অসম

লুৰীণ-অখিলৰ মধুচন্দ্ৰিকা অন্ত, উদয় নহয় অসমৰ ৰাজনীতিত নতুন দিগন্ত…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতিত নতুন খবৰ একো নাই । নাই কোনো নতুনত্ব । নাই কোনো বিকল্পৰ সম্ভাৱনা । চৌদিশে কেৱল হতাশা ভৰা খবৰ । আয়া ৰাম গয়া ৰাম ৰাজনীতি । কংগ্ৰেছৰ পৰা বিজেপিলৈ,বিজেপিৰ পৰা কংগ্ৰেছলৈ,অগপৰ পৰা বিজেপিলৈ নেতাৰ আগমন ।

টিকট নাপাই নিশাটোৰ ভিতৰতে দল আদৰ্শ সকলো ভৰিৰে মোহাৰি নতুন ৰাজনৈতিক পৰিচয় লোৱা এই নেতা সকলক এতিয়া বিশ্বাসত কেনেকৈ ল'ব পাৰি । প্ৰায় বোৰ সম্ভাৱনা এক ক্ষীণ পোহৰৰৰ চাকি হৈ জ্বলি আছে । বিকল্পৰ সন্ধান কৰা,পৰিবৰ্তন বিচৰা ৰাইজৰ সন্মুখত এই মুহুৰ্তলৈকে নাই কোনো বিশ্বাসযোগ্য বিকল্প ।

প্ৰাৰ্থিত্ব কেন্দ্ৰীক যুঁজ খন ইমানেই দীঘলীয়া হৈছে যে কোনে কাক প্ৰাৰ্থী দিব সেই সিদ্ধান্ত চূড়ান্ত কৰাটোৱেই বিৰোধী পক্ষৰ বাবে মুলত ডাঙৰ সমস্যা হৈ থিয় দিছে । অসমত ৰাজনীতিৰ এই ঘূৰ্ণী বতাহত বিধস্ত হৈছে অগপ,কংগ্ৰেছ,এআইইউডিএফ,বিজেপি প্ৰায় সকলো দল ।

সেই সুযোগ ল'ব পৰাকৈ কংগ্ৰেছ নেতৃত্বধীন মিত্ৰজোঁটৰ সমান্তৰালভাবে বিজেপিৰ পৰাও সমদূৰত্বত অবস্থান লোৱা অসম জাতীয় পৰিষদ,ৰাইজৰ দলৰ নেতৃত্বও চূড়ান্ত বিফল হৈছে । সুযোগ থকাৰ পিছতো দুয়ো দলৰ নেতৃত্বই এই সুযোগ গ্ৰহণ নকৰিলে বা লোৱাৰ ইচ্ছা নকৰিলে।

সেয়ে তেওঁলোকৰ নেতৃত্ব কেন্দ্ৰিক স্বাভিমান , ৰাজনৈতিক ভাৱে চলা অমিল দৰদামৰ প্ৰতিফলন। অসমৰ ৰাইজে তেওঁলোকক আহ্বান জনাইছিল একেলগ হোৱাৰ। সেই আহ্বান কিয় আছিল সেই কথা নিশ্চয় তেওঁলোকে বুজিছিল।

কা আন্দোলনৰ পটভূমিত তেওঁলোকৰ ৰাজনৈতিক আকাংশাক অসমৰ ৰাইজে সহমত পোষন কৰি আগবাঢ়ি যাবলৈ সেউজ সংকেত দিছিল। সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বৰ মাজত মত পাৰ্থক্য থাকিলেও আঞ্চলিকতাবাদী ভাব ধাৰাৰে খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে মাত মাতি জাতীয় চিন্তা ধাৰাক আগুৱাই নিবলৈ তেওঁলোকে একেখন মঞ্চতে ভৰি থৈছিল।

শেহতীয়া দুয়োটা দলৰ কিছু কাৰ্যকলাপে অসমৰ ৰাইজক ইতিমধ্যে বুজাই দিছে – তেওঁলোকে বিজেপিক প্ৰতিহত কৰাতকৈ জাতিৰ স্বাৰ্থৰ বিপৰীতে যোৱা শাসকীয় দলটোক সহায়হে কৰিবলৈ আগবাঢ়িছে। যাৰ বাবে তেওঁলোক বিজেপিৰ বি টীম নেকি বুলিও সাধাৰণ লোকে সমালোচনাৰ লক্ষ্য কৰি লৈছে।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এক সুস্থ বাতাবৰণেৰে জাতীয় ঐক্যক দাঙি ধৰাৰ ক্ষেত্ৰত যি সহনশীল নীতিৰে আগবাঢ়িব লাগিছিল, সেই মিত্ৰতা ধৰ্ম কোনো এটা দলেই পালন কৰিব নোৱাৰিলে। বৰঞ্চ মিত্ৰতাত আছো বুলি কৈও দুয়ো দলৰ মাজত হোৱা প্ৰতিযোগিতাই অসমৰ ৰাইজক বুজাই দিলে তেওঁলোকৰ ওপৰত ভৰসা কৰাতো মিছা।

আন দলবোৰৰ মাজত আসনৰ বুজাবুজিক লৈ বহু সংঘাত হৈছে। কিন্তু সেই সংঘাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত হোৱাৰ কোনো যুক্তিয়েই নাছিল। এই দুয়োটা দলেই ব্যক্তি স্বাৰ্থতকৈ জাতিৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছিল।

মধুছন্দিকা অন্ত পৰিছে। মুখত মিত্ৰতাৰ প্ৰসংগ দোহাৰি থাকিলেও কামত সেয়া ফুটি উঠা নাই। একাধিক সমষ্টিত দুয়ো দলেই নিজা নিজা প্ৰাৰ্থী থিয় কৰাই কাক সহায় কৰিব? সেই প্ৰশ্ন উঠ চেপিলে গাখীৰ ওলোৱা অবুজ শিশুকো সুধিলে আজি দিব পাৰিব।

কিন্তু তেওঁলোকৰ দৰে জাতিক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা দিগ্বজ নেতাসকলে এনেবোৰ দিশ বুজিও নোবোজা ভাও ধৰিছে বুলিয়েই ৰাইজে বিশ্বাস কৰে। অসমৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আজি প্ৰাসংগিক হৈ পৰিছে। দীৰ্ঘদিনৰ অভিজ্ঞতাৰে তৰুণ গগৈয়ে হয়তো এই সময়ত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিলে হেঁতেন।

আমাৰেই দুৰ্ভাগ্য যে এইগৰাকী অভিজ্ঞ নেতা আমাৰ মাজত নাই। কংগ্ৰেছৰ ভিতৰচৰাত এতিয়া ল'বী কেন্দ্ৰিক ৰাজনীতি। কোন কাৰ ল'বীত সোমাই আছে সেয়া কংগ্ৰেছৰ নেতা-কৰ্মীয়েও নাজানে। কিন্তু প্ৰত্যক্ষ কৰে এজন নেতাক আন এজন নেতাই কেকোৰাই চেপাৰ দৰে চেপি পিছলৈ টানে।

অখিল গগৈ কাৰাৰুদ্ধ। সংগ্ৰামী জীৱনত দীৰ্ঘ সময়ত অখিল গগৈয়ে আন্দোলনেৰে জাতিৰ হকে মাত মাতি আহিছিল। দীৰ্ঘ সময় ধৰি কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈৰ স্থিতিও আজি সমালোচনাৰ বিষয় হৈছে।

লুৰীণ জ্যোতি গগৈয়ে অখিল গগৈৰ অনুপস্থিতিত এই ধাৰাক আগুৱাই নি এক আশাব্যঞ্জক খবৰ দিব বুলি ভবা হৈছিল। কিন্তু তেওঁ এই মুহূৰ্তলৈকে সফলতকৈ বিফল আৰু বহুবোৰ সিদ্ধান্ত ভুল বুলি চৰ্চা চলিছে। অৱশ্যে লুৰীণজ্যোতি গগৈক নিয়ন্ত্ৰণ কৰা সেই বিশেষ ব্যক্তিবিশেষৰ ব্যক্তিগত পচন্দ অপচন্দই এনেবোৰ দিশত ক্ৰিয়া কৰিছে বুলি ধৰিব পাৰি।

গৌৰৱ গগৈ ৰাষ্ট্ৰীয় ৰাজনীতিত জিলিকি উঠিলেও ৰাজ্যৰ ৰাজনীতিত তেওঁ আজিও প্ৰাসংগিক বা অভিজ্ঞ হৈ উঠা নাই। দলৰ ভিতৰতে তেওঁ গ্ৰহণযোগ্যতাক লৈ বহু প্ৰশ্ন উত্থাপন হয়। তথাপিও কংগ্ৰেছৰ অন্যতম নেতা হিচাপে তেওঁৰ ভূমিকা আৰু স্থিতি লক্ষণীয় ৰূপে বিবেচিত হ'ব লগা আছিল।

প্ৰফুল্ল কুমাৰ মহন্তই এদিন কংগ্ৰেছৰ বিৰুদ্ধেই তীব্ৰ আন্দোলনৰ নেতৃত্ব দিছিল। সেইজন নেতাই এতিয়া সমষ্টিত নিজৰ প্ৰাৰ্থিত্বৰ বাবে কংগ্ৰেছৰে শৰণাপন্ন হোৱা বুলি খবৰ ওলাইছে। কংগ্ৰেছ নেতৃত্বয়ো সেই খবৰ অতি কৌশলেৰে প্ৰচাৰ চলাইছে।

বিজেপিৰ ভালে কেইজন নেতাই দল এৰি পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছে। তাৰ ভিতৰত মন্ত্ৰীও আছে। ইয়াৰ পৰা এইটো বুজা যায় যে এই সকলোবোৰ নেতাৰ লক্ষ্য কেৱল ক্ষমতা। অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানত নেতৃত্ব দিয়া , সভাপতি আসনত অধিস্থিত হোৱা পৰমানন্দ ৰাজবংশীৰ পাভলুটি ৰাইজে দেখিলে।

সৌ সেইদিনা লৈকে আঞ্চলিকতাবাদৰ পক্ষত থাকি প্ৰবক্তাৰ দৰে আঞ্চলিক দলৰ বাণী প্ৰচাৰ কৰা ৰাজবংশী এতিয়া গেৰুৱা হ'ল। লক্ষ্য সমষ্টি। অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সপোনেৰে এনে কিছু লোক ওলাই আহিছে যিসকল লোকে সদায় এক নিৰপেক্ষ স্থিতি লৈ অহা বুলি দাবী কৰে।

স্বাৱলম্বিতা আৰু পৰ্যটনৰ দিশত তেওঁলোকৰ ভূমিকা, উত্তৰ-পূৰ্বাঞ্চলৰ কলা-কৃষ্টি বিশ্বমুখী যাত্ৰাত অংশীদাৰ হোৱা তেনে কিছু সমাজৰ সচেতন লোকেও অসম গণ পৰিষদৰ নেজত ধৰি টিয়ক আদি সমষ্টিত নিৰ্বাচনী তৎপৰতা চলাই গৈছে।

বৃন্দাবন গোস্বামী অসম গণ পৰিষদৰ বাবে নচলা টকা হ'ল। সত্যব্ৰত কলিতাই টিকট নাপাই ৰাতিটোৰ ভিতৰতে কংগ্ৰেছৰ সংগ ল'লেগৈ। দলটোত যোগদান নকৰিলেও তেওঁ এনে দৌৰাদৌৰিত কি অংক লুকাই আছে বুজিবলৈ বাকী নাথাকিল।

এইসকল নেতাৰ কথা পৃথক। তেওঁলোকে সুযোগ পালেই চোম সলায়। কিন্তু কা আন্দোলনত জাতিক আৱেগিক কৰি তোলা দীৰ্ঘ সময় ধৰি গণতান্ত্ৰিক আন্দোলেনেৰে জাতীয় চেতনাক প্ৰবাহিত কৰি ৰখা সকলৰ পৰা জানো এনে আশা কৰিব পাৰি? সেয়েহে সাধাৰণ ৰাইজে এতিয়া হুমনিয়াহ এৰিছে।

ৰাইজে ভাবি আছিল- এইবাৰ পৰিৱৰ্তন হ'ব। অসমৰ ৰাজনীতিত মূল্যবোধৰ ৰাজনীতিয়ে স্থান পাব। কিন্তু সেয়াও সপোনৰ অগোচৰ যেন লাগিছে। অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ মিত্ৰতাৰ মধুছন্দিকা ক'ৰবাত যতি পৰিছে।

লুৰীণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে বহুতে বিচাৰিছিল। অখিল গগৈৰ কথাও তেনেদৰেই ভাবিছিল । কিন্তু এতিয়া সেইবোৰ কথা বহু দূৰত। অসমৰ ৰাজনীতিত নতুন দিগন্ত উদয় হ'ব বুলি ভবা ধাৰণাও ৰাইজে ভুল বুলিয়েই ভাবিবলৈ আৰম্ভ কৰিছে। তথাপিও মানুহৰ আশা ভুলবোৰ শুধৰাই এই ধাৰণাক মিছা প্ৰমাণিত কৰক তেওঁলোকে।