অসম

প্ৰশ্ন কৰাই ভুল হ’ল! হিমাংশু গগৈলৈ পুলিচৰ ফোন গ’ল…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

তেওঁৰ ম'বাইল নম্বৰটোত ফোন কৰি আমি হাইৰাণ হৈছিলো। অৱশেষত তেওঁৰ সৈতে সংযোগ স্থাপন হ'ল। তেওঁৰ পৰাই জানিব বিচাৰিলো ৰাজ্যৰ এগৰাকী ক্ষমতাশালী মন্ত্ৰীক প্ৰত্যাহ্বান জনাই তেওঁ ফেচবুকত দিয়া এটা ভিডিঅ'ক লৈ আৰক্ষীয়ে থানালৈ মতা কথাতো সঁচানে?

উত্তৰত তেওঁ ক'লে- 'ম'বাইলটো মই বন্ধ কৰি থৈছিলো। অৱশ্যে ভয়ত নহয়। আৱেলি ৫ মান বজাত মই ম'বাইলটো খুলিলো। তেতিয়াই মোলৈ এটা অচিনাক্ত নম্বৰৰ পৰা ফোন আহিল। সিমূৰৰ পৰা এছিছটেন্ট কমিছনাৰ অৱ পুলিচ বুলি চিনাকি দিয়া এজন ব্যক্তিয়ে মোক থানালৈ মাতি পঠালে। ফটাশিল আমবাৰী থানালৈ আজিয়েই মাতিছিল মোক। কিন্তু মই নগাঁৱত আছো বুলি কোৱাত ২১ জানুৱাৰী, ২০২০ অৰ্থাৎ মঙলবাৰে পুৱা ১১ বজাত থানালৈ আহিবৰ বাবে ক'লে।'

হাঁহিমুখেই তেওঁ কথাখিনি কৈছিল। কিয় থানালৈ মাতি পঠাইছে সেয়া এতিয়া সকলোৱে জানে। ১৮ জানুৱাৰী, ২০২০ত ফেচবুকত আপলোড কৰা ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈছে। য'ত তেওঁ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীক তেওঁতকৈ ভাল ইংৰাজী ক'ব পাৰে বুলি প্ৰত্যাহ্বান জনোৱাৰ লগতে আন কিছুমান দিশো উনুকিয়াই দিছিল।

সেই ভিডিঅ'টোত তেওঁ দাবী কৰিছিল যে, ৰাজ্যৰ বাহিৰত ১৪ বছৰ কাম কৰা সূত্ৰে ইংৰাজীতেই তেওঁ কথা-বতৰা পাতিছিল। লগতে এই কথাও তেওঁ কৈছিল যে তেওঁ সেই মন্ত্ৰীজনৰ দৰে ডক্টৰেট ডিগ্ৰীধাৰী নহয়। কংগ্ৰেছৰ শাসনকালত অসমচুক্তি ৰূপায়নৰ দপ্তৰৰ মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা মন্ত্ৰীজনক তেওঁ সুধিছিল- 'আজি আপুনি অসম চুক্তিৰ আন দফাসমূহ ৰূপায়ন নকৰাৰ বাবে পূৰ্বৰ মুখ্যমন্ত্ৰীক দোষ দিছে। কিন্তু আপুনিয়েই এদিন এই অসমচুক্তি ৰূপায়ন মন্ত্ৰীৰ দায়িত্বত আছিল। তেতিয়া আপুনি কি কৰিছিল?'

এই কথাখিনি কৈ তেওঁ অতি যুক্তিগতভাৱে সেই প্ৰভাৱশালী মন্ত্ৰীজনক প্ৰশ্ন কৰিছিল- আজি শাসনত আপোনালোকেই আছে। মুখ্যমন্ত্ৰী ৰূপে সৰ্বানন্দ সোণোৱাল থাকিলেও পূৰ্বৰ কংগ্ৰেছৰ দিনত আপুনি ২ নম্বৰ মন্ত্ৰী আছিল। আজিও আপুনি ২ নম্বৰ মন্ত্ৰী। ক্ষমতাৰ পৰা আঁতৰাৰ পাছত আপুনি ক'ব নেকি যে ইয়াৰ বাবে এতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই দায়ী বুলি?

