অসম

‘শূণ্য হৈ গ’ল সকলো’- উচুপিছে ৰাজীৱ বৰা…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

'মই এটা দৰিদ্ৰ কৃষক পৰিয়ালত জন্ম লৈ সৰুৰেপৰাই অভাৱ অনাতনৰ মাজেৰে ডাঙৰ হৈছিলো। কোনো দিনে মই হতাশ নহৈ জীৱনত সপোন দেখিবলৈ এৰা নাছিলো। কিশোৰ কালৰ পৰাই বৰ্তমানলৈকে সপোন দেখিয়েই বহুতো উজাগৰি নিশা পাৰ কৰিছোঁ।' এয়া ৰাজীৱ বৰা নামৰ সমাজৰ আন দহজন যুৱকৰ বাবে স্বাৱলম্বীতাৰ আদৰ্শ স্বৰূপ হৈ পৰা ৰাজীৱৰ স্বীকাৰোক্তি।

অসহায় ৰাজীৱ, হাৰিছে কিন্তু হতাশ হোৱা নাই

ৰাজীৱলৈ ফোন কৰোতে প্ৰথমবাৰ ফোনটো ৰিং হৈ কাটি গৈছিল। দ্বিতীয়বাৰ কৰোতে ৰাজীৱে ধৰিলে। কিছু সময়ৰ পূৰ্বে ১২টা মৃত গাহৰি পুতি থৈ জিৰণি ল'বৰ বাবে বিছনাত বাগৰ দিছিল। ক'লে- ফাৰ্মৰ পৰা মৰা গাহৰিবোৰ পুতি থৈ ঘৰলৈ আহি গা ধুই বিছনাত পৰিছিলো।

ৰাজীৱৰ অস্থিৰতা আৰু মানসিক অৱস্থাৰ কথা বুজি পাইছিলোঁ। আকাশ খনেই যেন ভাঙি পৰিছে ৰাজীৱৰ মূৰত। জীৱনৰ সকলো কষ্ট কেইটামান মুহুৰ্তৰ ভিতৰতে চাৰখাৰ হোৱা ৰাজীৱৰ মাতত ফুটি উঠিছিল সেই দুঃসময়ৰ বেদনা।

সপোনবোৰ এইদৰেই পুতিবলগা হৈছে ৰাজীৱে…

ৰাজীৱ বৰা গহপুৰৰ এক পৰিচিত নাম। কৃষি আৰু পশু পালনেৰে প্ৰতিষ্ঠা লাভ কৰাসকলৰ ভিতৰত ৰাজীৱ বৰাও আছিল অন্যতম। কি কৰা নাই ৰাজীৱ বৰাই স্বাৱলম্বী হোৱাৰ বাবে। ২০০৩ চনতেই ব্ৰয়লাৰ পালনেৰে আৰু আন কৃষি কৰ্মৰে ৰাজীৱ বৰাই আৰম্ভ কৰিছিল নিজক প্ৰতিষ্ঠা কৰাৰ দৌৰ। ভীষণ কষ্ট কৰি পৰা ৰাজীৱ বৰাই কামৰ বাহিৰে আন একোৱেই যেন চিনি নাপায়। পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ৰাজীৱ বৰাই ব্ৰয়লাৰ পালন কৰি লাভৰ মুখ দেখিছিল ২০১১ত।

গাহৰী ফাৰ্মত ৰাজীৱ বৰা

বিশ্বনাথ জিলাৰ গহপুৰৰ পশ্চিম ঘাগৰা গাঁৱত ৰাজীৱ বৰাই আৰম্ভ কৰা এই কৃষি তথা ব্ৰয়লাৰ পালনৰ জৰিয়তে ২০১১ চনৰ পৰা কিছু লাভৰ মুখ দেখিছিল। ২০১৮ চনলৈকে তেওঁ ব্ৰয়লাৰ পালনৰ জৰিয়তে লাভ কৰা ধনেৰে ক্ৰয় কৰিছিল ২০ বিঘা মাটি। সপোন দেখি ভাল পোৱা ৰাজীৱ বৰাই সদায় লৈ ফুৰিছিল ন ন পৰিকল্পনা। সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ সমৰ্থ হৈছিল তেওঁ। ৰাজীৱ বৰাৰ ভাষাত- '২০০৩ চনৰ পৰাই অধিক পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই অৰ্জন কৰা পইচা আৰু বেংকৰ পৰা লোৱা ধাৰেৰে গাহৰি পামখন গঢ়ি তুলিছিলো।'

