অসম

মেট্ৰিকত কলংকৰ দাগ!

asomiyapratidin

ৰাজৰ্ষি চহৰীয়া

নম্বৰ লোভী হৈছে অভিভাৱক। ইয়াৰ সুযোগ গ্ৰহণ কৰিছে একাংশ বিষয়া-কৰ্মচাৰীয়ে। কোভিডৰ বাবে সৃষ্টি হোৱা পৰিৱেশত এতিয়া ঘৰবন্দী ৰাজ্যৰ শিক্ষাৰ্থী। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ প্ৰাকমুহূৰ্তত সৃষ্টি হৈছে নতুন বিতৰ্ক। ধনৰ বিনিময়ত অধিক নম্বৰ দিয়াৰ টোপত সমগ্ৰ শিক্ষা ব্যৱস্থা আকৌ এবাৰ অবিশ্বাস্যতাৰ ফালে ঠেলি দিছে।

এজন দুজন নহয়, কেইবাজনো শিক্ষানুষ্ঠানৰ মুৰব্বী এই সন্দেহৰ আওতাত সোমাই পৰাৰ পাছত সমগ্ৰ ফলাফলৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্নৰ আঙুলি উঠিছে। লাখ টকাৰ বিনিময়ত ৰিজাৰ্ট ভাল কৰি দিয়াৰ এনে কেলেংকাৰীয়ে এতিয়া মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বিবুধিত পেলাইছে। কেইদিনমানৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সদ্য অপসাৰিত অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে সমগ্ৰ পৰীক্ষাৰ ফলাফলক লৈ যি উদ্বিগ্নতা আৰু অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগক যেন মান্যতা প্ৰদান কৰিছে এনে অভিযোগে।

মেট্ৰিকৰ উত্তৰ বহী গৰুৱে খোৱাৰ দৰে ঘটনা সংঘঠিত হোৱা এইখন অসমত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত চৰ্চালৈ অহা শেহতীয়া খবৰে ৰাজ্যবাসীক আচৰিত কৰি তুলিছে। কেইটামান টকাৰ বিনিময়ত মেট্ৰিকত অধিক নম্বৰ দিয়া টোপত বন্দী শিক্ষক-অভিভাৱকসকলে এটা কথা বুজা উচিত যে নম্বৰ কেন্দ্ৰিক এই প্ৰবণতাই ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক চিন্তা-চেতনাৰ পৰা আঁতৰাই ৰাখি কেৱল নম্বৰ সৰ্বচ্চ এক ব্যৱস্থাৰ মাজত অৱস্থান ল'বলৈ বাধ্য কৰাইছে।

কিছুদিনৰ পূৰ্বে হাইস্কুলৰ এগৰাকী প্ৰধান শিক্ষকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এই কথা আক্ষেপেৰে ব্যক্ত কৰিছিল যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নম্বৰ কেন্দ্ৰিক এক কেলেংকাৰী সংঘটিত হ'ব। কেনেদৰে এই কেলেংকাৰী সংঘটিত হ'ব তাৰো বৰ্ণনা দিছিল। সেই সময়ত কোভিড সৃষ্ট পৰিৱেশৰ মাজত প্ৰকৃত মূল্যায়ন নহ'লেও ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালী খেলিব পৰা এনে কাম অন্ততঃ শিক্ষক বা এই প্ৰক্ৰিয়াৰে জড়িত কোনো কৰ্মচাৰীয়ে নকৰিব বুলিয়েই ভবা হৈছিল।

সেই অনুমান আৰু সম্ভাৱনাক সঁচা প্ৰমাণিত কৰি কামৰূপৰ বিদ্যালয় পৰিদৰ্শক, ছেবাৰ সমন্বয়ক সহ কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষকক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰ কেন্দ্ৰিক কেলেংকাৰীৰ সন্দৰ্ভত আটক কৰা ঘটনাই প্ৰমাণ কৰি দিলে যে ধনৰ বাবে যিকোনো কাম হ'ব পাৰে। দুৰ্নীতিৰ বিৰুদ্ধে , অনিয়মৰ বিৰুদ্ধে এই চৰকাৰ কঠোৰ হোৱা বুলি ঘোষণা কৰাৰ পাছতো এনে অভিযোগ উত্থাপন হোৱাতো চৰম দুৰ্ভাগ্যজনক কথা।

