অসম

দালালৰাজ!

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

দালালৰাজ! দালাল নাই ক'ত? এই মধ্যভোগীয়ে কেতিয়াবা আমাক ব্যতিব্যস্ত কৰি তোলে। দালালৰ কৱলত পৰা লোকে বুজি পাই কেনেদৰে অতি কৌশলেৰে তেওঁলোকে তেওঁলোকৰ ভাগ লৈ কোনো কামক জটিল কৰি নিজেই সমাধান কৰি দিয়ে। ৰাজ্যত এতিয়া চোকে-কোণে দালালৰাজ বুলি পাৰি। কিছুদিনৰ পূৰ্বে কিডনী চোৰাং ব্যৱসায়ৰে জড়িত এক দালাল চক্ৰ মৰিগাঁৱত উৎখাত কৰাহৈছিল।

আন কামৰ ক্ষেত্ৰতো দালালৰ প্ৰকোপ আৰু প্ৰভাৱ সদায় আছে। পৰিবহন বিভাগত দালালৰ দপদপনিৰ কথা মানুহে জানে। সাধাৰণ কাম এটাৰ বাবে গ'লেও এই জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় সমূহত প্রথমে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সলনি দালালৰহে সন্মুখীন হ'ব লগা হয়। বিনা পইচাই কৰিব পৰা কামটো দালালে টকাৰ বিনিময়ত কৰি দিয়ে।

আজি জীৱন যাত্ৰাত দালাল বা মধ্যভোগী মানুহৰ দৈনন্দিন কৰ্মকাজৰ অংশ হৈ পৰিছে। তেওঁলোকৰ প্ৰভাৱ ইমান শক্তিশালী যে কোনেও এই সকল লোকক আওকাণ কৰিব নোৱাৰে। ইয়াৰ সুবিধা গ্ৰহণ কৰি সেই দালাল চক্ৰই বিভিন্ন কাৰ্যালয়ত বিভিন্ন কামত নিজৰ মুনাফা আদায় কৰে। ঘৰ বেচা কিনা কৰাৰ ক্ষেত্ৰতো দালালৰ প্ৰভাৱ আছে।

কোনোবাই বিক্ৰী কৰিব খোজা ঘৰ এটা খা-খবৰ দালালে সংগ্ৰহ কৰি আন এজন গ্ৰাহকক সেই খবৰ বা ঘৰৰ মালিকৰ সৈতে দাম-দৰ ঠিক কৰি দি শতাংশৰ হাৰত বহু লোকে এইখন ৰাজ্যতে উপাৰ্জন কৰি আছে। ৰিয়েল ষ্টেট বিজনেছৰ নামত এনেদৰে বছৰী কোটি কোটি টকা এই দালাল চক্ৰৰ হাতলৈ যায়।

হৰ্ষদ মেহতাৰ নাম প্ৰথম পোহৰলৈ আহিছিল ষ্টাম্প পেপাৰ কেলেংকাৰীক লৈ। প্ৰকৃতাৰ্থত তেওঁ আছিল এজন দালাল। মাটি বেচা কিনা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কিমান দালাল সৃষ্টি হৈছিল সেই হিচাপ চৰকাৰৰ হাততো নাই। সুযোগ পালেই এই বৃত্তিত ভৰি দিয়ে এচামে। আৰু কিছু সংখ্যক লোক মাটি বেচা কিনাৰ এই প্ৰক্ৰিয়াৰ সৈতে এনেদৰে সোমাই পৰে যে সকলো কথা তেওঁলোকৰ নখদৰ্পনত থাকে।

চৰকাৰী বিষয়াক তেওঁলোকে মেনেজ কৰিব পাৰে। মাটিৰ কাম কাজত মণ্ডলৰ ভূমিকা অতিকৈ বেছি। সেই মণ্ডলো এই দালালসকলৰ চাবি দিয়া পুতলা হোৱাই নহয় , কিছু কিছু ৰাজহ চক্ৰ বিষয়াও বা আন উচ্চপদস্থ বিষয়াও তেওঁলোকৰ কব্জাত থাকে। সেয়েহে মাটিৰ কাম কৰাৰ জটিলতা গ্ৰাহক বা মাটিৰ বিক্ৰেতাই নিজেই কৰাৰ সলনি দালাল চক্ৰৰ জৰিয়তে কৰিবলৈ বাধ্য হয়।

শেহতীয়াকৈ ৰাজ্যত মাটিৰ দালাল অৰ্থাৎ ভূমাফিয়াৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলিল। চৌদিশে এই অভিযানক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰক্ষীয়ে মাটিৰ দালাল সকলক স্থানীয় থানাৰ জৰিয়তে আটক কৰি আনি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰেই এই বাৰ্তা দিবলৈ চেষ্টা কৰিছে যে দালালৰাজৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী।

এক প্ৰকাৰৰ সেই মাটিৰ দালাল চক্ৰক চৰকাৰী ভাৱে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা বুলিও বহুতে সমালোচনা কৰিছে। দালালৰ বিৰুদ্ধে কেৱল পদক্ষেপ গ্ৰহণ কৰিলেই ৰাজহ বিভাগৰ সংস্কাৰ সম্ভৱ নহয়। দালালৰাজক শেষ হয়তো কেতিয়াও কৰিব নোৱাৰে! কিন্তু দালালৰ প্ৰকোপ হ্ৰাস কৰিবলৈ চৰকাৰৰ এনে পদক্ষেপৰ প্ৰয়োজন নিশ্চয় আছিল।

ঠিকা আৱন্টনৰ ক্ষেত্ৰতো ৰাজনৈতিক আশীৰ্বাদপুষ্ট এচাম লোকে দালালৰ ভূমিকা পালন কৰে। তেওঁলোক মুলতঃ শাসকীয় দলৰ নেতা-পালিনেতা হয়। সেই সকলে কোনো মন্ত্ৰী বা চৰকাৰৰ ক্ষমতাশালী পদবীত থকা লোকৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবে ইয়াৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন ঠিকাদাৰক কাম আৱন্টন কৰি দি শতকৰা হাৰত কমিছন লয়।

এনে দালালৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। চাকৰি ক্ষেত্ৰতো এচাম দালালৰ ভূমিকা মন কৰিব লগা। এই দালালবোৰে চাকৰিৰ প্ৰাৰ্থীক বিভিন্ন প্ৰলোভনেৰে ধনৰ বিনিময়ত চাকৰি প্ৰদানৰ নিশ্চয়তা দিয়ে। তেনে দালালৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা লোকৰ উদাহৰণো কম নহয়। এছ আই কেলেংকাৰীৰ সময়ত তেনে বহু কেইগৰাকী দালাল ধৰা পৰিছিল। য'ত শাসকীয় দলৰ নেতা তথা আৰক্ষীৰ উচ্চপদস্থ বিষয়াও এক প্ৰকাৰৰ দালালৰ ভূমিকাই গ্ৰহণ কৰিছিল।

দালালৰ কোনো শ্ৰেণী নাই। যিকোনো লোকে যিকোনো পৰিস্থিতিত দালালৰ ভূমিকা পালন কৰিব পাৰে। কিছু সংখ্যকে অতি কৌশলেৰে আঁৰত থাকি এই ভূমিকা পালন কৰে। মানুহৰ দৃষ্টিত তেওঁলোকক একো একোজন বিয়াগোম নেতা হ'লেও একোজন দালালে কৰা কামেই তেওঁলোকে কৰে। দালাল আচলতে নাই ক'ত?

অসমৰ ৰাজনীতিতো দালাল আছে। ইয়াৰ বাবেই অসমৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ উদাহৰণ বহুত। ৰাজনীতিত দালালি কৰা তথাকথিত লোকসকলে বিভিন্ন ৰাজনৈতিক দলৰ মাজত সোমাই প্ৰয়োজন অনুসৰি বিধায়কক বা নেতাক নিজৰ দললৈ আনে। ইয়াৰ বিনিময়ত তেওঁলোকে লাভ কৰে কমিছনৰ দৰেই কিছু সা-সুবিধা।

ৰাজ্যসভা নিৰ্বাচনৰ সময়ত সেই সময়ত শাসকীয় কংগ্ৰেছ দলৰ হৈ ভোটদান কৰিবলৈ বিৰোধী তথা আন দলৰ বিধায়কক নিজৰ গাড়ীৰে লৈ অহা দৃশ্য অসমৰ ৰাইজে নিশ্চয় পাহৰা নাই। পৰাজয় হ'ব লগা আসনখনতো কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ সক্ষম হৈছিল এই পন্থাৰে। ইয়াক ৰাজনৈতিক দালালি বুলি নিশ্চয় আখ্যা দিব পাৰি।

শেহতীয়াকৈ দল বাগৰা ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা মাহ চেৰেক নৌহওঁতেই নিজ দলক এৰি শাসকীয় দললৈ ঢাপলি মেলা বিধায়কসকলকো ৰাজনৈতিক দালাল আখ্যা নিদি কি বুলিব পাৰি? তেওঁলোকে কিহৰ স্বাৰ্থত জনসাধাৰণে দিয়া ৰায়ৰ বিপৰীতে শাসকীয় তথা ক্ষমতাশালী পক্ষৰ হৈ অৱস্থান ল'ব লগা হৈছে তাক যদি সুক্ষ্মভাৱে বিশ্লেষণ কৰা যায় তেনেহ'লে তাতো দালালৰ উপস্থিতি ধৰা পৰে।

ৰাজনীতিত এই দালালি এক সুস্থ বাতাবৰণৰ পৰিপন্থী। গণতান্ত্ৰিক প্ৰমূল্যবোধত ই চৰম আঘাত। তেনে ৰাজনৈতিক দালালি আনুষ্ঠানিক স্বীকৃতি নাথাকিলেও তেওঁলোকৰ স্থিতি আৰু অৱস্থানে এক সুবিধাবাদৰ পক্ষত অৱ্স্থান লোৱা লোকৰ আঁৰৰ মুখ খুলি দিয়ে। দালালৰাজৰ বিৰুদ্ধে চলা এই অভিযানৰ সময়ত তেনেবোৰ প্ৰেক্ষাপটো বিচাৰ কৰিব লাগিব।

দালাল অৰ্থাৎ মধ্যভোগীয়ে আমাৰ জীৱন ছানি ধৰিছে। ভিন্ন ৰূপত থকা পৰজীৱি ৰূপী এই দালাল শ্ৰেণীয়ে স্বভাৱিক কাম-কাজত বাধা জন্মাইছে। কেৱল দেখি থকা সকলেই দালাল নহয়। আঁৰত ৰৈ বিভিন্ন পন্থাৰে দালালি কৰা দালাল সকলকো নাকি লগাবৰ সময় হৈছে। চৰকাৰে ভূমাফিয়াৰ বিৰুদ্ধে বা মাটি দালালৰ বিপৰীতে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ দৰেই সাধাৰণ লোকক অতিষ্ঠ কৰা সকলো শ্ৰেণীৰ দালালৰ বিৰুদ্ধে সতৰ্কবাণী দিয়াৰ প্ৰয়োজন আৰু প্ৰমূল্যবোধৰ মাজত সেই অৱস্থান নিজেও ল'ব লাগিব।

দালাল নিপাত যাওঁক। সকলো দালালৰ দালালামী অন্ত পৰক। কেৱল ভূমাফিয়া কিয়, ৰাজনীতিৰ পৰা আৰম্ভ কৰি আন চৰকাৰী কাৰ্যালয়ত সক্ৰিয় হৈ থকা দালালৰ বিৰুদ্ধেও চৰকাৰে কঠোৰ ভূমিকা পালন কৰক। আনকি ক্ষমতাৰ হস্তগত কৰা ৰাজনৈতিক দলসমূহ আৰু নেতায়ো বিভিন্ন কাৰণত সৃষ্টি কৰা ৰাজনৈতিক দালালৰো ভূমিকা অন্ত পেলাই এক মূল্যবোধৰ ৰাজনীতিৰ পাতনি মেলক।

ক্ষমতাত থকাৰ সময়ত ক্ষমতাশালী দলটোৰ মঞ্চলৈ যোৱা এচাম ৰাজনৈতিক নেতাৰ উদ্দেশ্য কেৱল ক্ষমতা। তেওঁলোকে জনপ্ৰতিনিধি হোৱাৰ বিপীৰতে শাসকীয় দলৰ অংশ হৈ বিভিন্ন স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এনে পদক্ষেপ লয়। ভূমাফিয়া ৰূপে পৰিচিত লোকেও কিহৰ বাবে শাসকীয় দলৰ শৰণাপন্ন আৰু শাসকীয় দলৰ তেওঁলোকক কিয় ৰাজনৈতিক আশ্ৰয় দিছে সেই কথাও এতিয়া আলোচনাত চলিছে.।

দালাল প্ৰতীকি অৰ্থত এক বিশাল ক্ষেত্ৰ সামৰি থকা শব্দ। ইয়াক কেৱল ভূমাফিয়া , চাকৰিৰ দালাল, কাম আৱন্টনৰ বাবে কৰা দালালি আদিৰে সামৰি থব নোৱাৰি। চৰকাৰী কাৰ্যালয়সমূহত কামৰ বাবে যোৱা লোকসকলে প্ৰত্যক্ষভাৱে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সৈতে কিয় যোগাযোগ কৰিব নোৱাৰে। কি স্বাৰ্থত তেওঁলোকে এই দালালক পৃষ্ঠপোষকতা কৰে সেয়া বুজাই জানো কোৱাৰ প্ৰয়োজন?

শেষ নহ'লেও দালালৰাজৰ প্ৰকোপ হ্ৰাস কৰিবলৈ চৰকাৰে পালন কৰা কঠোৰ পদক্ষেপে মানুহৰ পৰা আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হ'ব যদিহে সেই চেনী খোৱা কাহিনীৰ দৰে নিজেই চেনী নাখাই আনক চেনী নাখাবলৈ উপদেশ দিব। অন্যথাই সেইবোৰ ভেকোভাওনা হৈ পৰিব। মাটিৰ ক্ষেত্ৰত দালাল চক্ৰৰ প্ৰয়োভৰ অতি বেছি হৈছিল। কিন্তু আনবোৰ দালালৰো প্ৰকোপ লাহে লাহে বাঢ়ি গৈয়ে আছে।

এই মধ্যভোগী শ্ৰেণীটোক উৎখাত কৰিব নোৱাৰিলেও নিয়ন্ত্ৰণ কৰি সৰ্বসাধাৰণক ইয়াৰ পৰা ৰক্ষা কৰিব পাৰিলেই এক সুস্থ আৰু নিকা প্ৰশাসনো গঢ় লৈ উঠিব। আন্তৰিকতাৰ লগতে নিষ্ঠাৰে এই কাম কৰিব লাগিব। আঁতৰত থকা দালালৰ লগতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ চকুৰ সন্মুখত দেখি থকা ভিন্ন ৰূপী দালালসকললৈও কঠোৰ বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়োজন হৈ পৰিছে।