অসম

এসপ্তাহৰ পূৰ্বেই ৰেডিচন ব্লুত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বাবে বুক কৰা হৈছিল কোঠা…

asomiyapratidin

গুৱাহাটীত চলিছে মন্ত্ৰনা। মহাৰাষ্ট্ৰত হ'ব বিজেপিৰ চৰকাৰ। আঁৰত কোন? কিয় আস্তাবল ৰূপত গঢ়ি তোলা হ'ল ৰেডিচন ব্লুক? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

ঘনে ঘনে সলনি হৈছে মহাৰাষ্ট্ৰৰ পৰা অহা বিসম্বাদী বিধায়কসকলক লৈ কৰা ৰণনীতি। যিকোনো মুহূৰ্ততে বিসম্বাদী বিধায়কসকলক মণিপুৰৰ ইম্ফললৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে বুলি বিজেপিৰ সূত্ৰতে প্ৰকাশ। ইফালে বানত ডুবি থকা ৰাজ্যখনত এনেদৰে মহাৰাষ্ট্ৰৰ বিসম্বাদক লৈ অভিকেন্দ্ৰ ৰূপে গঢ়ি তোলাত বিভিন্ন ৰাজনৈতিক দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, মাৰাঠী জাতীয়তাবাদক লৈ বিজেপিয়ে চূড়ান্ত ষড়যন্ত্ৰ ৰচিছে। আনহাতে তেওঁ বৰ্নাত্য ৰাইজক সহায় কৰাৰ সলনি শাসকীয় দলটো বিধায়ক-মন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী এই ভাঙা-পতাৰ ৰাজনীতিত ব্যস্ত থকাৰ কাৰ্যক দুৰ্ভাজ্যজনক আখ্যা দিয়ে।

ঘোঁৰাৰ আস্তাবল ৰূপে গুৱাহাটীক গঢ়ি তোলা বুলিও আক্ষেপ কৰে লুৰিণ জ্যোতি গগৈয়ে। গণতন্ত্ৰৰ প্ৰতি এয়া প্ৰত্যাহ্বান বুলি উল্লেখ কৰে তেওঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই গুৱাহাটীত শিৱসেনাৰ বিধায়কক ৰাজ আতিথ্য দিয়া কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

বৰ্তমানলৈকে গুৱাহাটীত ৪২ জন শিৱসেনা আৰু তেওঁলোকৰ সমৰ্থিত নিৰ্দলীয় বিধায়কে বাহৰ পাতি আছে। বিসম্বাদী বিধায়কসকলক নেতৃত্ব দিয়া একনাথ সিন্দেৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৈঠকো অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে তেনে সম্ভাৱনা নাকচ কৰি মহাৰাষ্ট্ৰ বিসম্বাদী কেইবাজনো পৰিচিত বিধায়কক লগ কৰিব বুলি জানিব দিয়ে।

বিসম্বাদী বিধায়কসকলৰো এখন গুৰুত্বপূৰ্ণ বৈঠক কিছু সময়ৰ পিছতে আৰম্ভ হ'ব। এই ৰাজনৈতিক সংকটৰ মাজতে উদ্ধব ঠাকৰেৰ পুত্ৰ আদিত্য ঠাকৰেৰ টুইটাৰ প্ৰফাইলৰ পৰা মন্ত্ৰীৰ পদবী আঁতৰাই দিছে। সেই দৃষ্টিৰে মহাৰাষ্ট্ৰৰ চৰকাৰ ভংগ হোৱাৰ ইংগিত বহন কৰিছে।

আন এক সূত্ৰই জানিব দিয়া মতে এয়া আছিল পূৰ্ব পৰিকল্পিত। ৰেডিচন ব্লু হোটেলৰ কোঠা এসপ্তাহৰ পূৰ্বেই সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত বুক কৰা হৈছিল। এনেকৈয়ে এতিয়া মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰেৰ চৰকাৰ ভাঙিবলৈ গুৱাহাটীৰ পৰা চলিছে ব্যাপক তৎপৰতা।

২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হ'ব ১৪৫ জন বিধায়কৰ সমৰ্থন। সেই নম্বৰ এতিয়া বিজেপিৰ পক্ষত থকাটো স্পষ্ট হৈ পৰিছে।