অসম

বানত ডুবিছে প্ৰজা, নিৰ্বাচনী সভাত ৰজা

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

বিপদত মানুহে ঘৰ নেৰে। আঁতৰত থাকিলেও ঘৰলৈ উভতে। আন সকলো কাৰ্যসূচী আধাতে সামৰি তেনে বিপদৰ মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল ৰাজ্যলৈ উভতি অহাই দেখা যায়।

হঠাৎ ব্যস্ততা। আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বিমান বন্দৰত এজন ব্যক্তিক উস্ম আদৰণি জনালে বিজেপি সমৰ্থকসকলে। দেওবাৰ অৰ্থাৎ ১৯ জুন, ২০২২ত এই দৃশ্য দেখা পোৱা গৈছিল। সেই ব্যক্তিজন ত্ৰিপুৰালৈ গৈছে বিশেষ কাৰণত।

ত্ৰিপুৰাত আছে ৪ টা সমষ্টিৰ উপ-নিৰ্বাচন। ২৩ জুন, ২০২২ ত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব আগৰতলা, টাউন বাৰ দুৱালি, সুৰমা আৰু যুৱৰাজ নগৰত। তাৰ কিছু সময়ৰ পিছত অনুষ্ঠিত হ'ল এখন নিৰ্বাচনী সভা। উদাত্ত কণ্ঠৰে সেই আদৰি নিয়া ব্যক্তিজনে ভাষণ আৰম্ভ কৰিলে।

সেই একেজন ব্যক্তিয়েই এদিনৰ পূৰ্বে ব্যস্ত আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বানাক্ৰান্তৰ কাষলৈ গৈ খবৰ লৈছিল, আশ্বাস দিছিল। ৰাজ্যত বানপানীৰ সমস্যা জটিলৰ পৰা জটিল হৈ গৈয়ে আছে। যোৱা ৬ দিন ধৰি আনহে নালাগে গুৱাহাটী মহানগৰৰ বহু অঞ্চল বানৰ তলত আছে।

গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ দৰে ঠাইত কলৰ ভূঁৰত উঠি মানুহে অহা যোৱা কৰিবলগীয়া হৈছে। ভৰলু নৈৰ গাৰ্ড ৱালত ফাঁট মেলি অনিল নগৰ, নবীন নগৰত পানী সোমাইছে। বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে। নামনি অসমত ভূটানে নদী বান্ধৰ পৰা এৰি দিয়া অতিৰিক্ত পানীয়ে অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰিছে।

নিউয়ৰ্ক টাইমছৰ দৰে কাকতত অসমৰ বানপানীৰ খবৰে স্থান পাইছে, ফটো প্ৰকাশ পাইছে। প্ৰায় ৩২ খন জিলাৰ ৩০ লাখৰো অধিক লোক বানত ককবকাই আছে। এই বানত হাজাৰ হাজাৰ কোটি টকা উটি গৈছে। ঘৰ-দুৱাৰ, বাট-পথ, দলং-কালভাৰ্ট, মথাউৰি আদি বানে উটুৱাই নিছে।

দিল্লীৰ পৰা টেলিফোনত খবৰ লোৱা বুলি কোৱা হৈছে। চৰকাৰে কৈছে বানাক্ৰান্তক সাহায্য দিয়া হৈছে। সাহায্যৰ নামত হয়তো এটা বা দুটা কেণ্ডেলৰ পেকেট, কেই কেজিমান চাউল, অলপমান মিঠাতেল আদিয়েই হ'ব। দুই-এজনে নিজা উদ্যোগতো বানক্ৰান্তৰ কাষলৈ গৈছে।

কিছু সাহায্য-সামগ্ৰী বিতৰণ কৰিছে। আৰু তাৰ কিছু আলোকচিত্ৰ নিজৰ ছচিয়েল মিডিয়াৰ একাউণ্টত সাচি ৰাখিছে। যিসকল লোক বানত সৰ্বস্ৰান্ত হৈছে তেওঁলোকে নীৰৱে উচুপিছে। বানৰ বিভিষীকাৰ কথা কাকো ভাষাৰে বুজাব নোৱাৰি।

কিমান দিনৰ পৰিশ্ৰম বানে মুহূৰ্তৰ ভিতৰতে শেষ কৰি দিয়ে! খেতিয়ক বা সাধাৰণ লোকৰ সপোনবোৰ বানত চাৰ-খাৰ হয়। বাৰীৰ গছ-গছনি, পথাৰৰ ধান, শস্য়, ঘৰ-দুৱাৰ সকলো হেৰুওৱাৰ পাছত মানুহ কেইটা জীয়াই থকাৰ বাদে আৰু একো থৈ নাযায়।

বজাৰতো জুই চাই দাম হৈছে। ৫০/৬০ টকীয়া শাক-পাছলি বান বুলিয়েই বেপাৰীয়ে ৩/৪ গুণ অধিক দাম লৈছে। তেনে পৰিৱেশৰ মাজত পুনৰ কোনো কোনো জাতীয় সংগঠনৰ নেতাই বান পানীত ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে বুলি দাবী তুলিছে।