কোৰোনা মহামাৰীয়ে প্ৰায় দুটা বছৰ বিদ্যালয়সমূহৰ শ্ৰেণী কোঠা বন্ধ কৰি ৰাখিছে। এইবাৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নোহোৱাত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ-ছাত্ৰীসকলক কিধৰণে উত্তীৰ্ণ কৰা হ'ব তাক লৈ দুখনকৈ কমিটী গঠন কৰা হৈছিল। সেই দুয়োখন কমিটীৰ প্ৰতিবেদনৰ আধাৰত আৰু ৰাজ্যৰ দল-সংগঠনৰ সহযোগত গ্ৰহণ কৰা এক নীতিৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকলৈ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে যাৱতীয় নীতি-নিৰ্দেশনা জাৰি কৰা হৈছিল। এই পৰীক্ষাৰ ফলাফলৰ পদ্ধতিক লৈ যথেষ্ট বিতৰ্কৰ শোচনা হোৱাৰ পাছত ইয়াৰ এক সৰ্বগ্ৰহণ যোগ্য নহ'লেও সমাধানৰ উপায় নিৰূপন কৰা হৈছিল। কিন্তু এই সমাধান সূত্ৰতো বেমেজালি হোৱাৰ এতিয়া সন্দেহ উদ্ভৱ হৈছে।

শিক্ষাক বিক্ৰী কৰা এনে ঘটনাই হয়তো পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ হোৱাত সহায় কৰিব, কিন্তু ইয়াৰ দ্বাৰা জীৱনৰ বাকীবোৰ জটিল পৰীক্ষাত এই শিক্ষাৰ্থীসকলে কেনেকৈ উত্তীৰ্ণ হ'ব সেয়াও এক ডাঙৰ প্ৰশ্ন। পৰীক্ষা অনুষ্ঠিত কৰা হয় এজন পৰীক্ষাৰ্থী বা ছাত্ৰ তথা ছাত্ৰীৰ বছৰটোত কি পঢ়িলে বা নিজৰ পাঠ্যক্ৰম কিমান বুজিলে তাকে চাবলৈ। কোৰোনাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলেও গোট পৰীক্ষা বা আনবোৰ পৰীক্ষাৰ ভিত্তিতে নম্বৰ দিয়া হ'ব। যিবোৰ ছাত্ৰ-ছাত্ৰী প্ৰকৃতাৰ্থত উত্তীৰ্ণ হোৱাৰ যোগ্য তেওঁলোকহে উত্তীৰ্ণ হোৱাতো প্ৰয়োজন।

টকাৰ বিনিময়ত পূৰ্বে চাকৰি কিনা-বেচাৰ বহু খবৰ পাই অহা হৈছে যদিও এইবাৰ সম্ভৱত প্ৰথমবাৰলৈ নম্বৰ ক্ৰয় কৰা হৈছে ধনৰ জোৰত। যি কোনো পধ্যেই শুদ্ধ হ'ব নোৱাৰে। অভিভাৱকসকলেও এই কথা বুজা ভাল যে, নিজৰ সন্তানক ভালদৰে পঢ়া-শুনা কৰি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ উৎসাহিত কৰিব লাগে, এনেদৰে পিচ দুৱাৰেদি পৰীক্ষাত আজি যদি ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকসকলে উত্তীৰ্ণ কৰাবলৈ চেষ্টা কৰে, তেন্তে এই পৰীক্ষাৰ্থীসকলেও জীৱনত এনে বক্ৰপথৰে সকলো কাম সমাধানৰ চেষ্টা চলাব। যিহেতু ছাত্ৰ-ছাত্ৰীসকল এখন সমাজ তথা দেশৰ ভৱিষ্যৎ, সেয়েহে দেশৰ ভৱিষ্যতক দুই নম্বৰী বা ভুল পথেৰে আগুৱাই যোৱাৰ দিহা-পৰামৰ্শ বা উদাহৰণ খোদ অভিভাৱকসকলে দিব নালাগে।