অসম

আজি অসম গ্ৰন্থমেলাত জলবায়ু সংক্ৰান্তীয় বিশেষ আলোচনা চক্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সম্পৰ্কিত বিষয়বোৰে সম্প্ৰতি সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰবোৰত সৰ্বাধিক গুৰুত্ব লাভ কৰিছে। লগতে শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী (ক্লাই-ফাই)- সমূহো সাংঘাটিকভাৱে জনপ্ৰিয় হৈ উঠিছে।

জলবায়ু পৰিৱৰ্তনৰ বিবিধ বিষয়ক কেন্দ্ৰ কৰি ৰচনা হৈ থকা জলবায়ু পৰিৱৰ্তনৰ কল্প-কাহিনীসমূহ (ক্লাই-ফাই)-ৰ বিষয়ে অসমতো আলোচনা-বিলোচনা আৰম্ভ হৈছে। এই ধাৰাটোলৈ ভাৰতীয় লেখক-ঔপন্যাসিকসকলে কেনে ধৰণৰ অৱদান আগবঢ়াইছে, সেই বিষয়ে সবিশেষ আলোচনা কৰিবলৈ চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত সম্প্ৰতি অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা (গুৱাহাটী)-ৰ জোনাকী সভাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৪ জানুৱাৰীত দিনৰ ৩ বজাৰপৰা “জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী (ক্লাই-ফাই): সাহিত্যত গোলকীয় উষ্ণতাৰ প্ৰতিনিধিত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ ভৱিষ্যতৰ কল্পনা” শীৰ্ষক এখনি পেনেল আলোচনাচক্ৰৰ অনুষ্ঠিত হ'ব।

গুৱাহাটীস্থ চেণ্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যন (চিইচিএএফ) আৰু কটন বিশ্ববিদ্যালয়ৰ আন্তঃশাখা জলবায়ু গৱেষণা কেন্দ্ৰ (আইচিআৰচি)-ৰ যৌথ উদ্যোগত আয়োজন কৰিছে এই আলোচনাচক্ৰখন। ইয়াত পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰিব প্ৰসিদ্ধ সমালোচক-লেখক-অনুবাদক প্ৰদীপ আচাৰ্য, জলবায়ু-বিজ্ঞানী আৰু বিজ্ঞান-লেখক ড°ৰাহুল মহন্ত, বিশিষ্ট ঔপন্যাসিক-চিকিৎসক ডা° নন্দিতা দেৱী, লেখক-সমালোচক-অনুবাদক-অধ্যাপক ড°ৰাখী কলিতা মৰল, লেখক-অনুবাদক-অধ্যাপক ড°মেৰী বৰুৱা আৰু গল্পকাৰ-লেখক-অধ্যাপক জুৰি বৰুৱাই । এই আলোচনাচক্ৰখনৰ আঁত ধৰিব লেখক-গৱেষক আৰু পৰিৱেশকৰ্মী ড° বিজয় কৃষ্ণ চেতিয়াই ।

জলবায়ু কল্পকাহিনীৰ লেখকসকলে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কিয় লিখে, ডিষ্ট’পিয়াৰ উপ-ধাৰাটোৱে জলবায়ু পৰিৱৰ্তন আৰু সম্ভাৱ্য নগৰীয়া ভৱিষ্যতক কিমান ফলপ্ৰসূভাৱে প্ৰতিনিধিত্ব কৰে, জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাজহুৱা কথোপকথনৰ বাবে ভাৰতীয় লেখকসকলে কেনেধৰণেৰে আগবাঢ়ি আহিছে, সেই বিষয়সমূহ সম্পৰ্কে পেনেলিষ্টসকলে এই পেনেল আলোচনাচক্ৰত আলোচনা আগবঢ়াব । ইচ্ছুক ব্যক্তিসকলে পেনেল আলোচনাচক্ৰখনৰ বিষয়ে সবিশেষ জানিবলৈ চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যনৰ সঞ্চালক ড° কমল কুমাৰ তাঁতীৰ সৈতে ৮২৫৭০৬৭২৯৭ নম্বৰত অথবা ইমেইলযোগে (ceacaindia@gmail.com) যোগাযোগ কৰিব পাৰিব ।

আৰু পঢ়ক: গোলাঘাটৰ কমাৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা