প্রধানমন্ত্ৰী-গৃহ মন্ত্ৰীয়ে পাহৰিলে…
অসম আৰু অসমীয়াৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ কিমান দায়িত্বশীল? 'কা' আন্দোলনৰ সময়ত খোদ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ঘোষণা কৰিছিল- অসমত অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ নিমিত্তে ৬ নং দফা কাৰ্যকৰী কৰিব আৰু ৬ নং দফা ৰূপায়নৰ বাবে পৰামৰ্শ প্ৰদান কৰা অৰ্থে গঠিত কমিটীয়ে দিয়া প্ৰতিবেদন আখৰে আখৰে পালন কৰিব।
প্ৰতিবেদন জমা দিয়াৰ এসপ্তাহৰ পাছতে ইয়াৰ ৰূপায়নৰ কাম আৰম্ভ কৰিব বুলি কৈছিল যদিও, কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এই উচ্চপৰ্যায়ৰ কমিটী গঠন কৰিবলৈ আজৰি নোলাল। যাৰ পৰিণতিত এই প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ১৫ ফেব্ৰুৱাৰী, ২০২০ত আনুষ্ঠানিকভাৱে জমা দিয়া হৈছিল।
এই প্ৰতিবেদনত কি আছে সেয়া চৰকাৰে ৰাজহুৱা নকৰিলে। প্ৰতিবেদন কাৰ্যকৰী কৰাতো পিছৰ কথা, প্ৰতিবেদনখন কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে নিজ হাতেৰে গ্ৰহণ নকৰাতো অসমীয়া জাতিৰ প্ৰতি এক অসন্মান বুলি চৰ্চা চলিছিল।
প্ৰতিবেদন জমা দিয়া ৫ মাহৰো বেছি হ'ল। হয়তো সেই প্ৰতিবেদন দিছপুৰ বা দিল্লীৰ কোনোবা আলমাড়ীত পৰি ৰ'ল। কিন্তু অসমবাসীৰ বাবে এয়া আছিল পৰম আগ্ৰহ আৰু অতি প্ৰয়োজনীয় । নাগৰিকত্ব সংশোধনী আইন ৰাজ্যসভাত উত্থাপন কৰা সময়তো কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কৈছিল যে, অসমৰ থলুৱা লোকক সাংস্কৃতিক , ৰাজনৈতিককে ধৰি সকলো ধৰণৰ সাংবিধানিক ৰক্ষাকৱচ দিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
কেৱল গৃহ মন্ত্ৰীয়েই নহয়, প্ৰধান মন্ত্ৰীয়েও ২০২০চনৰ ১০ ফেব্ৰুৱাৰীত কোকৰাঝৰত বিজয় দিৱসত ভাগ ল'বলৈ আহোতে একেই প্ৰতিশ্ৰুতি দি গৈছিল। অসমৰ মন্ত্ৰী তথা শাসকীয় ৰাজনৈতিক দলৰ নেতায়ো কৈছিল- ৬ নং দফা কেন্দ্ৰীয় চৰকাৰে '।' (দাৰি), ',' (কমা) বাদ নপৰাকৈ ৰূপায়ন কৰিব।
প্ৰতিবেদন ৰাজহুৱা কৰিলে আছুৱেঃ
১১ আগষ্ট, ২০২০ত সদৌ অসম ছাত্ৰ সন্থাই শ্বহিদ ন্যাসত আয়োজন কৰিছিল এখন সংবাদমেল।এই সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ৬ নং দফাৰ উচ্চপৰ্যায়ৰ কমিটীৰ সদস্য তথা জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই অসম তথা কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদনক লৈ মৌনতা অৱলম্বন কৰাত প্ৰতিবেদনত কি আছিল সেয়া ৰাজহুৱা কৰে।
সংবাদমাধ্যম যোগে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এই প্ৰতিবেদন কিয় জমা নল'লে বুলি প্ৰশ্ন কৰি প্ৰতিবেদনত কি আছে সেই বিষয়ে কিছু ব্যাখ্যা আগবঢ়ালে।প্ৰতিবেদনত অবৈধ দখলকাৰীক উৎখাত , চৰাঞ্চলত জৰীপ, সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন, ১৯৭১চনৰ পাছত অহা বাংলাদেশী অবৈধ নাগৰিকক বহিস্কাৰৰ বাবে বাংলাদেশ চৰকাৰৰ লগত প্ৰত্যাৰ্পণ চুক্তি আদি বিষয়বোৰ আছে বুলি জানিবলৈ দিয়ে।
লগতে তেওঁ প্ৰশ্ন কৰে যে- চৰকাৰক অতি গোপনীয়ভাৱে দিয়া এই প্ৰতিবেদনখন কাৰ ওচৰত আছে কোনেও নাজানে। কিন্তু সেই প্ৰতিবেদনক লৈ মন্তব্য কৰিছে বিভিন্নজনে। গোপন তথা গৃহ মন্ত্ৰীলৈ দিয়া এই প্ৰতিবেদন চৰকাৰী পক্ষৰ একাংশ লোকে কেনেকৈ জানিলে বুলিও তেওঁ গুৰুতৰ অভিযোগ তোলে।
