অসম

সাম্প্ৰদায়িকতাই কোঙা কৰিছে মানৱতাক! ৰাজনীতি জিকিছে, জনতাই হেৰুৱাইছে…

asomiyapratidin

বৰষা শৰ্মা

দেশৰ ৰাজনীতিত এতিয়া কেৱল সাম্প্ৰদায়িকতা। জাতি ভেদ ধৰ্মই কোঙা কৰিছে মানৱীয়তাক।মানৱতাৰ উৰ্ধত ধৰ্মক ৰাখি একাংশই কৰা কিছুমান মন্তব্যৰ ফল জনতাই ভুগিছে আৰু ভুগি যাব। এই ফল পৰৱৰ্তী সময়ত কিমান বিষবাষ্পৰ দৰে বিয়পিব পাৰে সেয়া হয়তো কল্পনাতীত।

বৰ্তমান সময়ত চৰ্চিত লাভ কৰিছে নপুৰ শৰ্মা আৰু নবীন কুমাৰ জিন্দালৰ বহিষ্কাৰৰ খবৰে। দুই গৰাকী নেতাক বহিষ্কাৰ কৰা হৈছে বিজেপি দলৰ পৰা। কাৰণ- সাম্প্ৰদায়িক মন্তব্য। অভিযোগ অনুসৰি দুয়োগৰাকী নেতাই প্ৰপেট মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰ পাছতেই দুয়োকে বহিষ্কাৰ কৰা হয় দলৰ পৰা।

উল্লেখ্য যে, ২৭ মে'ত নুপুৰ শৰ্মাই এটা টিভি শ্ব'ত অংশ গ্ৰহণ কৰিছিল আৰু তাতেই তেওঁ হজৰত মহম্মদক লৈ বিতৰ্কিক মন্তব্য কৰিছিল। এই অনুষ্ঠানটোত জ্ঞানবাপী মছজিদৰ ওপৰত চৰ্চা হৈছিল। এই অনুষ্ঠানটোত নুপুৰ শৰ্মাই হজৰত মহম্মদক লৈ অপমানজনক মন্তব্য কৰিছিল। নুপুৰ শৰ্মাই অভিযোগ উত্থাপন কৰি কৈছিল যে একাংশ লোকে হিন্দু সকলৰ অস্থাক আঘাত হনা মন্তব্য কৰিছে। ইয়াৰ পাছতে তেওঁ ইছলামী মান্যতাৰ কথা কয় আৰু মহম্মদক লৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰে। এই ভিডিঅ'টি টুইটাৰত ভাইৰেল হৈ পৰাৰ লগে লগে সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

তেওঁৰ এই মন্তব্যৰ পাছতেই দেশৰ বিভিন্ন স্থানত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনকি কানপুৰত দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় প্ৰায় ২০ গৰাকী আৰক্ষী জোৱান আৰু ৪০ গৰাকী সাধাৰণ লোক আহত হয়। বহুতেই তেওঁক হত্যাৰ ভাবুকি আৰু তেওঁক হত্যাৰ ওপৰত পুৰষ্কাৰো ঘোষণা কৰে সন্ত্ৰাসবাদী সংগঠনে।

ইয়াৰ পাছতেই আজি বিজেপিয়ে নুপুৰ শৰ্মাক বহিষ্কাৰ কৰে ।দলে কয় যে সকলো ধৰ্মকে দলে সন্মান দিয়ে। গতিকে কোনো ধৰ্মক কৰা অপমান সহ্য নহয়। লগতে বহিষ্কাৰ কৰা হয় নবীন কুমাৰ জিন্দালকো।

এতিয়া প্ৰশ্ন হয় দিনক দিনে কিহৰ বাবে বৃদ্ধি পাইছে সাম্প্ৰদায়িকতা। একাংশ লোকৰ কিছুমান মন্তব্যৰ ফল ভুগে জনতাই। নুপুৰ শৰ্মাৰ এই মন্তব্যৰ হয়তো প্ৰতিক্ৰিয়া পাছলৈ বহুত বেয়াকৈ পৰিব।

অৱশ্যে কেৱল হজৰত মহম্মদক বুলিয়েই নহয়। বহু সময়ত একাংশই অন্য ধৰ্মৰ অনুভূতিত আঘাত হনা পৰিলক্ষিত হয়। ধৰ্মীয় অনুভূতিত আঘাত সানিয়েই আহিছে একাংশই সেয়া লাগিলে হজৰত মহম্মদক লৈ মন্তব্য কৰিয়েই হওক অথবা শিৱ লিংগৰ ওপৰত মন্তব্য কৰিয়েই হওক।

কিন্তু এই নীচ মনোভাৱৰ লোক সকলৰ বাবে যাতনা ভুগি আহিছে সাধাৰণ জনতাই। এই সময়ত আমি কাশ্মীৰৰ হিন্দু পণ্ডিত সকলৰ কথাও উল্লেখ কৰিব লাগিব। কিছু পৰিমাণে শান্ত থকা কাশ্মীৰত পুনৰ বৃদ্ধি পাইছে অৰাজকতা। সাম্প্ৰদায়িকতা বৃদ্ধি হোৱাৰ লগে লগে মৃত্যু মুখত পৰিছে সাধাৰণ জনতা।

কাশ্মীৰত টাৰ্গেট কিলিং কৰা হৈছে। এজনৰ পাছত আনজন হিন্দু পণ্ডিত, সাধাৰণ লোকক হত্যা কৰা হৈছে। চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাত বিশ্বাস হেৰুৱাই কাশ্মীৰ উপত্যকা ত্যাগ কৰাৰ বাবে জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশলৈ পত্ৰ প্ৰেৰণৰ অনুমতি বিচাৰিছে কাশ্মীৰী পণ্ডিতে।

