অসম

মিষ্টাৰ মিনিষ্টাৰ, মে’ আই আস্ক এ কুৱেশ্যন প্লিজ…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰ, ২৪ মে', ২০২০ত পুনৰ ক'লে- অতি কঠোৰভাৱে পালন কৰিব লাগিব কোৱাৰেন্টাইন। ৰাজ্যখনৰ স্বাৰ্থতে যে তেখেতে এই কথা কৈছে তাত সন্দেহ নাই। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়চোৱাত স্বাস্থ্য মন্ত্ৰী হিচাপে তেওঁৰ সক্ৰিয়তাৰ প্ৰমাণ সৰ্বত্ৰে।

স্বাস্থ্য মন্ত্ৰী হিচাপে এই খিনি দায়িত্ব তেওঁ সুচাৰুৰূপেই পালন কৰিব পৰা বুলিয়েই ৰাজ্যবাসীয়ে ভাবে। আনকি কোৰোনা প্ৰতিৰোধ আৰু ইয়াৰ বিৰুদ্ধে যুঁজি বিশ্ববাসীৰ মডেল হোৱা কেৰালাকো কোভিড-১৯ৰ পৰীক্ষাৰ ক্ষেত্ৰত অসমে পিচ পেলোৱা কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।

ইয়াৰ বাবে নিশ্চিতভাৱে অভিনন্দনৰ পাত্ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা এই পৰীক্ষাসমূহ সম্পন্ন কৰা সংশ্লিষ্ট লোকসকল। কোৱাৰেন্টাইনৰ নীতি-নিয়ম কঠোৰভাৱে মানি চলাৰ বাবেই অসমত গণ সংক্ৰমণ হোৱা নাই বুলিও তেখেতে ঘোষণা কৰিলে।

কিন্তু কোৱাৰেন্টাইনৰ নামত একাংশ হোটেলত কি চলিছে বা হোটেলসমূহত কোৱাৰেন্টাইনত থকা লোকসকলৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছত কোৰোনাৰ প্ৰট'ক'ল অনুসৰি কন্টেইনমেন্ট জ'ন সংশ্লিষ্ট হোটেলখনত ঘোষণা কৰা হয়নে?

এই হোটেলত তেনে ৰোগীৰ সংস্পৰ্শলৈ অহা হোটেলৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ খাটিৰত তেওঁলোকৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় এই সন্দৰ্ভত এটা প্ৰশ্ন কৰিছিল এজন সাংবাদিকে। সেই প্ৰশ্নৰ উত্তৰ স্বাভাৱিকভাৱেই মন্ত্ৰীগৰাকীয়ে দিয়া হ'লে ক'ব লগা একো নাথাকিল হয়। কিন্তু এনে লাগিল হোটেলৰ প্ৰসংগ টানি অনাৰ পাছতেই এক প্ৰকাৰৰ উত্তেজিত হৈ সাংবাদিকৰ পৰিচয় বিচৰা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে যেন বহু কথা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলে।

সাংবাদিকজনে কেতিয়াও কোৱা নাছিল- হোটেলসমূহত কোৱাৰেন্টাইন বন্ধ কৰি দিব লাগে। তেওঁ মাত্ৰ সুধিছিল যে- কোভিড-১৯ ধৰা পৰাৰ পাছত হোটেলসমূহৰ কৰ্মচাৰী বা সংশ্লিষ্ট হোটেলখনত কি ব্যৱস্থা গ্ৰহণ কৰা হয়?