প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ কৈছিল নীলয় দত্তইঃ
অসমৰ জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ হ'ব পৰা এই প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ কৈছিল এই কমিটীৰ সদস্য তথা জ্যেষ্ঠ অধিবক্তা নীলয় দত্তই। তেওঁৰ মতে, তাত কোৱা বা তাত থকা কথাবোৰ শুদ্ধ নহ'ব পাৰে। অসমৰ মানুহবোৰে কথাবোৰ জানিব লাগিব। কাৰণ এইখন ৰাইজৰ সম্পদ। ইয়াত কিবা দোষ থাকিলে ৰাইজে ক'ব।
প্ৰতিবেদনত কি আছেঃ
এই প্ৰতিবেদনত কি আছে? ৬ নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এই প্ৰতিবেদনত মুলতঃ ৰাজ্যৰ থলুৱা লোকসকলৰ সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে কিছু পৰামৰ্শ দিয়া হৈছে। সেই পৰামৰ্শ বোৰৰ ভিতৰত-
অসমীয়া মানুহে অসমীয়া মানুহলৈ মাটি বিক্ৰী কৰিব পৰা ব্যৱস্থা, কৃষি ক্ষেত্ৰত ব্যৱহৃত মাটি আন কাৰ্যলৈ হস্তান্তৰ কৰা ব্যৱস্থা বন্ধ কৰা, মাটি পট্টা কাক কেনেকৈ দিব লাগে তাৰ বিষয়ে সঠিক সিদ্ধান্ত লোৱা, সীমান্ত ছীল আদি বিষয়বোৰ এই প্ৰতিবেদনে সামৰি লৈছিল।
গোপন প্ৰতিবেদন ফাদিল হোৱাক লৈ প্ৰতিক্ৰিয়াঃ
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ, উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই এই প্ৰতিবেদন সন্দৰ্ভত মন্তব্য কৰি চৰকাৰে যোৱা ৫ মাহে প্ৰতিবেদনৰ সন্দৰ্ভত কোনো ঘোষণা নকৰাত ক্ষোভ ব্যক্ত কৰে।
সমুজ্জল ভট্টাচাৰ্যই ৩৫ বছৰে অসম চুক্তি ৰূপায়নৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই নেৰামেপেৰাকৈ লাগি থকাৰ কথা উল্লেখ কৰি এই চুক্তিৰ ৬ নং দফা অনুসৰি ৰক্ষাকৱচ লাগিবই লবুলি মন্তব্য কৰিলে। ২৫ ফেব্ৰুৱাৰী, ২০২০তেই জমা দিয়া প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীয়ে এটা শব্দও কোৱা নাছিল। প্ৰতিবেদনক কাক দিলে সেই কথাও তেওঁ কোৱা নাই।
সকলো খিলঞ্জীয়াৰ ভাষাৰে বিকাশৰ বাবে পৃথক পৃথক একাডেমী স্থাপনৰ পৰামৰ্শ দিয়া এই প্ৰতিবেদনত অৱশ্যে স্বাক্ষৰ কৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সৈত্যেন গাৰ্গে। গুৰুত্বপূৰ্ণ এই প্ৰিতবেদনখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজহুৱা কৰাৰ কিছু সময় পাছতে সাংবাদিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ১১ আগষ্ট, ২০২০তে প্ৰতিক্ৰিয়া বিচাৰি প্ৰশ্ন কৰিছিল। কিন্তু মুখ্যমন্ত্ৰী নিমাতে ৰ'ল।
কোনো কোনোৱে এই প্ৰতিবেদন ৰাজহুৱা কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে ইয়াৰ প্ৰত্যুত্তৰ দিছে। দীপাংক কুমাৰ নাথে কৈছিল- 'যোৱা ৫ মাহে প্ৰতিবেদন ৰাজহুৱা নকৰিলে। আমি আছুৱে ৫ মাহ ৰৈ থাকিলো। ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো।ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদমাধ্যমৰ আগত প্ৰতিবেদনৰ কেইবাটাও পৰামৰ্শ ৰূপায়ন কৰিব নোৱাৰি বুলি কৈছে। সেয়ে উক্ত পৰামৰ্শ তেওঁ ৰাজহুৱা কৰক।'
২২ ফেব্ৰুৱাৰী, ২০২০ত সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলঃ
