অসম

অসমৰ মুখ্যমন্ত্ৰী কোন? শপত লৈয়ে চিনাকি কৰি দিলে প্ৰমোদ বড়োৱে…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

বাৰু, ভুলতে হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী । বডোফা নগৰৰ গ্ৰীন ফিল্ডত আয়োজিত শপত গ্ৰহন অনুষ্ঠানত বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী ৰূপে শপত ল'লে প্ৰমোদ বড়োৱে । উগ্ৰ বড়ো জাতীয়তাবাদত এসময়দত বিশ্বাসী প্ৰমোদ বড়ো বিজেপিৰ চাবি দিয়া পুতলাত পৰিনত নহওক সেয়া সকলোৱে কামনা কৰিছে ।

তেওঁৰ নেতৃত্বত গঠিত এই নতুন পৰিষদে হাগ্ৰামা মহিলাৰীৰ দিনত সংঘটিত দুৰ্নীতিৰ অৱসান ঘটাই এক সবল আৰু স্বচ্ছ প্ৰকাশন বিটিচি বাসীক দিব বুলিয়েই সকলোৱে বিশ্বাস ৰাখিছে । ছাত্ৰ সংগঠনক নেতৃত্ব দি ৰাজনৈতিক ক্ষেত্ৰত পদাৰ্পন কৰা প্ৰমোদ বড়োৰ সন্মুখত কেইবাটাও অগ্নি পৰীক্ষা আছে ।

ক্ষমতাৰ স্বাৰ্থত দিছপুৰৰ ওচৰত শিৰনত কৰাৰ সলনি স্বাৰ্থৰ ৰক্ষা আৰু অধিকাৰৰ প্ৰশ্নত দিছপুৰক ৰঙা চকু দেখুৱাব পাৰিবনে প্ৰমোদ বড়োৱে? হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰ বিটিএডিত শাসন চলাইছিল। সেই শাসনত ইতিবাচক-নেতিবাচক দুয়ো দিশ লুকাই আছে।

গাওঁ পৰ্যায়ত সংঘটিত হোৱা দুৰ্নীতি নিৰ্মূল কৰিবৰ বাবে প্ৰমোদ বড়োৱে সবল পদক্ষেপ ল'ব লাগিব। নহ'লে বিপিএফৰ দৰে ইউপিপিএলৰ তৃণমূুল পৰ্যায়ৰ কৰ্মী-নেতাৰ জৰিয়তে সংঘটিত দুৰ্নীতিয়ে তেওঁকো ছানি ধৰিবলৈ বৰ বেছি প্ৰয়োজন নহ'ব।

এইবাৰ বিটিচি নিৰ্বাচনত বিপিএফৰ বিৰুদ্ধে এনে প্ৰতিষ্ঠান বিৰোধী ঢৌ ওদালগুৰি, বাক্সাত দেখিবলৈ পোৱা গৈছিল। বিটিচিত বাস কৰা অবড়ো লোকসকলৰ সুৰক্ষা, স্বাৰ্থ বিঘ্নিত হ'লে তাত কাম কৰা চাকৰীয়াল সকলৰ পৰা দাবী-ধমকিৰে ধন আদায় বা আন কৌশলৰে এক সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰিলে প্ৰমোদ বড়োৱেই তাৰ দায়িত্ব ল'ব লাগিব।

এইবোৰ সাধাৰণ প্ৰত্যাহ্বান। আহি থকা দিনসমূহত প্ৰমোদ বড়োৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় হ'ব বিজেপি। সাম্প্ৰদায়িক বুলি চৰ্চিত বিজেপিয়ে হাগ্ৰামা মহিলাৰীক বিপদৰ সময়ত সংগী কৰি ক্ষমতা দখলৰ পাছত কি দশা কৰিছে সেয়া প্ৰমোদ বড়োৱে আগতীয়াকৈয়ে জানি -বুজি থোৱা ভাল।

কিয়নো বালিলৈ যি পাত শৰ, সুগ্ৰীবলৈও একেপাত শৰেই বিজেপিয়ে নিক্ষেপ কৰিব। বিধানসভা নিৰ্বাচনত প্ৰমোদ বড়ো বা ইউপিপিএলৰ জৰিয়তে বিজেপিৰ বিধায়ক নিৰ্বাচিত কৰাই আনি প্ৰয়োজনত প্ৰমোদ বড়োকো দিছপুৰ-দিল্লীয়ে গতা দিবলৈ কিমান পৰ লাগিব?