সেই যুৱকজনৰ এই ভিডিঅ'টো ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত। এইখিনি আছিল তেওঁৰ মনৰ কথা। বৰ্তমানৰ ৰাজ্যৰ বিজেপি চৰকাৰখনক ক'ব লগা কথাখিনি তেওঁ অতি ৰুচিপূৰ্ণভাৱে শিষ্টাচাৰ ভংগ নকৰাকৈ এই মাধ্যমত ব্যক্ত কৰিছিল। প্ৰত্যাহ্বান জনাইছিল ক্ষমতা তেওঁৰ হাতত দিলে অসমচুক্তি তেওঁ ৰূপায়ন কৰি দিব। ৰাজ্যত বিজেপি শাসনলৈ অহাৰ ক্ষেত্ৰত কিমান আশাবাদী আছিল সেই কথাও তেওঁ ক'বলৈ পাহৰা নাছিল।

এখন স্বাধীন দেশৰ এজন স্বাধীন নাগৰিকৰ এয়া বাকস্বাধীনতা বুলি ক'ব পাৰি। তেওঁক আৰক্ষীয়ে কিয় মাতিছে তাৰ কাৰণ কৈছে নেকি বুলি সোধাত তেওঁ ক'লে- 'বিষয়াগৰাকীয়ে কৈছে তেওঁৰ ভিডিঅ'টো খুব চলিছে। চাইবাৰ ডিপাৰ্টমেন্টৰ কথা কিবা ক'লে। কিছুমান কথা পাতিব লগা আছে বুলি জনালে। মই তেওঁক ক'লো- মই গুৱাহাটীত নাই নহয়।'

এই যুৱকজনৰ নাম হিমাংশু গগৈ। ঘৰ শিৱসাগৰত। কিছুদিনৰ আগলৈকে তেওঁ বায়ুসেনাত কৰ্মৰত আছিল। কিন্তু চাকৰি এৰি এতিয়া তেওঁ এনে কিছুমান কাম কৰে যিবোৰৰ খবৰ বহুতে নাপায়। হিমাংশুৱে গুৱাহাটীৰ লাখটকীয়াত এখন চাহৰ দোকান খুলিছে। সেই দোকানখনলৈ গ্ৰাহকৰ সোঁত বয়।

হিমাংশুৱে অসমীয়া ল'ৰাক শিকাইছে চাহৰ দোকান কেনেদৰে হ'ব পাৰে স্বাৱলম্বনৰ পথ…

হিমাংশুৱে প্ৰস্তুত কৰা এই চাহৰ নাম 'টণ্ডুৰী চাই'। হিমাংশুক পুনৰ সুধিলো- এই ভিডিঅ' আপলোড কৰাৰ পাছত প্রথমে ছ'চিয়েল মিডিয়াত ভাইৰেল, তাৰপাছত পুলিচৰ ফোন আৰু আপুনি গৈ আছেগৈ এতিয়া নগাঁৱত। ভয় খাইছে নেকি?

হিমাংশুৱে উত্তৰত ক'লে- 'ভয় মই খোৱা নাই। মই কাইলৈ থানালৈ যাম। কিন্তু বিশেষ এটা কাৰণতহে মই ম'বাইলটো মই বন্ধ কৰি থ'ব লগা হৈছিল। পৰহী দিনা এই ভিডিঅ' মই আপলোড কৰিছিলো। মই কোনো দল-সংগঠনৰ মানুহ নহয়। সাধাৰণভাৱে চলি থকা এটা ল'ৰা। কিন্তু জাতি-মাটিক ভাল পাওঁ। হাতে কামে কিবা এটা কৰিব খোজো।'

তাৰপাছত হিমাংশুৱে নগাঁৱলৈ যোৱা কাহিনী ক'লে- 'ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই মই খবৰ পাইছিলো। কিন্তু মোৰ কাম এটা কৰিব লগা আছিল। সেয়েহে মই ফোনটো বন্ধ কৰি থ'ব লগা হৈছিল। টণ্ডুৰী চাইৰ কথা হয়তো আপুনি শুনিছে। বিবাহ অনুষ্ঠানত আমি টণ্ডুৰী চাই যোগান ধৰো। মই এয়াৰফৰ্চৰ চাকৰি এৰি এই কামটো আৰম্ভ কৰিছো। গুৱাহাটীৰ লাখটকীয়াত দোকান এখন খুলি এতিয়ালৈকে ২০জন মান অসমীয়া যুৱকক এই টণ্ডুৰী চাই বনাবলৈ শিকাইছো। ঠায়ে ঠায়ে গৈ সিহঁতেও আৰম্ভ কৰিছে।'

