মানুহ আদি চৰ্চা চলি থকাৰ মাজতে এক চক্ৰই কেনেকৈ তেওঁলোকৰ প্ৰক্ষেপিত প্ৰাৰ্থীক জয়ী কৰিব আনিব পাৰে তাৰ অংকত ব্যস্ত হৈ পৰিছে। ১০০ খন ভুৱা শাখা সাহিত্য সভাই এই নিৰ্বাচন অনুষ্ঠিত হ'লে সাহিত্য সভাত 'সূৰ্য' উদয় হ'ব পাৰে।

প্ৰধান সম্পাদকৰ পদকটো সেই চক্ৰটোৱে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকীয়েই জয়ী হোৱাৰ সম্ভাৱনাই অধিক। ক্ষমতালুভী চক্ৰটোৱে সাহিত্য সভাত এনেকৈয়ে তেওঁলোকৰ ডি এন এ বছৰৰ পাছত বছৰ এৰি থৈ গৈছে। আমি সমন্বয়ৰ কথা কৈছো, সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিয়ে সংস্কাৰৰ কথা কৈছে।

এনে প্ৰেক্ষাপটত সেই আশা পূৰণ নহ'বও পাৰে। সাহিত্য সভাৰ ভিতৰত যি সোমাই কাৰ্যকাল শেষ কৰি প্ৰচণ্ড ক্ষোভ আৰু দুখত নাকত ৰুমাল লৈ ওলাবলগীয়া হয়। সাহিত্য সভাৰ ভিতৰচৰা গেলি-পচি গৈছে। তেনে পৰিস্থিতিত ভোটাৰ তালিকাৰ সংশোধন আৰু সংস্কাৰ প্ৰক্ৰিয়াটোত সফল হ'ব নোৱাৰিলে এই চক্ৰটোৰেই সাহিত্য সভাত দপদপনি চলি থাকিব। দায়িত্ব এতিয়া সভাপতি কুলধৰ শইকীয়াৰ।

পাৰিবনে ভুৱা শাখা সাহিত্য সভাসমূহক চিনাক্ত কৰি নতুন আশাৰে নেতৃত্ব ল'ব বিচৰাসকলৰ বাবে বাট মুকলি কৰি দিব? নহ'লে নিৰ্বাচন হ'ব এক ভেকো ভাওনা। সভাপতিৰ নিৰ্বাচনৰ নামত পুনৰ আন এজন বিশিষ্ট সাহিত্যিকৰ অপমান হ'ব সাহিত্য সভাত। ৰাইজে বিচাৰিলেও সেই চক্ৰটোৰ বাবে সাহিত্য সভাৰ সভাপতি হোৱাতো সম্ভৱ নহবও পাৰে য়েছে দৰজে ঠংছিৰ।