অসম

মানুহ কি হৈ গৈছে…

asomiyapratidin

তুষাৰ প্ৰতীম

মানুহৰ সম্পৰ্কবোৰ থুনুকা হৈ গৈছে। ক'ৰবাত মানুহ নামৰ জীৱবিধ যেন হেৰাইছে। চৌদিশৰ ঘটনাবোৰ চালে এনে অনুভৱ হয়। মানুহৰ মানৱীয় আৰু শাশ্বত সম্বন্ধবোৰত এতিয়া অবিশ্বাস আৰু প্ৰতাৰণাৰ ছাঁ। কাক বিশ্বাস কৰিব কোনে? ভোগবাদী মানসিকতাত অন্ধ হৈ পৰি মানুহে যেন পাহৰি পেলাইছে জন্ম আৰু মৃত্যুৰ মাজৰ কেইটামান দিনৰ বাবেহে আমি এই পৃথিৱীৰ আলহী।

মৰম-আন্তৰিকতা এতিয়া মূল্যহীন। মহানগৰীৰ বেলতলাৰ চন্দননগৰৰ সেই ঘৰটোত মানুহৰ ভিৰ। ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাক নৃশংসভাৱে হত্যা কৰা ঘটনাই বহু বৃদ্ধ লোকৰ মনত শংকা ঘনীভূত হৈছে। অতি বিশ্বাসী বুলি ভবা জনৰ ওপৰতো যেন সন্দেহৰ ভাব এটাই আহি খুন্দা মাৰিছেহি।

কেৱল শিল, বালি , চিমেন্ট , ইটাৰে এখন ঘৰ সাজিব নোৱাৰি। আমি ঘৰ বুলি ভবা এই সংজ্ঞা এতিয়া কায়িক অৰ্থতহে ৰৈছেগৈ। দুজনী ছোৱালীৰে এইখন ঘৰ এদিন ভৰি আছিল। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ অৱসৰপ্ৰাপ্ত সঞ্চালক আছিল ননী গোপাল বৰুৱা। শিক্ষয়িত্ৰী আছিল তেওঁৰ পত্নী।

এজনৰ বয়স ৮৬ আৰু আনগৰাকীৰ বয়স ৭৬ বছৰ। ২৬ অক্টোবৰৰ পুৱা শোৱাপাটীতেই তেওঁলোক দুয়োৰে মৃতদেহ উদ্ধাৰ হৈছিল। অকলশৰীয়াকৈ থকা এই বৃদ্ধ দম্পতীক কোনে হত্যা কৰিলে সেয়া এতিয়া ৰহস্য হৈ থকা নাই। আৰক্ষীয়ে পুংখানুপুংখ ভাৱে চলোৱা অনুসন্ধানত ঘাতক ৰূপত পোহৰলৈ আহিল মৰম আৰু বিশ্বাসেৰে বুকুত আঁকোৱালি লোৱা আকাশ চৌধুৰী নামৰ কেয়াৰ টেকাৰ গৰাকীৰ নাম।

কিয় সন্দেহ হৈছিল আকাশ চৌধুৰীলৈ। এখন সুন্দৰ নাটক ৰচিছিল আকাশে। ২০ বছৰৰো অধিক কাল এই পৰিয়ালটোৰ সৈতে আছিল আকাশ আৰু তেওঁৰ পত্নী পুতু দাস। আকাশ আছিল বৃত্তিত এগৰাকী অট' চালক। পুতু দাসৰ সৈতে বিবাহৰ সূত্ৰে ঘৰখনৰ সৈতে সম্বন্ধ স্থাপন হৈছিল আকাশৰ। কিয়নো আকাশতকৈ পুতু দাস এই পৰিয়ালটোৰ সৈতে আগৰ সম্পৰ্ক আছিল।

দায়িত্ব পালন কৰিছিল বৰুৱা দম্পতীয়ে। আকাশ আৰু পুতু দাসৰ কথা ভাবি তেওঁলোকে বাস কৰা ঘৰটোৰ সমীপতে এটা সৰু ঘৰত থাকিবলৈ দিছিল। আনকি তেওঁলোকৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুওৱা দায়িত্ব লৈছিল ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাই। সেই মৰমকো আকাশে চাৰখাৰ কৰি পেলালে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি শীতল মস্তিষ্কৰে পিছ ফালৰ দুৱাৰ খুলি ঘৰৰ ভিতৰত সোমাইছিল আকাশ। দুয়োকে নিচাজাতীয় দ্ৰব্য খুওৱাই অচেতন কৰি পটাৰ গুটিৰে থেতেলিয়াই হত্যা কৰিছিল ককা – আইতা বুলি মতা মানুহ হালক। চিচিটিভি ফুটেজত পোহৰলৈ অহা তথ্য অনুসৰি আন দুই একেও তেওঁক সহায়-সহযোগ কৰিছিল।

কিয় হত্যা কৰা হ'ল এই বৃদ্ধ দম্পতীক? দুই কন্যা বিবাহৰ পাছত ক্ৰমে লণ্ডন আৰু মুম্বাইত থাকে। সেই সূত্ৰে কেয়াৰ টেকাৰ ৰূপত থকা আকাশ আৰু পুতুৱেই আছিল তেওঁলোকৰ আপোন। প্ৰতিটো মুহূৰ্তৰ আকাশ-পুতুৱে নিঃসংগ ককা-আইতাক সংগ দিছিল। ঘৰৰ কাম-বন , ৰন্ধন-প্ৰকৰণ সকলো কৰিছিল।