২৫ ফেব্ৰুৱাৰী, ২০২০ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰতিবেদন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত আয়োজন কৰা এই সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল- ২৫ ফেব্ৰুৱাৰী, ২০২০ৰ ১২ বজাত চূড়ান্ত প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদন গ্ৰহণ কৰাৰ পাছতে তেওঁ সেইখন দিল্লীলৈ প্ৰেৰণ কৰিব।
লগতে তেওঁ এই কথাও জনাইছিল যে ২০ ফেব্ৰুৱাৰী, ২০২০ত অৰুণাচল ভ্ৰমণৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই প্ৰতিবেদন ৰাজ্য চৰকাৰক গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। মন্ত্ৰী শৰ্মাই সেই সংবাদমেলতে কৈছিল- কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শ মতে এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব।
সেই সময়ত এনে খবৰো ওলাইছিল যে, প্ৰতিবেদন জমা দিবলৈ দিল্লীলৈ গৈ কমিটীৰ অধ্যক্ষ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাই গৃহ মন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ নোপোৱা খবৰবোৰ মিছা। ইনাৰ লাইন পাৰ্মিট প্ৰদানৰ সন্দৰ্ভত তেওঁ প্ৰতিবেদনত কিবা আছে নে নাই সেই বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছিল।
অৱশ্যে কমিটীৰ অধ্যক্ষ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ ব্যক্তিগত সচিবে এক বিবৃতিযোগে ২১ ফেব্ৰুৱাৰী, ২০২০ত তেনে খবৰ মিছা বুলি ব্যক্ত কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া খোদ গৃহ মন্ত্ৰীয়ে এই কমিটীৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰিব বুলি আশ্বাস দিয়াৰ পাছত অসমৰ ৰাইজৰ ৰক্ষাকৱচ সদৃশ এই প্ৰতিবেদনৰ সন্দৰ্ভত ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰ এতিয়া নিমাত কিয়?
অসম চুক্তিৰ ৫ আৰু ৬নং দফাত কি কি আছে?
অসম চুক্তিৰ ৫ আৰু ৬ নং দফাত কি কি আছে। বিশেষকৈ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ বিচাৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল এই উচ্চ পৰ্যায়ৰ কমিটী। অসম চুক্তিৰ ৫নং দফাত উল্লেখ থকা বিষয় সমূহ আছিল-
৫.১ – বিদেশী নাগৰিকসকলৰ চিনাক্তকৰণ তথা বহিস্কাৰৰ বাবে ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ দিনটোক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰা হয়।
৫.২ – ১৯৬৬ চনৰ পহিলা জানুৱাৰী তথা তাৰ পূৰ্বে অসমলৈ অহা আৰু ১৯৬৭ চনৰ নিৰ্বাচনত নাম অন্তৰ্ভুক্ত হোৱাসকলক নিয়মীয়াকৰণৰ সিদ্ধান্ত।
৫.৩ – ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ পিছৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্ৰবেশ কৰা লোকসকলক ১৯৪৬ চনৰ বিদেশী নাগৰিক আইন আৰু ১৯৬৪ চনৰ বিদেশী নাগৰিক সম্বন্ধীয় ন্যায়িক আদেশৰ জৰিয়তে চিনাক্ত কৰি বহিস্কাৰ কৰা।
৫.৪ – বিদেশী নাগৰিকসকলক চিনাক্ত কৰি নিৰ্বাচন ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে বহিস্কাৰ কৰা। তেনে নাগৰিকসকলক বিভিন্ন জিলাৰ পঞ্জীয়কৰ কাৰ্যালয়ত ১৯৩৯ চনৰ বিদেশী নাগৰিক পঞ্জীয়ন আইনৰ জৰিয়তে পঞ্জীয়ন কৰোৱাৰ ব্যৱস্থা কৰা।
৫.৫ – এনেবোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰিব।
৫.৬ – দহ বছৰৰ এটি সময়সীমা ধাৰ্য কৰি, যিসকলৰ নাম ইতিমধ্যে নাগৰিকৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে তেওঁলোকক পুনৰ প্ৰতিষ্ঠা কৰা।
৫.৭ – অসমৰ পৰা ইতিপূৰ্বে বিতাৰিত কিন্তু বৰ্তমান অনাধিকাৰ প্ৰৱেশ কৰাসকলক চিনাক্ত কৰি পুনৰ বিতাৰণৰ ব্যৱস্থা কৰা।
৫.৮ – ১৯৭১ চনৰ মাৰ্চৰ ২৫ তাৰিখ তথা তাৰ পাছত অসমলৈ অহা বিদেশী নাগৰিকসকলক চিনাক্ত কৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁলোককো খেদি পঠোৱা।
৫.৯ – আইন বহিৰ্ভুত প্ৰব্ৰজন আইন,১৯৮৩ৰ ৰূপায়নৰ ক্ষেত্ৰত আছু আৰু এ.এ.জি.এছ.পি.য়ে ব্যক্ত কৰা কিছুমান অসুবিধাৰ ওপৰতো চৰকাৰে দৃষ্টি আৰোপ কৰে।
অসম চুক্তিৰ ৬নং দফাত উল্লেখ থকা কথাখিনি আছিল- 'Constitutional, legislative and administrative safeguards, as may be appropriate shall be provided to protect, preserve and promote the culture, social, linguistic identity and heritage of the Assamese people.'
যাৰ ভাৱাৰ্থ হ'ল- 'সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা। অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা।'
হঠাৎ ৬নং দফাৰ প্ৰসংগ, প্ৰথমবাৰ কমিটী গঠনঃ
এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি প্ৰসংগত ৰাজ্যত এক সৰৱ পৰিৱেশ বিৰাজ কৰাৰ সময়তে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডী চৰকাৰে পুনৰ অসম চুক্তিৰ ৬নং দফাৰ প্ৰসংগ উত্থাপন কৰিছিল।
অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সাংবিধানিক ৰক্ষাকৱচ ৰূপে অসম চুক্তিৰ এই দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণৰ কথা দোহাৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত চৰকাৰে ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে মতামত গ্ৰহণাৰ্থে এক উচ্চস্তৰীয় সমিতি গঠনৰ কথাও ঘোষণা কৰিছিল প্ৰথম।
সেই অনুসৰি ২০১৯ৰ ৬ জানুৱাৰীত ৯ জন বিশেষ ব্যক্তিৰে গঠন কৰা হৈছিল অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে এক উচ্চপৰ্যায়ৰ কমিটী। সেই কমিটীত বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া সুভাষ দাস, মদন প্ৰসাদ বেজবৰুৱা, ড০ মুকুন্দ ৰাজবংশী আৰু ৰমেশ বৰপাত্ৰ গোঁহাইৰ নাম অন্তৰ্ভূক্ত কৰা হৈছিল।
সমিতিখনত এইসকল সদস্যৰ উপৰিও আছুৰ প্ৰতিনিধি, গৃহ মন্ত্ৰণালয়ৰ এজন প্ৰতিনিধি থাকিব বুলি উল্লেখ কৰা হৈছিল। ৬ মাহৰ ভিতৰত অসম চুক্তি কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক এই কমিটীয়ে পৰামৰ্শ প্ৰদান কৰাৰ কথা আছিল। কিন্তু এই কমিটী গঠনৰ পাছতেই ইয়াৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা জনমতৰ ফলশ্ৰুতিত অসম চুক্তিৰ ৬নং দফাৰ এই উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষৰূপে থকা মদন প্ৰসাদ বেজবৰুৱাই ১২ জানুৱাৰী, ২০১৯ত পদত্যাগ কৰে।
ড০ নগেন শইকীয়াইও এই কমিটীত নথকাৰ কথা ঘোষণা কৰিছিল। ৰংবং তেৰাং, মুকুন্দ ৰাজবংশী আদিয়েও কমিটীত নথকাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছত এই কমিটীখনৰ অস্তিত্ব একপ্ৰকাৰ নোহোৱা হৈ পৰিল। কমিটীখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰূপে আছিল উত্তৰ-পূবত দায়িত্বত থকা কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিব জীতেন্দ্ৰ গাৰ্গ।