বিজেপিৰ এই অগ্ৰাসন বিটিচিৰ বাবে বৰ সুখকৰ নহ'ব যেনেই বোধ হয়। বিটিচি গঠনত ৯জনকৈ পাৰিষদ থকাৰ পাছতো বিজেপিয়ে উপ মুখ্য কাৰ্যবাহী আৰু মুখ্য কাৰ্যবাহী পদ নিবিচাৰি এনেয়ে শাসনৰ অংশীদাৰ হ'বলৈ যোৱা নাই।

প্রথমে ত্যাগ আৰু পিছত সকলোখিনি সুদে-মূলে বাহিৰ কৰাৰ মন্ত্ৰ বিজেপিয়ে জানে। তথাপিও কওঁ- বিটিচিত পৰিৱৰ্তনৰ এক জোঁৱাৰ উঠিছিল। সেই পৰিৱৰ্তনৰ জোঁৱাৰত চূৰ্ণ-বিচূৰ্ণ হৈ নগ'লেও ক্ষমতাৰ পৰা বাহিৰ হ'ল বিপিএফ।

হাগ্ৰামা মহিলাৰী শাসন ওৰ পৰিল। কিন্তু কিমান দিনলৈ সেই প্রশ্ন ৰৈ গ'ল। এনে স্বায়ত্ত শাসিত পৰিষদত দল ত্যাগ, নতুন পাৰিষদক কিনা বেচা কৰা প্ৰায়ে দেখা যায়। ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদত, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদত তেনে বহু নজিৰ আছে।

প্ৰমোদ বড়োৱে শপত লৈয়ে যি ভাষণ দিলে সেই বক্তব্যত তেওঁ আত্মবিশ্বাস, দৃঢ়তা আছে। কিন্তু তাৰ মাজতেই আন এক দিশো উন্মোচিত হৈছে। এই শাসনৰ বাবে তেওঁ বিজেপিৰ শৰণাপন্ন হোৱা আৰু বিজেপিৰ নেতৃত্বই তেওঁক যি ধৰণে ঘেৰি মন্ত্ৰণা দিয়াৰ পৰিৱেশ ৰচনা কৰিছে, আচলতে বিটিচি বিজেপিৰ একাংশ নেতা-মন্ত্ৰীৰ ইছাৰাতেই পৰিচালিত হোৱাৰ সম্ভাৱনা বেছি।

অন্যথা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ অজুহাতত প্ৰমোদ বড়োক ৰাজনৈতিক ব্লেকমেইল কৰাৰ সম্পূৰ্ণ সুযোগ বিজেপিয়ে হাতৰ মুঠিত ৰাখিছে। বিটিএডিত উন্নয়নৰ বাবে যথেষ্ট ধন আহে। সেই ধন ঠিকাদাৰ আৰু একাংশ নিৰ্বাচিত প্ৰতিনিধিয়ে মাজতেই কাঢ়ি নিয়ে।

সেই প্ৰৱনতা বিটিচিৰ পৰিৱৰ্তন বিচৰা প্ৰগতিশীল নেতাসকলে অন্ত পেলাব লাগিব। শপত গ্ৰহণ অনুষ্ঠানত লক্ষণীয়ভাৱে প্ৰমোদ বড়োৱে অসমৰ মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰাতো আন এক গুৰুত্বপূৰ্ণ দিশ।

ভুলতেই ক'লেও তেওঁৰ মন-মগজুত হিমন্ত বিশ্ব শৰ্মা এনেদৰে সোমাই আছে যে, মুখ্যমন্ত্ৰীৰ নাম উল্লেখ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী বুলি কৈ তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নাম ক'লে। দেখা পোৱা গৈছিল এই ভুলক লৈ প্ৰতিক্ৰিয়া হোৱাৰ পাছত প্ৰমোদ বড়োৱে অতি কৌশলেৰে নিজৰ ভুল স্বীকাৰ নকৰি মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত 'আৰু' শব্দটো থাকি যোৱাৰ বাবে এনে ভুল হোৱা বুলি যুক্তি দৰ্শালে।

প্ৰমোদ বড়োৰ ভাষণ যিসকলে শুনিছে বা যিটো ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে তাত 'আৰু' শব্দৰ উপস্থিতি বা ভুলকৈ ৰৈ যোৱা কোনো অৱকাশ দেখা পোৱা নাযায়। কাৰণ তেওঁ স্বতঃস্ফূৰ্তভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰিছে।

বিটিচিত পৰিষদ গঠনৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা শত্ৰুৱেও শলাগিবলগীয়া। সেই বিচ্ছক্ষণতাৰে যেনেকৈয়ে নহওঁক ইউপিপিএলৰ হাতত শাসনৰ ভাৰ তুলি দিয়া পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰণাতেই ৰচনা হৈছিল।

অসমৰ কিং মেকাৰ বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাই বিটিচিত নিজৰ বিফলতা এনেদৰে ঢাকি থলে যে বাস্তৱত সকলোৱে ক'বলৈ বাধ্য হ'ল- কথা দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিলে। কোৱাৰ দৰেই তেওঁ বিটিচিত বিজেপিক পৰিষদৰ শাসনলৈ আনিলে।

ইমানতেই এই ৰাজনৈতিক উদ্দেশ্য আৰু লক্ষ্য পূৰণ হোৱা নাই। ইয়াৰ পাছতো আন কিছু সমীকৰণ লুকাই আছে। চৰ্চা হৈছিল নেডাৰ এখন সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁৰে একালৰ বন্ধু হাগ্ৰামা মহিলাৰীয়ে ২০২১ত পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে সৰ্বানন্দ সোণোৱালক বিচৰা কথা কৈছিল।

সেই দৃঢ়তা আৰু পোনপটীয়া কথাৰ বাবেই হাগ্ৰামা মহিলাৰীৰ নাম হিমন্ত বিশ্ব শৰ্মাৰ 'বেড বুক'ত উঠিল। কিন্তু হাগ্ৰামাই কৰা সেই ভুল প্ৰমোদ বড়োৱে নকৰিলে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী ৰূপে শপত লৈ প্ৰমোদ বড়োৱে হিমন্ত বিশ্ব শৰ্মাক ভুলতে হ'লেও মুখ্যমন্ত্ৰী কৰি দিলে।

বিজেপিৰ কেইবাজনো মন্ত্ৰী-বিধায়কে যোৱা কিছুদিন ধৰি বাস্তৱত মুখ্যমন্ত্ৰী কৰিব নোৱাৰিলেও ভুলতে মুখ্যমন্ত্ৰী পাতি আহিছে হিমন্ত বিশ্ব শৰ্মাক। এইবাৰ প্ৰমোদ বড়োৱেও তেনে ভুলেৰেই মুখ্যমন্ত্ৰী পাতিলে হিমন্ত বিশ্বক।

ৰাজনীতিত কোনো আপোন-পৰ নাই। ৰাজনীতিৰ সমীকৰণ সমীকৰণ এ প্লাছ বি হ'ল স্কুৱাৰৰ দৰে সূত্ৰত আৱদ্ধ নহয়। সময়, পৰিৱেশ আৰু ইচ্ছা-অনিচ্ছাৰ ওপৰত এই সমীকৰণৰ উত্তৰ ওলায়। কেতিয়াবা আপোন বুলি ভবা জনো আঁতৰি যায়, শত্ৰুৰেও বন্ধুত্বৰ আলিংগনেৰে শাসনৰ সহযোগী হয়। ৰাজনীতিত মুল কথা ক্ষমতা।

প্ৰমোদ বড়োৱে দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰিব লাগিব। নিবনুৱা সমস্যা, নিৰাপত্তাকে ধৰি বড়ো জাতিৰ সৰ্বাংগিন বিকাশৰ বাবে ৰাইজে প্ৰমোদ বড়োক এই দায়িত্ব অৰ্পণ কৰিছে। জনতা জনাৰ্দনে যি ৰায়ে নিদিয়ক, সেই ৰায় ক্ষমতালৈ সলনি কৰিব পৰা জনেই জয়ী বুলি ক'ব পাৰি।

বিপিএফে দাবী কৰিছে একক সংখ্যাগৰিষ্ঠ দল হিচাপে ৰাজভৱনে তেওঁলোকক পৰিষদ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা উচিত আছিল। ইয়াৰ বিৰুদ্ধে আইন আদালতৰ কাষ চপাৰ কথাও সদৰি কৰিছে। সেই দৃষ্টিকোণেৰে বিটিচিত প্ৰমোদ বড়োৰ নতুন পৰিষদৰ বৈধ্যতা আদালতৰ মজিয়াতো নিৰূপন হোৱাৰ আন এক পৰিৱেশ সৃষ্টি হ'লেও আচৰিত হ'ব লগা নাই।

ক্ষমতাৰ লোভত সকলো অন্ধ। বিপক্ষত থাকোতে দেখা অভিযোগ, কেলেংকাৰী ক্ষমতালৈ অহাৰ পাছত উপযুক্ত তদন্তৰে দোষীক শাস্তি দিয়াৰ দায়িত্বও থাকে শাসকৰ হাতত। আশা কৰা হৈছে প্ৰমোদ বড়োৱে চকু-মুখ বন্ধ নকৰি বিজেপিক সহযোগী ৰূপে লৈয়ে বড়োভূমিত এক নতুন দিগন্তৰ সূচনা কৰিব পাৰিব।

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বড়ো ভূমিলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছিল। শাসক গোষ্ঠীৰ বাওঁ হাতৰ পুতলা হৈ নাচি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে বড়ো ভূমিত ভাতৃঘাতিৰ সংঘৰ্ষৰ ৰণস্থলীলৈ পৰিণত কৰাৰ সলনি দৃঢ়তাৰে এক বিকাশমুখী যাত্ৰাৰ নেতৃত্ব দিয়ক প্ৰমোদ বড়োৱে । নহ'লে পৰিৱৰ্তন অথলে যাব, প্ৰমোদ বড়োৰ অংগিকাৰ মিছা হ'ব। নাঙলৰ পাছত ট্ৰেক্টৰ আৰু শেষত গৈ পদুম ফুলে জাতিষ্কাৰ হৈ পৰিব বিটিচিত।