অসম

প্ৰতি জিলাত সাজু কৰিব দিয়া হৈছে আছুতীয়া শ্মশান-কৱৰস্থানঃ হিমন্ত বিশ্ব শৰ্মা…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

শংকিত হোৱাৰ সময় অৱশ্যে এয়া নহয়। বাৰে বাৰে কৈ থকা হৈছে এয়া সজাগ আৰু সতৰ্ক হৈ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সময়। কোভিড-১৯ৰ সংক্ৰমণ কেতিয়া অন্ত পৰিব সেয়া কোনেও নাজানে। পৰিস্থিতি ভাললৈ আহিব নে বেয়ালৈ যাব তাৰ নিশ্চিয়তা কাৰো হাতত নাই। কিন্তু বিশ্ব স্বাস্থ্য সন্থাই এই ইংগিত দি থৈছে যে- বিশ্ববাসীয়ে কোভিড-১৯ৰ সৈতে সহবস্থান কৰিব লাগিব।

অসমত কোভিড-১৯ৰ সংক্ৰমণে বিশেষ পৰ্যায় পাইছেগৈ। সুখৰ খবৰ যে শেহতীয়াকৈ যিসকল লোক কোভিড-১৯ত সংক্ৰমিত হৈছে, তেওঁলোকৰ অধিকাংশই কোৱাৰেন্টাইনত থকা। ২০ মে'ৰ নিশা ১০.৪০ বজালৈকে কোভিড-১৯ত সংক্ৰমিত হোৱা লোকৰ সংখ্যা অসমত ১৮৫জন হৈছেগৈ।

ইয়াৰে ৪৮জন সুস্থ হৈ উঠিছে আৰু ১৩০জন চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হৈ চাৰিজন লোকৰ মৃত্যু হৈছে এতিয়ালৈকে। বুধবাৰৰ দিনা কোভিড-১৯ত সংক্ৰমিত ৭জনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

ইয়াৰ ভিতৰত আছে জিএমচিএইচৰ চিকিৎসক ডাঃ লিথিকেশ দাস, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চাৰিগৰাকাী ৰোগী। এফালে, কোভিড আনফালে জীৱন আৰু জীৱিকা। দুয়োটাৰে সামাঞ্জস্য ৰখাই জীৱন অতিবাহিত কৰাতোৱেই এতিয়া ডাঙৰ প্ৰশ্ন হৈছে।

বুধবাৰৰ দিনা অহা আন এক দুঃখবৰৰ ভিতৰত গুজৰাটৰ চুৰাটত অসমৰ এজন লোকে কোভিড-১৯ৰ পৰিৱেশ-পৰিস্থিতিৰ বাবে আত্মহত্যাৰ পথ বাচি ল'ব লগা হ'ল। চাকৰি হেৰুৱাই দিশহাৰা হৈ পৰা এই লোকজন এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে আন এক কথা সদৰী কৰিলে। সেয়া হ'ল- অসমৰ প্ৰতিখন জিলাতেই জিলা উপায়ুক্তসকলক কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে আছুতীয়া স্থানত শ্মশান, কবৰ স্থান আদিৰ ব্যৱস্থা কৰিবলৈ দিছে।

সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- এই সন্দৰ্ভত নিৰ্দেশ পূৰ্বতেই দিয়া হৈছিল জিলা উপায়ুক্তসকলক। সেই নিৰ্দেশ মানি কোনো কোনো উপায়ুক্তই কোভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে পৃথক শ্মশান আৰু কবৰ স্থানৰ ব্যৱস্থা কৰিছে যদিও, সৰহ সংখ্যকেই তেনে ব্যৱস্থা কৰা নাছিল।

শেহতীয়াকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে হোৱা বৈঠকত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ পুনৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উনুকিয়াই দিয়ে।

সেই অনুসৰি, অতি শীঘ্ৰেই প্ৰতিখন জিলাত কোভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ পৃথক আৰু আছুতীয়া স্থানত জিলা উপায়ুক্তসকলে শ্মশান আৰু কবৰ স্থানৰ ব্যৱস্থা কৰিব লাগিব।

এয়া এক দূৰদৰ্শী সিদ্ধান্ত বুলি ক'ব পাৰি যদিও, এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰী ভাৱে দিয়া এই নিৰ্দেশে এই কথা বুজাই দিয়ে যে, কোভিড-১৯ৰ সংক্ৰমণ ভয়াৱহতা এতিয়াও উৰ পৰা নাই। আমেৰিকাত যেতিয়া কোৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱা নাছিল, তেতিয়াই মৃতদেহ সমূহ ৰখাবৰ বাবে ডেৰ-দুই লাখ বিশেষ বেগ সাজু আছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল। সেই সময়ত কেই শতাধিক মান লোক আমেৰিকাত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল।

তেতিয়া ডনাল্ড ট্ৰাম্পৰ এনে ঘোষণাত আশ্চৰ্য ব্যক্ত কৰিছিল সকলোৱে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘোষণা কৰাক লৈ বিভিন্নজনে বিভিন্ন মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। কিন্তু এতিয়া আমেৰিকাৰ পৰিৱেশ কি হ'ল?

সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছত এতিয়ালৈকে ৫০লাখৰো অধিক লোক আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৩,২৬,২২৪গৰাকী। worldometerত ২০ মে', ২০২০ৰ নিশা ১০ বজালৈকে এই তথ্য। আমেৰিকাত বিশ্বৰ ভিতৰতে সৰ্বাধিক ১৫,৭৬,০০৭জন লোক আক্ৰান্ত হৈছে। ইয়াৰে মৃত্যু হৈছে ৯৩,৮৪৭জন লোক।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা যোৱা এসপ্তাহত দ্ৰুত হাৰত বৃদ্ধিপাইছে। দেশখনত ১,১১,৬০১জন লোক আক্ৰান্ত হোৱাৰ লগতে ৩,৪২৬জন লোকৰ মৃত্যু হৈছে কোৰোনা ভাইৰাছত।দুদিনৰ আগলৈকে অসমৰ পৰিস্থিতিও সুবিধাজনক বুলি ভবা হৈছিল। কিন্তু যোৱা ৪৮ ঘণ্টাত অসমত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা যি হাৰত বৃদ্ধি পালে সেয়া অকল্পনীয়।

এনে পৰিপ্ৰেক্ষিতত যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে চৰকাৰ বা প্ৰশাসন সাজু থকা উচিত। দেশত কোৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰত এতিয়ালৈকে ৩৫.২ শতাংশ লোকেই মহাৰাষ্ট্ৰৰ। অসমত এই হাৰ ০.১৫ শতাংশ।

মহাৰাষ্ট্ৰৰ পাছতেই তামিলনাডুত মুঠ কোৰোনাত আক্ৰান্তৰ ১১.৮২ শতাংশ ৰোগী আছে। গুজৰাটত এই হাৰ ১১.২৪ শতাংশ। এতিয়ালৈকে কোৰোনাত আক্ৰান্ত ৰোগী নাই দুখন ৰাজ্যত। তাৰে এখন হ'ল ছিকিম আৰু আনখন হ'ল নাগালেণ্ড। এই দুই ৰাজ্যক বাদ দি সমগ্ৰ ভাৰততে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই গৈ আছে। ৰাজস্থানত ৫.৩৩ শতাংশ ৰোগী, উত্তৰপ্ৰদেশত ৪.৪১ শতাংশ ৰোগী আৰু অন্ধ্ৰপ্ৰদেশত ২.২৯ শতাংশ কোৰোনাত আক্ৰান্ত ৰোগী আছে।

এই তথ্য ভাৰতৰ শেহতীয়া কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। যদি এই হাৰত কোৰোনা সংক্ৰমিত হৈ থাকে তেনেহ'লে কম দিনৰ ভিতৰতে ভাৰতত ই মহামাৰী ৰূপ ধাৰণ কৰিব। অতি সোনকালে আৰু যিকোনো মাধ্যমৰ জৰিয়তে কোৰোনা ভাইৰাছ এজনৰ দেহৰ পৰা আন জনৰ দেহলৈ সংক্ৰমিত হ'ব পাৰে। বিশেষকৈ অসুস্থ বয়োজ্যেষ্ঠ লোকৰ দেহত অতি সহজতে কোৰোনা ভাইৰাছ সংক্ৰমিত হয়।

দেশত এতিয়া চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। প্ৰায়বোৰ লকডাউনৰ নিয়মেই শিথিল কৰি দিয়া হৈছে। নহ'লে দেশ নচলে। দেশৰ অৰ্থনীতিত পৰা প্ৰভাৱৰ বাবে কোৰোনা ভাইৰাছৰ দৰে অতি ভয়ংকৰ সংক্ৰমণৰ কথা জানিও চৰকাৰে শিথিলতা প্ৰদৰ্শনেৰে দেশবাসীক নিজৰ সুৰক্ষাৰ প্ৰতি নিজেই সজাগ-সচেতন হোৱাৰ আহ্বান জনাইছে।

যিসকলে কোৰোনা ভাইৰাছৰ সংক্ৰমণ অন্ত পৰা বুলি ভাবিছে, সেই সকলৰ বাবে এই খবৰ হয়তো এক বিশেষ খবৰ ৰূপেই বিবেচিত হ'ব। ইয়াত উদ্বিগ্ন হ'ব লগা বা ভয় খাব লগা একো নাই। কিন্তু খবৰটো হ'ল অসমতো প্ৰতিখন জিলাতেই কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে একোখনকৈ পৃথক কৱৰস্থান আৰু শ্মশানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰী ভাৱেই নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছত কোৰোনা ভাইৰাছক লৈ যিসকলে সজাগ-সচেতন হ'ব নিবিচাৰে , এই মহাসংকটৰ ওৰ পৰা বুলি ভাবে, তেওঁলোকৰ বাবে নিশ্চিতভাৱে এই খবৰে তেওঁলোকৰ চিন্তাৰ দ্বাৰ মুকলি কৰিব।