ভাল দিনৰ কিছু দৃশ্য

জমা ধন আৰু বেংকৰ পৰা লোৱা ১০ লাখ টকাৰ ঋণেৰে তেওঁ গঢ়ি তুলিছিল 'পথাৰ এগ্ৰ'ভেট' নামৰ ফাৰ্মখন। এই সংমিশ্ৰিত ফাৰ্মখনত মীন পালন, ছাগলী পালন, খেতি লগতে আছিল বিশেষ ভাৱে উন্নত প্ৰজাতিৰ গাহৰী। সুদূৰ পাঞ্জাৱৰ পৰা ২০১৯ চনৰ মাৰ্চত ৰাজীৱে আনিছিল ৪০ টাকৈ উন্নত প্ৰজাতিৰ গাহৰী। ইয়ৰ্ক ছেয়াৰ( YORK SHARE) এই প্ৰজাতিৰ একোটা গাহৰীৰ মূল্য আছিল ২৮ হাজাৰ টকা।

পাঞ্জাৱৰ পুলা জেনেটিকৰ পৰা অনা এই গাহৰী কেইটাই ৰাজীৱ বৰাৰ পশু পালন আৰু কৃষি ক্ষেত্ৰখনলৈ আনিছিল পৰিৱৰ্তন। নিজেই কষ্ট কৰাৰ লগতে আন দুজন মানুহকো তেওঁ দিছিল সংস্থাপন। প্ৰথমে লকডাউনৰ প্ৰভাৱ, আন্তঃজিলা যানবাহন বন্ধ হৈ যোৱাৰ ফলত লগতে লকডাউনৰ বাবে দোকান পোহাৰ বন্ধ হোৱাত গাহৰী ফাৰ্মখনত নিয়মীয়া বিক্ৰী বন্ধ হৈ পৰিছিল।

ছাগলী পালনত ব্যস্ত ৰাজীৱ বৰা

লকডাউনৰ সময়ছোৱাত গাহৰীবোৰক দানা খুৱাবলৈকে বেংকৰ পৰা লোন আৰু আন লোকৰ ওচৰতো হাত পাতিব লগা হৈছিল তেওঁ। কিয়নো প্ৰতিদিনেই গাহৰী বোৰক দানা খুওৱাৰ নামত ২ ৰ পৰা ২.৫ বেগ দানা লাগে। প্ৰতিদিনে ইয়াৰ বাবদ তেওঁ ব্যয় কৰিব লগা হৈছিল প্ৰায় ৩৫০০ টকাকৈ। লকডাুনৰ সময়ছোৱাত ইয়াৰ লগতেই ৪ লাখ মান টকা ব্যয় হৈছিল তেওঁৰ। যাৰ বাবে বেংকৰ পৰা ২ লাখ টকা ঋণ ল'ব লগা হৈছিল তেওঁ।

ৰাজীৱ বৰাই ভাৱিছিল লকডাউন খুলিলেই পৰিস্থিতি ঠিক হ'লেই এই গাহৰীবোৰ বিক্ৰী কৰি সকলোবোৰ ধাৰ ঋণ মাৰিব । ভাল দিন আকৌ ঘূৰি আহিব। পোৱালী বিক্ৰী কৰাৰ লগতে গাহৰী বিক্ৰী কৰি তেওঁ মাহে লাখ টকাকৈ উপাৰ্জন কৰিছিল লকডাউনৰ আগত। একো একোটা মতা গাহৰীৰ ওজন ১৬০ ৰপৰা ১৮০ কিঃ গ্ৰামলৈকে হয়। মাইকী গাহৰীৰো ওজন ৮০ ৰপৰা ১২০ কিঃগ্ৰামৰ কম নহয়।

ভবাৰ মতেই সকলো নহ'ল…

১ আগষ্ট ২০২০। ৰাজীৱ বৰাই লক্ষ্য কৰিছিল তেওঁৰ ফাৰ্মত থকা গাহৰীবোৰ অসুস্থ হৈ পৰিছে। জ্বৰত আক্ৰান্ত হোৱাৰ লগতেই গাহৰীবোৰৰ ৰং কিছু সলনি হোৱাৰ লগতে দানা খাবলৈ এৰি দিছে। তাৰ পাছত ভীষণ জ্বৰ আৰু নাকেৰে তেজ ওলাই মৃত্যুক সাৱটি ল'লে এটাৰ পাছত আনটো গাহৰীয়ে। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা অসমত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰ সদৃশ লক্ষণত যোৱা সাত দিনত ৰাজীৱ বৰাৰ ৭২ টা গাহৰীৰ মৃত্যু হ'ল। যি কেইটা গাহৰীৰ মূল্য ১০-১২ লাখৰো কম নহ'ব।

মৃত গাহৰীবোৰ পুতি থকা মুহুৰ্তত…

সাধাৰণতে গাহৰী ক্লাছিকেল ছোৱাইন ফিভাৰ আৰু আফ্ৰিকান ছোৱাইন পিভাৰত আক্ৰান্ত হয়। ক্লাছিকেল ছোৱাইন ফিভাৰত গাহৰীৰ মৃত্যু হ'লে ৬০ শতাংশ গাহৰী বচাব পাৰি। কিন্তু আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হ'লে সমগ্ৰ গাহৰী ফাৰ্মখনেই উছন হৈ যায়।

সেই কথা ৰাজীৱ বৰাই ইতিমধ্যে উপলব্ধি কৰিছে। তেওঁ ক'লে- 'যি ধৰণেৰে গাহৰীবোৰ মৃত্যু হৈছে সেয়া আফ্ৰিকান ছোৱাইন ফিভাৰ যেনেই লাগিছে। পশু পালন বিভাগক খবৰ দিছিলো আহি তেওঁলোকে ছেম্পল লৈ গৈছে। সেইবোৰ বাহিৰলৈ পৰীক্ষাৰ বাবে পঠাব।'

ইয়াৰ ফলাফল অহালৈকে হয়তু ৰাজীৱ বৰাৰ ফাৰ্মত গাহৰীয়েই নাথাকিব। ৰাজীৱ বৰাই ক'লে- কৰিব লগা একো নাই। বাকী কেইটা গাহৰী ঠিকে আছে যদিও কোন মুহুৰ্তত আক্ৰান্ত হয় একো ক'ব নোৱাৰে। প্ৰথমে নাকেৰে পানী আৰু পিছত দানা খাবলৈ এৰি দিয়া গাহৰীবোৰৰ ভীষণ জ্বৰ উঠে। মই তেনে এজনী গাহৰীৰ উষ্ণতা জুখি চাইছিলো। ১০৬ ডিগ্ৰীলৈকে হৈছে। তাৰ পাছতেই নাকেৰে তেজ ওলাই গাহৰীবোৰ মৰি যায়।

কোৰোনাৰ পাছত আন এক প্ৰত্যাহ্বান

ৰাজীৱ বৰাই বুজি উঠিছে ফাৰ্মখন শূণ্য হৈ যাব। ২০১১ ৰ পৰা যিমান টকা ঘটিছিল আৰু যি কষ্ট কৰিছিল সেয়া শূণ্য হোৱাৰ দিশে। জীৱনলৈ বহুতো ঘাট-প্ৰতিঘাট আহিছে কিন্তু এনে প্ৰত্যাহ্বান অহা নাছিল।

ৰাজ্যত আছে এটা পশুপালন বিভাগ। ধেমাজী, শিৱসাগৰ, লখিমপুৰ আদি অঞ্চলত ইতিমধ্যেই সেই স্থানত থকা ফাৰ্মবোৰত গাহৰী মৰি নিঃশেষ হৈছে। কিয় পশুপালন বিভাগে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ এই ৰোগ সংক্ৰমন ৰোধ কৰিব নাৱোৰিলে সেয়াও এক ডাঙৰ প্ৰশ্ন।

ৰাজীৱ বৰাৰ দৰেই গাহৰী পালকসকলে এতিয়া লাভ আশা বাদ দি ধাৰ ঋণ লৈ পোহা গাহৰীবোৰ পুতি চকু পানী টুকিব লগা হৈছে। সেয়া কিমান বেদনা দায়ক সেই কথা কেতিয়া বুজিব পশু পালন বিভাগ তথা চৰকাৰে। যি বিশ বিঘা মাটিত সংমিশ্ৰিত খেতিৰে স্বাৱলম্বনৰ পথ মুকলি কৰাৰ কথা ভাৱিছিল সেই ফাৰ্মতে এতিয়া ৰাজীৱ বৰাৰ দৰে অনেক জনে মৃত গাহৰীবোৰ পুতিব লগা হৈছে।

ৰাজীৱ বৰাৰ নিছিনাকৈ ৰাজ্যৰ গাহৰী পালকসকল ভাগৰি পৰিছে। ন-ন অঞ্চললৈ এই ৰোগ বিয়পিয়েই আছে।মাটি বন্ধকত দি টকা আনিও লকডাউনৰ সময়ত গাহৰীৰ দানা কিনিছিল তেওঁ। এতিয়া সেই সকলোবোৰ হুমুনিয়াহ হৈ চিন্তাৰ অধিৰ সাগৰত বুৰ গৈছে ৰাজীৱ বৰাৰ দৰে অনেকজন। নাই নেকি চৰকাৰ একো দায়িত্ব। স্বাৱলম্বনৰ বাবে চৰকাৰ এটা টকাৰো সহায় নোপোৱা এইসকল দুৰ্ভগীয়া পশুপালকৰ বাবে এতিয়াও চৰকাৰে কৰিব নোৱাৰেনে একো এটা?