অসম

হঠাৎ ভাস্কো ডিক PSO কিয়?

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

পি এছ অ অৰ্থাৎ ব্যক্তিগত নিৰাপত্তাৰক্ষী ষ্টেটাচৰ চিম্বল হ'ব নোৱাৰে। সেয়েহে অপ্ৰয়োজনীয়ভাৱে থকা পি এছ অ' কৰ্তন কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাই ভিআইপি, ভিভিআইপি কালচাৰৰ মাজত জীৱন নিৰ্বাহ কৰা বহুলোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

জীৱনৰ প্ৰতি ভাবুকি নাথাকিলেও এই সকল লোকে লগত এজন, দুজন প্ৰয়োজন সাপেক্ষে কেইবাজনো পি এছ অ' ৰখাটো ষ্টেটাচৰ চিম্বল বুলিয়েই গণ্য কৰিছিল। পৰিস্থিতি সাপেক্ষে নিৰাপত্তাৰক্ষী চৰকাৰে দিয়ে। কিন্তু বহু লোক আছে তেওঁলোকে নিৰাপত্তাৰক্ষী বিচাৰি লয়।

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ চোক কেইদিন মানলৈ থাকিল। দুই এজনে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পি এছ অ' ত্যাগ কৰি তেওঁৰ পৰা পি এছ অ আঁতৰৈই নিবলৈ চিঠি লিখি বাতৰিৰ শিৰোনামো হ'ল। তাৰপাছত সেইবোৰ মানুহে পাহৰিলে।

অৱশ্যে তাৰ মাজতে ষ্টেট চিকিউৰিটি ৰিভিউ কমিটিয়ে ৰাজ্যৰ ৩৬৪ জন ৰাজনৈতিক নেতা, পালিনেতা, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, সাংসদ , বিভিন্ন নিগম নিকায়ৰ চেয়াৰমেন , ব্যৱসায় আদিৰ জীৱনৰ প্ৰতি ভাবুকি নাই বুলি তেওঁলোকৰ সৈতে থকা ৭২৬ জন পি এছ অ' কৰ্তন কৰিলে।

স্বেচ্ছাইও ৫০ জন নেতা, প্ৰাক্তন মন্ত্ৰীয়ে পি এছ অ ত্যাগ কৰিছিল। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰিয়েই ৪টা বেটেলিয়ান অৰ্থাত ৪৪৪০ জনৰো অধিক আৰক্ষী জোৱান বিভিন্ন ব্যক্তিৰ নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত হৈ আছিল।

পি এছ অ' প্ৰদানৰ নামতে ৰাজ্য চৰকাৰে বছৰি ৪০০ কোটি টকা ব্যয় কৰাৰ কথাও সদৰি কৰিছিল। ৫০ শতাংশ নিৰাপত্তাৰক্ষীয়ে ৰাজনীতিৰে জড়িত লোকৰ সৈতে আছিল। সেই সংখ্যা ২৫২৬। ইয়াৰ উপৰিও অসামৰিক আন লোকৰ সৈতে ৮৫৬ জন, ন্যায় ব্যৱস্থাৰে জড়িত ব্যক্তিৰ সৈতে ৫৪৪ জন , ব্যৱসায়ী যুৱ নেতাৰ সৈতে ১৬৭ জন, চাহ বাগানৰ মেনেজাৰৰ সৈতে ৪০ জন, প্ৰাক্তন বিদ্ৰোহী নেতাৰ সৈতে ৫২ জন নিৰাপত্তাৰক্ষী আছিল।

মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি নিৰাপত্তাৰক্ষীৰ সংখ্যা চৰকাৰে ২৬০০ লৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল। আনকি তেওঁ নিদৰ্শন দাঙি ধৰিবলৈ মুখ্যমন্ত্ৰীৰ কনভয়ত থকা নিৰাপত্তাৰক্ষী আৰু কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰো নিৰ্দেশ দিছিল।

পি এছ অৰ ক্ষেত্ৰত এনে কঠোৰ নীতি অৱলম্বন কৰাৰ লগতে নতুন পি এছ অ প্ৰদানৰ ক্ষেত্ৰত কেবিনেট পাতি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাতে এক ঘোষণা কৰা হৈছিল। এই ঘোষণা অনুসৰি আৰক্ষী অধীক্ষকে প্ৰয়োজনত কোনো লোকক ১০ ৰ পৰা ১৫ দিনৰ বাবে, আৰক্ষী সঞ্চালক প্ৰধানে সৰ্বাধিক ৩০ দিনৰ বাবে আৰু ইয়াতকৈ বেছি দিন কাৰোবাক নিৰাপত্তাৰক্ষী দিবৰ বাবে মুখ্য়মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত ৰাজ্যিক পৰ্যায়ৰ কমিটিৰ অনুমোদন লোৱাটো বাধ্যতামূলক কৰা হৈছিল।