ঘটনাক ডকাইতি ৰূপ দিবলৈ চেষ্টা কৰিলেও ফৰেনছিকৰ পৰীক্ষাত ঘৰটোৰ ভিতৰত আকাশৰ ফিংগাৰপ্ৰীন্ট উদ্ধাৰ, যিখন গ্ৰীল খুলি দুৰ্বৃত্ত সোমাইছে বুলি আকাশে প্ৰমাণ কৰিব খুজিছিল সেইখন গ্ৰীল ভিতৰ ফালৰ পৰা খোলাৰ প্ৰমাণ ইতিমধ্যে আৰক্ষীয়ে পালে। তাতোতকৈ ডাঙৰ কথাটো হ'ল ডকাইতে ঘৰৰ কোনো সম্পত্তি নিয়া নাছিল।

কেৱল মাটিৰ নথিপত্ৰ থকা আলমীৰাটোহে লক্ষ্য আছিল এই দুৰ্বৃত্তৰ। মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীক খবৰ দিছিল আকাশেই। কেনেকৈ তেওঁ সেই মৃতদেহ দুটা দেখিছিল তাৰ বৰ্ণনাও দিছিল। কিন্তু সেইবোৰ বিশ্বাসযোগ্য নাছিল। শেষ মুহূৰ্তলৈকে আকাশ নামৰ এই কেয়াৰ টেকাৰজনে স্বীকাৰ কৰা নাই যে এই অপৰাধ তেওঁ সংঘটিত কৰিছে।

মাটিৰ লোভত কোনো ভূমাফিয়া চক্ৰৰে মিলি আকাশ নামৰ কেয়াৰ টেকাৰটোৱে এই হত্যাকাণ্ড সংঘটিত কৰাটো প্ৰায় নিশ্চিত হৈছে। সেই দৃষ্টিভংগীৰে তদন্ত আগবঢ়াই নিছে আৰক্ষীয়ে। মহানগৰীত সংঘটিত এই ঘটনাই এখন ছবি উদঙাই দিছে। পিতৃ-মাতৃক এনেদৰে বৃদ্ধ অৱস্থাত কোনোবা কেয়াৰ টেকাৰ বা বিশ্বাসী লোকৰ হাতত এৰি দিয়াৰ পৰিণাম কি হ'ব পাৰে।

অভিজাত্যৰ নামত আমি জীৱনকে হেৰুৱাইছো। জীৱনৰ বহ্নিবেলাত এখন ভৰা ঘৰ সকলোৱে কামনা কৰে। যি ঘৰত সুখ-শান্তি আৰু প্ৰাণোচ্চল এক পৰিৱেশে বিৰাজ কৰিলে তাতেই যেন স্বৰ্গৰ সুখ পায়। জীৱনৰ অন্তিম সময়খিনিত নাতি-নাতিনী, পুত্ৰ-বোৱাৰীৰে মিলি সময় অতিবাহিত কৰিব খোজে। এই পৰিৱেশ এতিয়া অতীত হোৱাৰ দৰে।

আতোম টোকাৰীকৈ সজা ঘৰখনত থাকিবলৈ মানুহৰ অভাৱ হয়। নিঃসংগ আৰু অকলশৰীয়া জীৱনে বৃদ্ধ বয়সত মাতি আনে বহু বিপদ। পৰিয়ালৰ সদস্যৰ দৰেই বাস কৰা আকাশে এই কাণ্ড সংঘটিত কৰা বুলি প্ৰমাণ হ'লেও ইয়াৰ আঁৰত আন এক শক্তি জড়িত থকাৰ পূৰ্ণ সন্দেহ আছে। কিয়নো বেলতলাৰ অতি ব্যস্ত অঞ্চলত সংঘটিত এই হত্যাকাণ্ডৰ আঁৰত বৰুৱা দম্পতীৰ মাটিখিনিক লৈ কোনো প্ৰভাৱশালী চক্ৰৰ চকু থকা যেনেই বোধ হয়।

আকাশক সন্মুখত ৰাখি যিটো চক্ৰই আঁৰত থাকি এই কাম কৰিব পাৰে সেই দৃষ্টিকোণেৰেও আৰক্ষীয়ে তদন্ত কৰিলেহে প্ৰকৃত দোষী পোহৰলৈ আহিব। নহ'লে আকাশে সংঘটিত কৰা এক হত্যাকাণ্ড বুলি আৰক্ষীৰ তদন্তত প্ৰতিষ্ঠা হোৱাৰ পাছত সেই ক্ষমতাশালী আৰু প্ৰভাৱশালী চক্ৰটো হাৰি যাব। ইয়াৰ বাবে আৰক্ষী আৰু ৰাজ্য চৰকাৰে উচ্চপৰ্যায়ৰ তদন্ত কৰিব লাগিব।

আকাশে কিয় হত্যা সংঘটিত কৰিলে সেই প্ৰশ্নৰ উত্তৰ আৰক্ষীয়ে বিচাৰি পাব লাগিব। গুৱাহাটী মহানগৰীত শেহতীয়াকৈ সংঘটিত কেইবাটাও হত্যাকাণ্ডত দেখা পোৱা গৈছে যে আত্মীয় লোকৰ হাততেই ভাবিব নোৱাৰা ধৰণে মৃত্যুক সাৱটি লোৱা বহু ঘটনা আছে। উজানবজাৰত এগৰাকী কিশোৰীকো কিছুদিনৰ পূৰ্বে আত্মীয়ই হত্যা কৰিছিল।