নগাঁৱলৈ হিমাংশু গগৈক ২০ জানুৱাৰীৰ দিনা যোৱাৰ কাৰণো এখন বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। সেই বিয়াখনত টণ্ডুৰী চাই যোগান ধৰাৰ বাবে আগধন লৈ থৈছিল। হিমাংশুৰ ভাষাত- 'আগধন লৈ থৈছিলো এই বিয়াখনৰ বাবে। কেনেবাকৈ পুলিচে মাতি থানাত নি ভৰাই দিলে এই অৰ্ডাৰটো কি হ'ব তাকে ভাবি ম'বাইলটো বন্ধ কৰি থৈছিলো। নগাঁৱৰ বিবাহস্থলী পোৱাৰ পাছতহে ম'বাইল খুলিলো। আমাৰ ইয়াত টণ্ডুৰী চাইৰ কেটাৰিঙৰ কাম চলি আছে। এতিয়া আৰু চিন্তা নাই। ৪হাজাৰ টকা আগধন লৈ থৈছিলোটো। নহ'লে কেনেবাকৈ পুলিচে ধৰিলে এই ৪ হাজাৰ টকা ধাৰ খাই থাকিলোহেঁতেন।'

নগাঁৱৰ বিবাহস্থলীত টণ্ডুৰী চাইৰ কেটাৰিঙৰ সময়ত…

পুলিচে ধৰিব বুলি ভয় খাইছে নেকি বুলি সোধোতে তেওঁ জনালে- 'ভয় মই খোৱা নাই। কিন্তু এই যে এডভান্স টকা কেইটা লৈ থৈছিলো সেই কাৰণে চিন্তাত আছিলো। আমাৰ উজনিৰ ফালে ল'ৰাবোৰক এনেকৈ থানালৈ মাতি বহু জে'ললৈ পঠাই দিছে ভুৱা কেচত। ভুৱা কেচ বুলি প্ৰমাণ কৰিবলৈওতো কেইদিনমান জেলত থাকিব লাগিব।'

এই ভিডিঅ'টো আপলোড কৰোতে তেনে কিবা হ'ব বুলি ভাবিছিল নেকি? কাৰণ ভিডিঅ'টোৰ শেষৰ ফালে আপুনি পুলিচে ধৰা-নধৰা কথা কৈছে। উত্তৰত হিমাংশুৱে ক'লে- 'দেখি আহিছো নহয় কাৰবাৰবোৰ। এতিয়াতো আৰু বাকস্বাধীনতা বুলিবলৈ একোৱেই নাই। সংবিধানৰ মুল আধাৰকে বিপন্ন কৰিলে। দল-সংগঠনৰ মই সদস্য নহয়। মনৰ কথাখিনি ক্ষোভত কৈছিলো। পৰিৱৰ্তন দেখিলো কি ধুনীয়া পৰিৱৰ্তন হ'ল! এতিয়াটো চৰকাৰে জনতাৰ কথাকে নুশুনে। জনতাকে বুৰ্বক বুলি কয়। কেইজনমানেহে সব জানে, বাকী কোনেও একো নাজানে।'

'পুলিচে মাতিছে মোক…'

এই ঘটনাটোৱে মনত পেলাই দিলে আন এটা ঘটনালৈ। এখন ৰেষ্টুৰেন্টত কফী খাবৰ বাবে সোমাইছিল তেতিয়াৰ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলা। সুৰক্ষা কৰ্মীৰ সৈতে ৰেষ্টুৰেন্টখনত সোমাই খাদ্য অহালৈ ৰৈ আছিল। তেওঁলোকৰ সমীপৰ টেবুল এখনতে বহি আছিল আন এজন ব্যক্তি। সুৰক্ষাকৰ্মী এজন দ্বাৰা মেণ্ডেলাই এই ব্যক্তিজনক তেওঁৰ টেবুলৰ কাষলৈ মতাই আনিলে আৰু একেলগত বহুৱাই খাদ্য খালে। খোৱাৰ পাছত মনে মনে মানুহজন ওলাই গ'ল। মেণ্ডেলাৰ লগত থকা সুৰক্ষা বিষয়াগৰাকীয়ে মেণ্ডেলাক সুধিলে- মানুহজন চাগৈ বৰ বেমাৰী! খাওঁতে তেওঁৰ হাতখন ইমানকৈ কঁপিছে।

মেণ্ডেলাই উত্তৰ দিলে- কথাটো তেনে নহয়, মোক যিখন জে'লত বন্দী কৰি ৰখাইছিল সেই জে'লখনৰ জেইলাৰ আছিল এইজন। মোক বৰ অত্যাচাৰ কৰিছিল। পানী খাব বিচাৰিলে মুখত প্ৰস্ৰাৱ কৰি দিছিল। এতিয়া মই ৰাষ্ট্ৰপতি হ'লো। তেওঁ হয়তো ভাবিছিল ময়ো তেওঁৰ লগত একেই ব্যৱহাৰ কৰিম। মোক দেখি সেয়ে তেওঁৰ ভয়ত হাত কঁপিছিল। কিন্তু মোৰ মনত প্ৰতিশোধৰ ভাৱনা নাই। প্ৰতিশোধে মানুহৰ মানৱতা আৰু মনুষ্যতাৰ বিনাশ ঘটাই। কিন্তু ধৈৰ্য্য আৰু সহিষ্ণুতাই আমাক বিকাশ আৰু উন্নতিৰ দিশলৈ আগবঢ়াই নিয়ে।

হিমাংশুৰ ভিডিঅ'টোত ক্ষোভ আছে। মনৰ ভিতৰত থকা যান্ত্ৰনা আছে। এয়াৰফৰ্চৰ চাকৰিৰ পৰা আহি এইদৰে কেইজনমান অসমীয়া ল'ৰাৰ জৰিয়তে কৰ্মমুখী সংস্কৃতি গঢ়া হিমাংশুৱে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত এগৰাকী মন্ত্ৰীৰ বক্তব্যৰ আধাৰত ভিডিঅ'টোত কিছু কথা কৈছিল। সেই ভিডিঅ'টোৰ কথাখিনিকেই সমল কৰি লৈ আৰক্ষীয়ে তেওঁক থানালৈ মাতি পঠিওৱাতো প্ৰতিশোধৰ প্ৰাথমিক পৰ্যায় বুলিয়েই সকলোৱে অনুভৱ কৰিব।

বায়ুসেনাত কৰ্মৰত অৱস্থাত হিমাংশু গগৈ…

কিন্তু কোনে বুজাব সেই সকল লোকক, আৰক্ষীক মেণ্ডেলাৰ দৰে যে প্ৰতিশোধে মানুহৰ মনুষ্যতাক বিনাশ কৰে। সুস্থ সমালোচনা সহ্য কৰিব পাৰিলেহে যে সঠিক পথৰ সন্ধানৰ বাট কৰ্ষণ হয়, সহিষ্ণুতাইহে সমাজলৈ সুস্থ বাতাবৰণ কঢ়িয়াই আনে। হিমাংশু মাত্ৰ এটা উদাহৰণহে। এনে বহু উদাহৰণ আছে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ গইনা লৈ চৰকাৰী পক্ষই আৰক্ষীৰ সহযোগত বহু কাম কৰিছে, যিবোৰ ৰাইজে প্ৰতিশোধ বুলিয়েই গণ্য কৰিছে। হিমাংশু আৰক্ষীৰ কাষলৈ যাব। কোনে জানে হিমাংশুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈও পঠাব পাৰে নতুবা এৰিও দিব পাৰে। কিন্তু এই কথাখিনি কোৱাৰ বাবেই যদি আৰক্ষীয়ে হিমাংশুক থানালৈ মাতিছে তেন্তে ইয়াতকৈ ভয়াৱহ কথা কোৱা সকলক ইমানদিনে কিয় থানালৈ মাতি এটা প্ৰশ্নও কৰিব পৰা নাই সেইটোহে ডাঙৰ প্ৰশ্ন। হিমাংশু গগৈ সৰু মানুহ। কিন্তু হিমাংশু গগৈৰ কথাত কোনো ৰাজনীতি নাছিল। আছিল স্বদেশ-স্বজাতিৰ প্ৰতি থকা ভালপোৱাৰ বাবে হোৱা ক্ষোভৰ উদ্গিৰণ।