যেন ঘূৰি আহিছে সেই পুনৰ সেই দিন। ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছতো নাহিল শান্তি যাৰ বাবে  পুনৰাবৃত্তি ঘটিছে ৮৮ ৰ সেই নৃশংসতাৰ। ১৯৮৭ চনত বিধানসভাৰ ৰহস্যজনক নিৰ্বাচনৰ পাছতেই দেশৰ ভূ-স্বৰ্গত আৰম্ভ হৈছিল হিন্দু হত্যাৰ বিভীষিকা।

সন্ত্ৰাসবাদীৰ টাৰ্গেট কিলিঙত শেহতীয়াকৈ প্ৰাণ হেৰুৱাইছে প্ৰায় ১০-১২ জনকৈ লোকে।সন্ত্ৰাসবাদীৰ সকীয়নি- আপোনালোকক কেন্দ্ৰই যিমানেই নিৰাপত্তা নিদিয়ক কিয় মৃত্যু নিশ্চিত, যদি মৃত্যু নিবিচাৰে কাশ্মীৰ ত্যাগ কৰক।

কাশ্মীৰৰ পুনৰ অশান্তিৰ বাবে একাংশই জগৰীয়া কৰিছে কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ছবি 'দ্যা কাশ্মীৰ ফাইলচ'ক।  এই ছবিখনত দেখুওৱা হৈছিল কাশ্মীৰত হিন্দু পণ্ডিতৰ ওপৰত হোৱা নৃশংসতাৰ ভয় লগা এখন ছবি।

 কাশ্মীৰৰ সেই দিনবোৰ কলা অধ্যায়ৰ পাতত লিপিবদ্ধ হৈছে। আৰু সেই সমূহ এনে কিছুমান পৃষ্ঠা যাক মানুহে লুটিয়াই চাব নিবিচাৰে। কিয়নো সেই অধ্যায় সমূহত আছিল কেৱল হত্যা হিংসা, বিদ্বেষ, সাম্প্ৰদায়িকতা আৰু মানৱীয়তাৰ হত্যা।

কিন্তু সেই ঘা ডোঙৰ যেন শুকুৱো নাছিল। কেৱল প্ৰয়োজন আছিল এটা সুযোগৰ। কেঁচা ঘাত নিমখ দিলে পুনৰ ঘা খিনি আগৰ দৰে হৈ সজীৱ পৰাৰ নিচিনা কাশ্মীৰৰ ক্ষেত্ৰতো যেন একেই হ'ল।

চলচ্চিত্ৰ এখনে সমাজ এখন বা ব্যক্তিৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলায়। কিন্তু সেই সুযোগ গ্ৰহণ কৰিলে সন্ত্ৰাসবাদী সকলে। কাশ্মীৰী পণ্ডিত সকলৰ দুৰ্দশাৰ বিষয়টো কেন্দ্ৰীয়ভাৱে সোঁপন্থী হিন্দু সংগঠনে ৰাজনৈতিক অস্ত্ৰ হিচাপে তুলি ধৰাৰ পৰিপ্ৰেক্ষিতত পুনৰ কাশ্মীৰত হিন্দুৰ বিৰুদ্ধে বন্দুক তুলি লৈছে সন্ত্ৰাসবাদীয়ে। তেওঁলোকৰ দাবী কাশ্মীৰক আমি পেলেষ্টাইন হ'বলৈ নিদিও।

কিন্তু এইসমূহ ভূলৰে পৰিণাম ভুগিছে কাশ্মীৰে। কেৱল ইমানেই দেশৰ প্ৰতিটো ক্ষেত্ৰতেই বৃদ্ধি পাইছে সাম্প্ৰদায়িকতা। একাংশ নেতাই, ৰাজনীতিক দলে ধৰ্মক ৰাজনীতিৰ সমল হিচাপে ব্যৱহাৰ কৰি খেলি গৈছে লেতেৰা খেল।

ফল ভোগ কৰি আছে প্ৰতিটো ধৰ্মৰ লোকে। একাংশ লোকৰ এটা ধৰ্মৰ আন এটা ধৰ্মৰ প্ৰতি নোহোৱা হৈ গৈছে সন্মান শ্ৰদ্ধা। প্ৰতিটো ধৰ্মই আন এটা ধৰ্মৰ গৰিমাত আঘাত হনাৰ চলাইছে অপ্ৰাণ চেষ্টা। মানুহ কেৱল কষ্ট পাইছে, মানুহ কেৱল মৰিছে। হিংসাৰ মায়াজালত আৱদ্ধ হৈ আপোনজনৰ হেৰুৱাইছে একাংশই।

প্ৰশ্ন হয়, আধুনিকতাই স্থান লোৱা দেশত কেতিয়ালৈকে থাকিব সাম্প্ৰদায়িকতাৰ স্থান? নেতা সকলে জনতাৰ দুৰ্বলতাৰ সুযোগ লৈ খেলি যাব লেতেৰা খেল, কিন্তু তাত আমি কিমান দিনলৈ আৱদ্ধ থাকিম। জনতাই একো পোৱা নাই, এটাৰ পাছত আন এটাকৈ সকলো হেৰুৱাই। কেৱল ভাল ফল লাভ কৰিছে নেতাই। সাম্প্ৰদায়িকতাৰ বিষবাষ্পই নোহোৱা কৰাৰ চেষ্টা কৰিছে ভাতৃত্ববোধক। কিন্তু ইয়াৰ পৰা আমি ওলাই আহিব লাগিব আৰু সাম্প্ৰদায়িকতাৰ ওপৰত মানৱতাক ৰাখিব লাগিব।