কমিটীখন গঠনৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাই এই কমিটী নাকচ কৰিছিল। বিভিন্ন দল-সংগঠনে এই কমিটীক অভিসন্ধিমূলক আখ্যা দি সমালোচনা কৰিছিল। এই কমিটীৰ পৰা গৰিষ্ঠ সংখ্যক সদস্যই আতৰি অহাত অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰী কৰাৰ অৰ্থে গঠন কৰা কমিটীখনৰ কোনো অস্তিত্বই নৰ'ল।
দ্বিতীয়বাৰৰ বাবে অসম চুক্তিৰ ৬নং দফাক লৈ কমিটী গঠনঃ
দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোডী চৰকাৰ শাসনলৈ অহাৰ পাছত ২০১৯ চনৰ ১৫ জুলাইত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত পৰামৰ্শদানৰ অৰ্থে আন এখন উচ্চপৰ্যায়ৰ কমিটী কেন্দ্ৰীয় চৰকাৰে গঠন কৰে। গৃহ মন্ত্ৰণালয়ৰ ১১০১২/০৪/২০১৯ NE iv নম্বৰৰ এক অধিসূচনাৰ জৰিয়তে এই নতুন কমিটী গঠনৰ কথা ঘোষণা কৰিছিল।
১৫ জুলাইত জাৰি কৰা এই অধিসূচনা এই কমিটীত অন্তৰ্ভূক্ত কৰা সদস্যসকল আছিল ক্ৰমে- গুৱাহাটী উচ্চ ন্যায়ালৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, এডভোকেট জেনেৰেল ৰমেশ বৰপাত্ৰ গোঁহাই, অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল নিৰ্লয় দত্ত, আইএএছ বিষয়া সুভাষ দাস, আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্য, অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্তা চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, সাংবাদিক ৱাচবিৰ হুছেইন, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য, আছুৰ সভাপতি দিপাংক কুমাৰ নাথ, আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু গৃহ মন্ত্ৰণালয়ৰ উত্তৰপূৱৰ দায়িত্বত থকা যুটীয়া সচিবগৰাকী।
২ আগষ্ট, ২০১৯ত অসম চৰকাৰে ১৩ জনীয়া উচ্চস্তৰীয় সমিতিত মীন বিভাগৰ উপ সচিব পদত কাৰ্যনিৰ্বাহ কৰি থকা এচিএছ বিষয়া প্ৰশান্ত কুমাৰ কাঠকটীয়াক এই সমিতিৰ ন'ডেল অফিচাৰ হিচাপে নিযুক্তি দিয়ে। বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক এই সমিতিত অন্তৰ্ভূক্ত নকৰাক লৈ অৱশ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই সময়ত।
অসম চুক্তিৰ ৬নং দফাৰ কমিটীৰ কাম-কাজ আৰম্ভঃ
১১ ছেপ্টেম্বৰ, ২০১৯লৈকে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় কমিটীৰ ৫খনকৈ বৈঠক অনুষ্ঠিত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিটীখনত ৬ মাহৰ ভিতৰত বিভিন্ন দল-সংগঠনৰ পৰামৰ্শ আৰু মতামত গ্ৰহণেৰে তেওঁলোকৰং প্ৰতিবেদন জমা দিয়াৰ কথা উল্লেখ আছিল অধিসূচনাত।
নতুন দিল্লীত কমিটীৰ সদস্যসকল মিলিত হোৱাৰ পাছত ১৮ আগষ্ট, ২০১৯ত গুৱাহাটীত এই কমিটীৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হৈছিল। পৰ্যায়ক্ৰমে এই কমিটীৰ বৈঠক অনুষ্ঠিত হোৱাৰ লগতে ৬নং দফা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত ব্যক্তিৰ মন্তব্য, মতামত বিচৰা হৈছিল।
সেই অনুসৰি ১১ ছেপ্টেম্বৰ, ২০১৯ত কমিটীয়ে মতামত আৰু মন্তব্য তথা পৰামৰ্শ বিচাৰি বাতৰিকাকত যোগে ৰাজহুৱা জাননীও প্ৰকাশ কৰিছিল। সেই জাননীত দফাটোৰ আধাৰত চৰকাৰে গ্ৰহণ কৰিবলগা ব্যৱস্থা সম্পৰ্কে বিভিন্ন দল-সংগঠন, ব্যক্তি তথা সংশ্লিষ্ট পক্ষক মতামত জনাবলৈ অনুৰোধ জনাইছিল।
সমিতিয়ে মতামত আহ্বান কৰা বিষয়সমূহ আছিল-
(ক) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, অসম বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা।