সাংবিধানিক পদত থকা লোকসকলৰ বিপৰীতে এই সিদ্ধান্ত লোৱাৰ পাছত হঠাৎ এটা খবৰে নিসন্দেহে চৰ্চা লাভ কৰাৰ কথা। ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াক হঠাৎ নিৰাপত্তাৰক্ষী ল'বৰ বাবে আৰক্ষী বিশেষ শাখাৰ পৰা যোগাযোগ কৰা হৈছিল।

সেয়া বৰ বেছি দিনৰ কথা নহয়। ৰাইজৰ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তেওঁক নিৰাপত্তাৰক্ষী প্ৰদান কৰিছিল। কিন্তু এইবাৰ তেওঁক ৰাজনীতিৰে জড়িত বুলি নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছেনে? দীৰ্ঘদিন ধৰি ভাস্কো ডি শইকীয়াৰ ৰাজনৈতিক তৎপৰতা নাই। ইয়াৰ বিপৰীতে পূৰ্বৰ পৰা জড়িত এক ৱেব পৰ্টেলৰ জড়িতে কৰা দুটামান খবৰে কাৰোবাক ব্যতিব্যস্ত কৰিছিল।

সেই সূত্ৰে ভাস্কো ডি শইকীয়ালৈ নিৰাপত্তাৰক্ষী প্ৰদান কৰি তেওঁৰ গতিবিধি আৰক্ষীৰ নজৰত ৰাখিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি বুলিও প্ৰশ্ন উঠিছে। এই খবৰ অৱশ্যে এতিয়ালৈকে আৰক্ষী বা ভাস্কো ডি শইকীয়াই ৰাজহুৱা নকৰিলেও আন এক দৃষ্টিকোনোৰেও বিষয়টোক অৱলোকন কৰাৰ স্থল আছে।

সেয়া হ'ল মুখ্যমন্ত্ৰী পৰিয়াল কেন্দ্ৰিক কেলেংকাৰীৰ খবৰে শাসকীয় দলক বিপদত পেলোৱা বাবে কোনোবা পক্ষৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে বুলি চৰকাৰে নিজৰ পক্ষক সুৰক্ষিত কৰি ৰাখিবলৈ ভাস্কো ডিৰ বাবে এই নিৰাপত্তা ব্যৱস্থা কৰা হৈছে নেকি?

আৰক্ষী উচ্চ পদস্থ সূত্ৰই বিষয়টো সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত আছে। ভাস্কো ডি শইকীয়াইও নিৰাপত্তাৰক্ষী প্ৰদানৰ বিষয়টো অস্বীকাৰ নকৰিলেও ইয়াক গ্ৰহণ কৰা নকৰা সন্দৰ্ভত আনুষ্ঠানিক সিদ্ধান্তৰ কথা ঘোষণা এতিয়াও কৰা নাই।

হঠাৎ ভাস্কো ডিৰ জীৱনলৈ কিয় সংশয় নামি আহিল। দুটা খবৰৰ বাবে নে ৰাজনীতিৰ কাৰণে। সেই উত্তৰ সাধাৰণ লোকজনেও সহজতে বিচাৰি পাব। কিন্তু ভাস্কো ডিৰ নিৰাপত্তা কেৱল দুজন নিৰাপত্তৰক্ষী দি নিশ্চিত কৰাই নহয়, ইয়াৰ প্ৰতি সজাগ, সচেতন আৰু দায়বদ্ধশীল হ'ব লাগিব চৰকাৰ।

বহু দৃষ্টিকোণ থাকে এই কথাবোৰত। নিৰাপত্তাৰক্ষী প্ৰদানত কঠোৰ হোৱা চৰকাৰে লোৱা সিদ্ধান্তৰ বিপৰীতে ভাস্কো ডিক নিৰাপত্তাৰক্ষী প্ৰদানৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা নীতি অনুসৰি নিশ্চয় মুখ্যমন্ত্ৰীৰো অনুমতি লৈছে। আইন শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি চৰকাৰে ঘোষণা কৰাৰ বিপৰীতে এনে পদক্ষেপে চিন্তিতও কৰি তোলে।

সোঁতৰ বিপৰীতে সাতুৰিলে বহু প্ৰত্যাহ্বান আহে। সেই প্ৰত্যাহ্বানৰ মুখা মুখি হোৱা সাহস লাগে । আনে নকৰা কিছু কাম কৰিবলৈ এতিয়া নাম আৰু ফেম নালাগে। সামাজিক মাধ্যমেই এতিয়া যথেষ্ঠ। প্ৰয়োজনত কঁপাই দিব পাৰি দিছপুৰৰ বুকু।