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰা আহ্বান আৰু মন্তব্য মতেই তেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত। কিন্তু সেই কথা ঢাকি ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে যেন সেই প্ৰশ্নটোকে এক অযথা প্ৰশ্ন বুলি তুলি ধৰাৰ প্ৰয়াস কৰিলে । আমাৰ হাতত পৰা তথ্য মতে, গুৱাহাটীৰ হোটেলত কোৱাৰেন্টাইন হৈ থকা বহু লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছিল।

মহানগৰীৰ প্ৰাগ কন্টিনেন্টেল নামৰ হোটেলখনত কোৱাৰেন্টাইনত থকা ৪২জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰাতো মিছা নেকি? যদি সঁচা হয় তেনেহ'লে সেই হোটেলখনত কৰ্মৰত কৰ্মচাৰীসকলৰ জীৱনৰ প্ৰতি ভাবুকি নাহিব নেকি? কেনেদৰে ধৰি লোৱা হ'ল যে, সেই হোটেলখনৰ কৰ্মচাৰীসকল কোভিড-১৯ত আক্ৰান্ত নহয়। য'ত পিপিই কীটছ পৰিধান কৰা চিকিৎসকেই কোভিড-১৯ত সংক্ৰমিত হয়, তেনেস্থলত এই হোটেলবোৰৰ কৰ্মচাৰীসকলৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকিক লৈ ইমান উপেক্ষা কিয়?

এই প্ৰশ্ন কোনো ব্যক্তিগত দৃষ্টিভংগীৰে কৰা হোৱা নাছিল। অতি বিনম্ৰতাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ এখন হোটেলত কোৱাৰেন্টাইন হৈ থকা এজন ব্যক্তিৰ সৈতে আমি পতা কথোপকথন শুনক। এই কথোপকথনত ব্যক্তিজনে গুৱাহাটীৰ অভিষেক ৰেজেঞ্জী নামৰ হোটেলখনত কোৱাৰেন্টাইন হৈ থকা কথা কৈছে।

১৭ মে', ২০২০ত তেওঁলোক মুম্বাইৰ পৰা আহিছিল। সৰুসজাইলৈ তেওঁলোকক নিয়াৰ পাছত কোৱাৰেন্টাইন কৰিবলৈ এই হোটেলখনলৈ লৈ যোৱা হৈছিল। তাতেই এটা কোঠাত তেওঁলোক কোৱাৰেন্টাইন হৈ আছিল।

অতি সহজ-সৰল এই ব্যক্তিজনে যি কথা জানিবলৈ দিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। এটা কোঠাত ৬জনকৈ লোকক কোৱাৰেন্টাইন কৰা হৈছিল। দুখন বিচনাত ৩জনকৈ লোকে শুইছিল। এতিয়া আপুনিয়ে কল্পনা কৰক- এটা কোঠাত ৬জন ব্যক্তি আৰু দুখন বিচনাত সেই ৬জন ব্যক্তি শুব লগা হৈছিল। কি সামাজিক দূৰত্ব এনেদৰে ৰক্ষা কৰা হৈছিল কোৱাৰেন্টাইনৰ নামত?

এয়া বাস্তৱ। একেখন বিচনাত তিনিজনকৈ লোক শুই কোৱাৰেন্টাইনৰ নামত এয়া ল'ৰা-ধেমালি হোৱা নাছিলনে? হোটেলবোৰত এনেদৰে ভিতৰচৰাত কি চলি আছে কোৱাৰেন্টাইনক লৈ সেই কথা যদি উদঙাই দিলে স্বাস্থ্য মন্ত্ৰীৰ খং উঠে তেনেহ'লে সেয়া কেনে গণতন্ত্ৰ?

তেওঁ কৰা ভাল কামবোৰৰ কৃতিত্ব দিও তেওঁক এই প্ৰশ্ন সুধিব নোৱাৰি নেকি যে- প্ৰকৃতাৰ্থত কোৱাৰেন্টাইন কৰা হ'লনে ? নে কোৱাৰেন্টাইনৰ নামত এনেবোৰে ভেকোভাওনা চলি আছে মানুহৰ অগোচৰে?