(খ) অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া ভাষাসমূহলৈ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা।
(গ) অসম চৰকাৰ, অসমত অৱস্থিত কেন্দ্ৰীয় চৰকাৰ, অৰ্ধ-কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ অধীনত থকা কাৰ্যালয়সমূহত নিয়োগৰ সংৰক্ষণ।
(ঘ) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰৰ সুৰক্ষাৰ ব্যৱস্থা।
(ঙ) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় তথা ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ বাবে ল'বলগীয়া অন্যান্য ব্যৱস্থা।
উচ্চ পৰ্যায়ৰ সমিতিখনে ওপৰৰ বিষয় সমূহৰ সন্দৰ্ভত ২০ ছেপ্টেম্বৰ, ২০১৯ৰ ভিতৰত মতামত বিচাৰিছিল। সকলো দল সংগঠনকে মতামত বিচাৰি অনুৰোধ জনাইছিল কমিটীয়ে। কোনো পক্ষ বা সংগঠন তথা ব্যক্তিয়ে লিখিত মতামত নতুবা পৰামৰ্শ নিজেই উপস্থিত থাকি অৱগত কৰাৰ সুযোগ দিছিল। ইয়াৰ বাবে কৰ্মদিনৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে সংশ্লিষ্ট লোকসকলে কমিটীৰ সন্মুখত নিজৰ মতামত প্ৰদানৰ সময়সমীয়া নিৰ্ধাৰণ কৰি দিছিল।
অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ এই সমিতিখনে অসম চুক্তিৰ ৰূপায়ণ বিভাগ, ফাৰ্ম গেট, খানাপাৰাত থকা কাৰ্যালয়ত এই বিষয়ে জনাব পাৰিব বুলি ৰাজহুলা জাননীত উল্লেখ কৰাৰ লগতে দুটাকৈ ই-মেইল ঠিকনাও ৰাজহুৱা কৰিছিল।
ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈ এই কমিটীয়ে বিভিন্ন দল-সংগঠনৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। তাৰপাছত ২৫ ফেব্ৰুৱাৰী, ২০২০ত এই প্ৰতিবেদন জমা দিছিল মুখ্যমন্ত্ৰীক।
মুখ্যমন্ত্ৰীৰ লিখিত প্ৰতিক্ৰিয়াঃ
কেমেৰাৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলেও, জনসংযোগৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে তাৰ পাছতে এক লিখিত প্ৰেছ বাৰ্তা প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰীয়ে অসমবাসীক বিভ্ৰান্ত নহ'বলৈ আহ্বান জনাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়নেৰে খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দিশত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে।
অৱশ্যে মুখ্যমন্ত্ৰীয়ে লিখিত প্ৰেছ বাৰ্তাত এনে মন্তব্য দিলেও এই প্ৰতিবেদন জমা দিয়া ৬ মাহহে হৈছে বুলি টিপ্পনী কৰিলে। বিবৃতিত কোৱা হৈছে যে- অসমৰ খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিকভাৱে সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটীখনত সদৌ অসম ছাত্ৰ সন্থাক অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰথম কমিটীক তেওঁলোকে সঁহাৰি নজনালে। তাৰপাছত গঠন কৰা দ্বিতীয়খনত কমিটীত অসম চুক্তি ৰূপায়নৰ দিশত থকা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ সদিচ্ছাৰ কথাই প্ৰতিফলিত কৰে।
দুৰ্ভাগ্যজনকভাৱে কোৰোনা, লকডাউন, বানখহনীয়া, বাঘজানৰ অগ্নিকাণ্ড আদি কথা উল্লেখ কৰি আছুৱে এইদৰে প্ৰতিবেদন এনে এক জটিল সময়ত কোনো নিৰ্দিষ্ট অসমসীমা নিদিয়াকৈ আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰাতো আচৰ্যজনক আখ্যা দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে।