অসম

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান….

asomiyapratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ আজি গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ দ্বাৰা পৰিবেশিত "জিলিকাব লুইতৰে পাৰ" শীৰ্ষক সমবেত সংগীতেৰে শুভাৰম্ভ হয় এই অনুষ্ঠান।

সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া গোপাল দাসে আতঁ ধৰা সভাৰ সভাপতিত্ব কৰে সন্থাৰ স্থায়ী সভাপতি দীপাংকৰ দাসে। সন্থাৰ শিক্ষা সম্পাদক প্রবীন দাসে আদৰণী ভাষন আগবঢ়োৱা সভাত সন্থাৰ দৃষ্টীভংগী ব্যখ্যা কৰে৷ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা সভাত সন্থাৰ ডিব্ৰুগৰ বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় গোটেও অংশগ্ৰহণ কৰে।

প্ৰায় তিনি শতাধিক কৃতিমান ছাত্র ছাত্রীক সম্বর্ধনা জ্ঞাপন কৰা সভাত গুৱাহাটী বিশ্বদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতা আৰু আই.আই.টি, গুৱাহাটীৰ গণিত বিভাগৰ (ৰেংলাৰ) অধ্যাপক ড° অনুপম শ‍ইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তেওঁলোকৰ বক্তব্য প্ৰদান কৰে। ইয়াৰোপৰি অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা সঞ্চালক ড° হৰেন্দ্ৰ চন্দ্ৰ দাস, মহিলা ক্রীকেট খেলুৱৈ মণীষা দাসৰ লগতে বিষ্ণু জ্যোতি দাস, তাৰিণী চৰণ দাস, ডম্বৰুধৰ দাসকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি কৃতিমান ছাত্র ছাত্রী সকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে৷

এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত অনুসূচিত জাতিৰ যি সকল ছাত্র-ছাত্রীয়ে বিশেষ কৃতিত্বৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকক উৎসাহ যোগোৱাৰ লগতে মানৱ সম্পদৰূপে সমাজ জীৱনত আদৰ্শগত আৰু যোগাত্মক ধ্যান ধাৰণাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ উদ্দেশ্য আহত ৰাখিয়ে এই অনুস্থানৰ আয়োজন কৰা হৈছে বুলি সন্থাৰ নেতৃত্বই ব্যক্ত কৰিছে।