এইখিনিতে মন কৰিব লগা কথা যে, এই হোটেলখনত যিটো কোঠাত ৬জনকৈ লোক আছিল, তাৰে এজনৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। তাৰপাছত তেওঁক সেই হোটেলখনৰ কোঠাটোৰ পৰা চিকিৎসালয়লৈ নিয়া হয়।

২১ মে', ২০২০ত সেই ব্যক্তিজনক চিকিৎসালয়লৈ নিয়াৰ পাছত এই হোটেলখনৰ ৩০৫ নম্বৰ কোঠাত বাকী ৫জন লোক থাকি গ'ল। তেওঁলোকৰ প্ৰথম শ্বাৱ টেষ্টৰ ফলাফল আছিল নিগেটিভ। তাৰপাছত দ্বিতীয়বাৰ সেই লোক কেইজনৰ পুনৰ শ্বাৱ টেষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছিল।

সেই হোটেলত থকা আন এজন ব্যক্তিৰ সৈতে কথা পতা হৈছিল। ইমান সুচাৰুৰূপে কোভিড-১৯ক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্য মন্ত্ৰীয়ে কাম-কাজ কৰা বুলি আমি সকলোৱে শ্বস্তিৰ নিশ্বাস লৈ আছো। কিন্তু ডাঙৰ কথাটো হ'ল- এই ৫জন লোকক ২৩মে', ২০২০ৰ নিশা ৬.৩০মান বজাত চিকিৎসক সহিতে এটা দল আহি তেওঁলোকক ঘৰলৈ যাবৰ অনুমতি দিয়ে।

এখন গাড়ী ভাড়া কৰি আৰু দুখন বাইকত উঠি ৫জন লোক ঘৰা-ঘৰি হৈছিল। কোনোবা গৈ পাইছিলগৈ নগাঁও। কাৰণ তেওঁলোকৰ আটাইকেইজনৰ ঘৰ আছিল হোজাইত। তাৰপাছতে আকৌ ফোন গ'ল- ঘূৰি আহিব লাগে হোটেললৈ।

কি কথা ধৰিব নোৱাৰি আটাইকেইজন ব্যক্তি ঘূৰি আহিল হোটেললৈ। তাৰপাছত তেওঁলোকক জনোৱা হ'ল যে, ভুলতে তেওঁলোকক যাবলৈ দিয়া হৈছিল। এয়া কেনেদৰে সম্ভৱ হৈছে ইমান তৎপৰ স্বাস্থ্য মন্ত্ৰীৰ নেতৃত্বত পৰিচালিত এটা স্বাস্থ্য বিভাগত?

এতিয়ালৈকে সেই ৫জন লোকৰ দ্বিতীয়টো শ্বাৱ টেষ্টৰ ফলাফল অহা নাই। তেওঁলোক হোটেলৰ পৰা ওলাই আহি ঘৰলৈ যোৱাৰ পথত বহু লোকৰ সংস্পৰ্শলৈ নিশ্চয় গৈছে। কাৰ ভুলৰ বাবে এনে হ'ল সেই কথা স্বাস্থ্য মন্ত্ৰীক সুধিলে ভুল হ'ব নেকি সাংবাদিকৰ?

আন এজন লোক গুৱাহাটীৰে এখন হোটেলত আছিল। মুম্বাইৰ পৰা অহা এই লোকজনে হোটেলত কোৱাৰেন্টাইন হোৱাৰ পাছত গাত জ্বৰ-বিষ অনুভৱ কৰিছিল। সেই কথা তেওঁ স্বাস্থ্য বিভাগক জনাইছিল। কিন্তু চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ ৰাজ্যৰ মুখ্য সচিবক মেছেজ যোগে এই কথা জনোৱাত তেওঁক ভৰ্তি কৰা হৈছিল এমএমচিএইচত।

এই ব্যক্তিজনে জ্বৰ-বিষ ভাল পালে। ১৬ মে'ত তেওঁ ঘূৰি আহিছিল মুম্বাইৰ পৰা। তেওঁৰ শ্বাৱ টেষ্ট কি হ'ল সেই ফলাফল আজিলৈকে তেওঁ নাপালে। এমএমচিএইচৰ কৰ্তৃপক্ষক তেওঁ সোধাত মেডিকেল বৰ্ডে অনুমতি দিলেহে তেওঁক মেডিকেলৰ পৰা ৰিলিজ দিয়া হ'ব বুলি ক'লে।

এইবোৰ কথা ৰাইজৰ স্বাৰ্থতে, ৰাজ্যখনক সুৰক্ষিত কৰাৰ প্ৰসংগতে জানো সাংবাদিকে উত্থাপন নকৰে? যদি সঁচা অৰ্থত কোভিড-১৯ৰ প্ৰতিৰোধৰ বাবে সকলোৰে সহযোগ লাগে তেনেহ'লে এনে বিসংগতিবোৰ দেখাই দিয়াত আপত্তি ক'ত? এয়াটো সমালোচনা নহয়।

কোভিড-১৯ৰ কোৱাৰেন্টাইন কক্ষত কোনো লোকেই ৰাজকীয় খাদ্য নিবিচাৰে। কিন্তু মানুহ হিচাপে খাব পৰা খাদ্য তেওঁলোকে হয়তো বিচাৰিব। সেইখিনি আসোৱাহ দূৰ কৰাৰ ব্যৱস্থা প্ৰশাসনে ল'ব লাগিব। ইয়াকে নকৰি তেনে লোকৰ বিৰুদ্ধে সৰৱ হৈ বা চিকিৎসালয়ত ভীৰ্তি প্ৰদৰ্শনেৰে সকলোবোৰ কথা জানো আঁৰৰ মাজত ৰখাই থব পাৰিব?

অভিষেক ৰেজিডেঞ্জী কৰ্তৃপক্ষৰ সৈতেও আমি কথা পাতিছিলো। তেওঁলোকে জনালে ৩০৫ৰ উপৰিও ৩০১নম্বৰ ৰূমত চাৰিজনকৈ লোক আছে। কৰ্তৃপক্ষক আমি সুধিছিলো- ৩০৫ নম্বৰ ৰূমত ৬জন লোক দুখন বিচনাত একেলগে শুৱাৰ যুক্তিযুক্ততা আছেনে?

হোটেলখনৰ এগৰাকী কৰ্মচাৰীয়ে কৈছিল- তেওঁলোকক আমি কৈছিলো কিন্তু তেওঁলোকে একেলগে থকাৰ কথা ক'লে। কোৱাৰেন্টাইনত থকা লোকসকলৰ নিজৰ মতেই জানো সকলো হয়। অশিক্ষিত কোনো লোকে তেনে কৰিব খুজিলেও প্ৰশাসনে কোৱাৰেন্টাইনত ৰাখি তেওঁলোকক একেখন বিচনাতে শুই , একেলগে দিন-ৰাতি অতিবাহিত কৰা এই বিষয়টো কিয় লক্ষ্য নকৰিলে?

এই প্রশ্নৰ উত্তৰত হোটেলখনৰ কৰ্মচাৰীজনে ক'লে- আমাৰ হোটেলত ৪জনকৈ কোৰোনাত আক্ৰান্ত ধৰা পৰিছে। শনিবাৰৰ দিনাও দুজনৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। আমি অকণমান কাষলৈ যাব খুজিলেও আন সকল যে ওচৰলৈ যাবই নোখোজে। কৰ্মচাৰীজনে লগতে কোভিড-১৯ ধৰাৰ পাছত হোটেলখনত কি কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব বিচৰাত তেনে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক'লে।

এয়া হৈছে হোটেলসমূহৰ ভিতৰৰ পৰিবেশ। যিগৰাকী স্বাস্থ্য মন্ত্ৰীয়ে ৰাজ্যবাসীক আশ্বস্ত কৰিব খোজে, এনেবোৰ দিশ পোহৰলৈ অহাৰ পাছত, কোৱাৰেন্টাইনৰ নীতি-নিয়ম, কোৰোনাৰ প্ৰট'ক'ল প্ৰকৃতাৰ্থত মানি চলা হৈছে বুলি তেওঁ নিজেই আশ্বস্ত হ'ব পাৰিবনে?

তথ্য সহকাৰে মাননীয় স্বাস্থ্য মন্ত্ৰীক এইখিনি বিষয় দাঙি ধৰা হ'ল। সেয়া তেখেতৰ প্ৰতি আক্ৰোশ নহয়। সাংবাদিক হিচাপে লাভ কৰা তথ্যগত প্ৰমাণৰ ভিত্তিত তুলি ধৰা এখন বাস্তৱ ছবি। ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।

২৪ মে'ৰ নিশা ৭.৩০ বজালৈকে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা অসমত হৈছেগৈ ৩৫৮জন। এতিয়া বহিঃৰাজ্যৰ পৰা অহা বেছিভাগ লোকৰ দেহতেই কোভিড-১৯ ধৰা পৰিছে। হোটেলসমূহত কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ দেহত কোভিড-১৯ ধৰা পৰা বিষয়টো আজি যদিও অৱজ্ঞা কৰা হৈছে, যদি কেনেবাকৈ সেয়া বিপজ্জনক হয় তেনেহ'লে তাৰ পৰিণাম সমাজখনে ভোগ কৰিব লাগিব।

সকলো হোটেলত কৰ্মৰত কৰ্মচাৰীসকলৰ পিপিই কীটছ নাই। এই ক্ষেত্ৰত তেওঁলোক কিমান সুৰক্ষিত? বহু হোটেলত কৰ্মচাৰীয়ে হোটেলত কাম কৰি ঘৰ, বজাৰ-সমাৰলৈ গৈছে। সেই সজাগতা সৃ্ষ্টি কৰাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ নহয় জানো? মানুহবোৰক যিকোনো প্ৰকাৰে কোৱাৰেন্টাইন কৰি ৰাখিবলৈ হোটেলৰ একাংশ কৰ্মচাৰীৰ জীৱনক লৈ খেলা কৰা হোৱা নাইনে?

ইতিবাচক দৃষ্টিভংগীৰে এই কথা ভাবক। যিসকলে কাৰোবাক দেৱতাৰ শাৰীত তুলি তেওঁ কৰা প্ৰতিটো কামেই শুদ্ধ বুলি ভাবে, তেওঁলোকে যুক্তিনিষ্ঠতাৰে এই কথাখিনি বিচাৰ-বিবেচনা কৰক। এনেদৰে গুৱাহাটীৰ হোটেলত হৈ আছে কোৱাৰেন্টাইন। একেখন বিচনাত ৩জনকৈ শুৱে, একেটা কোঠাত ৬জনকৈ লোক থাকে। ভুল কৰি চিকিৎসকে কোৱাৰেন্টাইনত থকা লোকক ঘৰলৈ পঠিয়াই দি আদবাটৰ পৰা ঘূৰাই আনে। অথচ সেই লোক কেইজনৰ সৈতে একেটা কোঠাত থকা এজনৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। তাৰপাছত তেওঁলোকৰ শ্বাৱ টেষ্টৰ ফলাফলেই অহা নাছিল। স্বাস্থ্য মন্ত্ৰী মহোদয় এইবোৰ প্ৰশ্ন আপোনাক নুসুধি সাংবাদিকে সুধিব কাক? আৰু সাংবাদিকক উপহাস কৰাৰ বাবে যিসকলে সন্তুষ্টি পাইছে সেইসকলে তেনে পৰিস্থিতিৰ সন্মুখীন হ'লে কিন্তু সেইদিনা ভাবিবলৈ বাধ্য হ'ব সাংবাদিকে এনে কৰা নাছিল এইবোৰ প্ৰশ্ন।