মধ্য অসমতো একেই অৱস্থা। বান অহাৰ লগে লগে পুনৰ বানৰ কথা। ২০০৫ চনত বানপানীক লৈ দিল্লীত ত্ৰিপক্ষীয় বৈঠক অনুষ্ঠিত হৈছিল। আছু, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত এই বৈঠকত অসমৰ বান পানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰিবলৈ আছুৱে দাবী তুলিছিল।

সেই কথা বিবেচনা কৰাৰ আশ্বাস দিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে। তাৰ পাছত ১৫ বছৰ বানপানী আহিল আৰু গ'ল। সেই সময়ত বানপানীক চৰকাৰে ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰিব বুলি এক প্ৰকাৰৰ আত্ম বিশ্বাসী হৈ থকা এই জাতীয় সংগঠনৰ নেতৃত্বই পৰৱৰ্তী সময়ত তেনে কৰা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে মুকলিকৈ কোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত থাকিল।

এতিয়া আকৌ বানৰ কথা, ৰাষ্ট্ৰীয় সমস্যাৰ প্ৰসংগ। কি হ'ব বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিলে? সুযোগ বুজি সাৰ পাই এনে চিঞঁৰ-বাখৰ কৰিলেই অসমৰ বানপানীৰ সমস্যা সমাধান হ'ব নেকি? বান পানী আহিবই। কিন্তু ইয়াৰ সৈতে মোকাবিলা কৰিব পৰা আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ এক স্থায়ী সমাধান লাগে ৰাইজক।

অসমৰ বানপানীৰ বাবে দিল্লীয়ে চকুলু নুটুকে। অসমৰ প্ৰাকৃতিক সম্পদলৈ দিল্লীৰ সদায় নজৰ থাকে। চিঞঁৰ-বাখৰ নকৰিলে অসমে চোন একোৱেই নাপায়। এই দুৰ্যোগৰ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব পৰাকৈ অসমৰ জাতীয় সংগঠন সমূহে কিয় মাত দিব পৰা নাই?

বানাক্ৰান্তৰ কাষলৈ যোৱাৰ নামত কোনো কোনোৱে নিয়মমাফিক দায়িত্ব সামৰিছে। অসম সাহিত্য সভাৰ দৰে সংগঠনৰ নেতৃত্বও এতিয়া কাউৰীৰ বাঁহত থকা কুলিৰ দৰে নিমাত। বিৰোধী দল- সংগঠনবোৰৰ নেতাই কেমেৰা দেখিলেহে মুখ খুলে।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ দায়িত্ব যথেষ্ট। মানুহে শেহতীয়া তথ্য পাব বিচাৰে চৰকাৰী সূত্ৰত। এই মুহূৰ্ততো সেই বিভাগৰ কাণষাৰ নাই। নামত এটা ৱেবছাইট আছে। আছে তাত শেহতীয়া বান পৰিস্থিতি জানিবলৈ চাৰ্ছ কৰিব পৰা সুবিধা। কিন্তু নাহেহে কোনো তথ্য।

এনেকৈয়ে চলি আহিছে, এনেকৈয়ে চলি যাব হয়তো ! বান শুকাব, বানৰ পাছত বানাক্ৰান্তসকলৰ চকুপানী চকুতেই শুকাব। জীৱনৰ সংগ্ৰামত তেওঁলোক পুনৰ ব্যস্ত হৈ পৰিব লাগিব। বানে বহুতৰ জীৱন পৰিক্ৰমা সলনি কৰি দিব। তাৰ পাছত শৰৎ তাৰ পিছত শীত। বানৰ কথা মানুহে পাহৰি থাকিব।

মথাউৰিবোৰ কিয় নিৰ্মাণ নহ'ল? গুৱাহাটীতেই ভৰলু নদীৰ গাৰ্ড ৱাল খহো খহো। গাৰ্ড ৱালখন গুৱাহাটীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। সেই গাৰ্ডৱালখনেই মেৰামতি কৰিবলৈ অৱকাশ নাপালে চৰকাৰে। পানী শুকালেই যেন তেওঁলোকৰ সমস্যা শেষ হয়।

বানাক্ৰান্তৰ কাষলৈ এনেকৈ দৌৰাৰ এই প্ৰতিযোগিতা আৰু কিমান দিনলৈ চলিব, সেয়া কোনেও নাজানে। ধন-জন, সম্পত্তি হেৰুওৱাৰ উপৰিও কিমান মানুহক বানে ভাৰাক্ৰান্ত কৰি গৈছে সেই হিচাপ কোনেও কেতিয়াও ল'বলৈ নাযায়। হুমুনিয়াহ হৈ এই লোকসকলৰ দুখ পৰৱৰ্তী দিনত বুকুতেই ৰৈ যাব।

এই ব্যস্ত মানুহবোৰ এনেদৰে ব্যস্ত হৈয়ে থাকিব। কিয়নো ৰাজনীতি বেছি গুৰুত্বপূৰ্ণ তেওঁলোকৰ বাবে। অসমখনেই বানত ডুবি থকাৰ পাছতো যেতিয়া এই জলমগ্ন ৰাজ্যখন, ৰাজ্যবাসী এৰি কোনোবাই যদি নিৰ্বাচনী প্ৰচাৰলৈ যাব পাৰে তেনেহ'লে আনসকলো হ'ব পাৰে। কিন্তু এই কথা কোনে সুধিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক? কোনে কৰিব তেওঁক জবাবদিহী?