অসম

উপ-নিৰ্বাচনঃ এইবাৰো এক নহ’ল বিৰোধী

asomiyapratidin

ৰাজ্যত অনুষ্ঠিত হ'ব ৬ টা বিধানসবা সমষ্টিৰ উপ-নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ইতিমধ্যে এই সমষ্টিৰ বাবে বিজেপি, কংগ্ৰেছ, ৰাইজৰ দলে ঘোষণা কৰিছে প্ৰাৰ্থী। ইয়াৰ মাজতে ৰাজনৈতিক দল বোৰৰ মাজত মিত্ৰতাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক। এই সকলোবোৰ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

নিৰ্বাচন আহিলে ৰাজনৈতিক দল বোৰৰ মাজত তৎপৰতা বৃদ্ধি পায়। কোন কাৰ বন্ধু, কোন কাৰ শত্ৰু হৈ পৰে সেইয়া ভগৱানেও নাজানে। ২০২১ ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত লুৰিণ জ্যোতি গগৈয়ে ঘোষণা কৰিছিল বিজেপিৰ দৰে তেওঁৰ দলে কংগ্ৰেছৰ পৰাও সমদূৰত্বত থাকিব। অসমৰ ৰাইজেও ইয়াকে বিশ্বাস কৰিছিল।

নিৰ্বাচন পাৰ হৈ গ'ল। পৰিস্থিতি ক্ৰমে ৬ টা সমষ্টিৰ আকৌ উপ-নিৰ্বাচনৰ পৰেৱশ সৃষ্টি হ'ল। এইবাৰ কিন্তু পূৰ্বৰ দৰেই কংগ্ৰেছৰ পৰা সমদূৰত্ব বজাই ৰখাৰ প্ৰতিশ্ৰুতি লুৰিণ জ্যোতি গগৈ বা তেওঁৰ দলৰ ক্ষেত্ৰত দেখা নগ'ল। কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ দুৱাৰত টোকৰ মাৰিছিল ৰাইজৰ দলেও। দিল্লীলৈ গৈও অখিল গগৈয়ে নিজৰ দৃষ্টি-ভঙ্গী অনুসৰি কংগ্ৰেছৰ সৈতে দৰ-দাম কৰাৰ চেষ্টা কৰিছিল।

পিছে সেই প্ৰচেষ্টা সফল নহ'ল। নতুনকৈ দায়িত্ব লোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ কাষত বহি সংবাদ মেল সম্বোধন কৰাৰ সুযোগ লুৰিণ জ্যোতি গগৈলৈহে আহিল। এই কথা চৰ্চা হৈ আছিল যে অখিল গগৈতকৈ কংগ্ৰেছৰ একাংশ নেতাই লুৰিণ জ্যোতি গগৈৰ সৈতে মিত্ৰতাৰ পক্ষত থিয় দিছিল। অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে যি দৰ-দাম কৰিছিল সেই দৰ-দামৰ উত্তৰ নোলাল।

উপ-নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি প্ৰাৰ্থীও ঘোষণা কৰিলে। ৰাইজৰ দলৰ বিপৰীতে অসম জাতীয় পৰিষদলৈ বন্ধুত্বৰ হাত মেলি দি মাজুলী সমষ্টি তেওঁলোকলৈ এৰিলে। শেহতীয়াকৈ কংগ্ৰেছে বিজেপি মিত্ৰযোটৰ সৈতে যুঁজিবলৈ তেওঁলোকে প্ৰতিদ্বন্দীতা কৰিবলগীয়া প্ৰায়বোৰ সমষ্টিৰেই প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে।

ৰাইজে বিচাৰিছিল থাওৰা সমষ্টি। কিন্তু কংগ্ৰেছ নাচোৰবান্দা। থাওৰা সমষ্টিত ৰাইজৰ দলক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতেই বিৰোধীৰ ঐক্যবদ্ধ যুঁজৰ সম্ভাৱনাৰ অন্ত পৰিল। থাওৰাত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব মনোৰঞ্জন কোঁৱৰ। তামুলপুৰত ভাস্কৰ দাহাল, গোসাইগাঁৱত জুৱেল টুডুক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছে। উফ-নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া আন দুটা সমষ্টি ক্ৰমে মৰিয়নিত লুহীত কোঁৱৰক আৰু ভৱানীপুৰত চৈলেন্দ্ৰ কুমাৰ দাসক কেংগ্ৰেছে প্ৰাৰ্থিত্ব দিব।

পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য কোঁৱৰ। মিত্ৰতাৰ আলোচনাৰ সময়ত থাওৰা সমষ্টি ৰাইজৰ দলে বিচাৰিলেও কংগ্ৰেছে তেওঁলোকক ভৱানীপুৰ সমষ্টিটোহে এৰি দিবলৈ খুজিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মতে মিত্ৰতাৰ সন্দৰ্ভত ৰাইজৰ দলেহে তেওঁলোকক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ৰাইজৰ দলে থাওৰা সমষ্টি বিচাৰিছিল যদিও কংগ্ৰেছে তেওঁলোকক দিব বিচাৰিছিল ভৱানীপুৰ সমষ্টি। পিছে ৰাইজৰ দলে সেই সমষ্টি ল'ব নুখুজিলে। দেখা পোৱা যায় যে এই মিত্ৰতা কেন্দ্ৰিক আলোচনাৰ মাজতে অখিল গগৈয়ে কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰি দলটোক নিৰ্বাচনত উচিত শিক্ষা দিয়াৰ হুমকিও প্ৰদান কৰিছিল। তেনে পৰিৱেশ, পৰিস্থিতি অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত মিত্ৰতা কেন্দ্ৰিক আলোচনাৰ পৰিৱেশ কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা নকৰাৰ পূৰ্বেই অন্ত পৰিছিল।

ভূপেন বৰাৰ স্পষ্ট কথা আমি ভৱানীপুৰ আসনখন ৰাইজৰ দলক দিছিলো। তেওঁলোকে নালাগে বুলি ক'লে এতিয়া আমি প্ৰাৰ্থী দিছো। ইয়াৰ পাছত যদি, কিন্তুৰ প্ৰশ্ন নাই। এবাৰ ছোনীয়া গান্ধীয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত সেইয়া সলনি নহয়।

ইফালে বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ভৱানীপুৰ সমষ্টিৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী ভাস্কৰ দাহালে মনোনয়ন পত্ৰ দাখিল কৰে। মোনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ভাস্কৰ দাহালক সংগ দিয়ে বিৰোধী দলপতি তথা কংগ্ৰেছ এম এল এ দেৱব্ৰত শইকীয়াই।

৭ অক্টোবৰ বৃহস্পতিবাৰেই ৰাজ্যিক নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি জাৰি কেতবোৰ নীতি নিয়ন। সেই অনুসৰি উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ'ব ভোট গ্ৰহণ। ভোট গ্ৰহণৰ সময়ত কোভিড-১৯ ৰ কঠোৰ বিধি মানি চলা হ'ব।সকলোৱে কোভিড-১৯ৰ বিধি মানি চলিব লাগিব।

উপ-নিৰ্বাচনৰ বাবে যিসকল প্ৰাৰ্থিয়ে মনোনয়ন দাখিল কৰিব তেওঁলোকে মনোনয়ন দাখিলৰ সময়ত সমদল বা ৰাজহুৱা সভা কৰিব নোৱাৰিব।ইয়াৰোপৰি নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভৱন বা তেনেধনৰণ বন্ধ স্থানত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মুঠ আসনৰ বিপৰীতে ৩০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব।

কোনো প্ৰাৰ্থিয়ে ৰ'ড শ্ব' কৰিব নোৱাৰিব। বাইক, চাইকেল আদিৰ ৰেলী নিষিদ্ধ। ঘৰে ঘৰে অতি বেছি ৫ জন লোকে প্ৰচাৰ চলাব পাৰিব। ভোট গ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে প্ৰচাৰ কাৰ্য সামৰিব লাগিব।ভোটাৰে ভোট গ্ৰহণ কেন্দ্ৰলৈ মাস্ক পৰিধান কৰি আহিব লাগিব।

কোনো ব্যক্তিয়ে মাস্ক পৰিধান নকৰিলে নিৰ্বাচন আয়োগে মাস্ক যোগান ধৰিব। নিশা ৭ বজাৰ পৰা পুৱা ১০ বজালৈ কোনেও প্ৰচাৰ কৰিব নোৱাৰিব। যিবোৰ ভোট কেন্দ্ৰত ১০০০ ৰ অধিক ভোটাৰ থাকিলে অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব।