অসম

হাতত ‘মিৰ্চী মিউজিক এৱাৰ্ড’ লৈ মুম্বাইত কোন এইজন অসমীয়া…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

'বলিউডত প্ৰতিষ্ঠিত হ'বলৈ মুম্বাইলৈ যাব লাগিবই বুলি কোনো কথা নাই। এতিয়া ইন্টাৰনেটৰ যুগত বিশ্বৰ যিকোনো স্থানতে থাকি বলিউডত প্ৰতিষ্ঠিত হোৱাৰ সুযোগ ল'ব পাৰে। মই এৰেঞ্জ কৰা মিউজিক অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। মুম্বাইলৈ নহাকৈয়ে অসমৰ পৰা সেইবোৰ ব্যৱস্থা কৰিব পৰা যুগ এতিয়া।'

এই মন্তব্য কৰিলে বলিউডৰ প্ৰতিষ্ঠিত সংগীত ব্যৱস্থাপক ধ্ৰুৱজ্যোতি ফুকনে। মিউজিক প্ৰডিউচাৰ, মিউজিক এৰেঞ্জাৰ আৰু মিউজিক প্ৰগ্ৰেমাৰ হিচাপে হিন্দী ছবিত বিশেষ সুনাম আছে এইগৰাকী অসম সন্তানৰ।

ডি জে ফুকন নামৰ পৰিচিত ধ্ৰুৱজ্যোতি ফুকন এজন সুসংগীত পৰিচালক। ২০১২বৰ্ষত হিন্দী ছুটী ছবি 'পাঞ্চাষী'ৰ বাবে ৫৯ সংখ্যক নেশ্যনেল ফিল্ম এয়াৰ্ডত শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল ধ্ৰুৱজ্যোতি ফুকনে।

ৰবীনা টণ্ডনে ২০০৩চনতে প্ৰযোজনা কৰা 'ষ্টাম্পড' ছবিৰ যোগে তেওঁ ভৰি দিছিল সংগীত পৰিচালনাত। এতিয়ালৈকে ১০০ৰো অধিক বলিউডৰ ছবিত সংগীত ব্যৱস্থাপনা, মিউজিক প্ৰডিউচাৰ, মিউজিক এৰেঞ্জাৰ আৰু মিউজিক প্ৰগ্ৰেমাৰ হিচাপে কাম কৰা ধ্ৰুৱজ্যোতি ফুকনৰ জন্ম হৈছিল ১৯৬৪চনৰ ১৭ জুনত।

শিৱসাগৰৰ মৰাণৰ পৰা গৈ মুম্বাইত প্ৰতিষ্ঠিত হোৱা ধ্ৰুৱজ্যোতি ফুকনে প্রথম ১৯৯৩চনলৈ মুম্বাইলৈ যাত্ৰা কৰিছিল। তাৰপাছত মাজতে অসমলৈ ঘূৰি আহিল যদিও, ১৯৯৬চনত পুনৰ মুম্বাইলৈ গৈ এতিয়া তেওঁ বলিউডৰ এজন তাৰকা মিউজিক এৰেঞ্জাৰ ৰূপে স্বীকৃতি লাভ কৰিছে।

২০২০বৰ্ষৰ মিৰ্চী মিউজিক এৱাৰ্ডত এইগৰাকী অসম সন্তান জিলিকি উঠিল। ২০১৯ বৰ্ষত মুক্তি লাভ কৰা এখন উল্লেখযোগ্য ছবি আছিল 'কলংক' । এই ছবিখনত অভিনয় কৰিছিল আলিয়া ভট, বৰুণ ধৱন আৰু আদিত্য ৰয় কাপুৰে। সেই ছবিখনৰে এটা গীত আছিল 'ঘৰ মোৰে পৰদেশীয়া'।

২০২০বৰ্ষৰ মিৰ্চী মিউজিক এৱাৰ্ড লাভ কৰিলে সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকনে…

এই গীতটোৰে মিউজিক প্ৰডিউচাৰ (প্ৰগ্ৰেমিং এণ্ড এৰেঞ্জিং) আছিল ধ্ৰুৱজ্যোতি ফুকন। তেওঁৰ সৈতে প্ৰসাদ শাস্ত্ৰী,প্ৰকাশ পিটৰ, ছনী এম আৰ আছিল এই গীতটোৰ মিউজিকৰ প্ৰগ্ৰেমিং আৰু এৰেঞ্জিঙত। দ্বাদশ মিৰ্চী মিউজিক এৱাৰ্ডত এই গীতটোৰ বাবে বেষ্ট ছং প্ৰডিউচাৰ অৰ্থাৎ শ্ৰেষ্ঠ সংগীত প্ৰযোজক বঁটা লাভ কৰিলে ধ্ৰুৱজ্যোতি ফুকনে।

উল্লেখযোগ্য যে, এইবাৰ মিৰ্চী ছ'চিয়েল মিডিয়া এইকন বঁটা লাভ কৰিলে নেহা কক্কৰে। মিৰ্চী ট্ৰেণ্ডচেট্টাৰ্ছ এলবাম অৱ দ্য ইয়েৰ বঁটা 'গলী বয়', লাইফ টাইম এচিভমেন্ট এৱাৰ্ড উষা মংগেশকাৰ, আপকামিং মেল ভকেলিষ্ট অৱ দ্য ইয়েৰ পালে অভিজিৎ শ্ৰীবাস্তৱে, লিচনাৰ্ছ চইচ অৱ দ্য ইয়েৰ সন্মান 'বেখায়ালী' গীতে, মিউজিক কম্পজাৰ অৱ দ্য ইয়েৰ প্ৰীতম, শ্ৰেষ্ঠ মহিলা নপথ্য কণ্ঠশিল্পী বঁটা শ্ৰেয়া ঘোষাল, শ্ৰেষ্ঠ পুৰুষ নপথ্য কণ্ঠশিল্পী বঁটা অৰিজিত সিং আদিয়ে লাভ কৰে।

বলিউডৰ কেইবাগৰাকীও ছুপাৰষ্টাৰ উপস্থিত আছিল এই অনুষ্ঠানত। দীপিকা পাডুকন, তাপসী পান্নু, এ আৰ ৰহমান, নেহা ভাশীল, শ্ৰেয়া ঘোষাল, তলদ আজিজ, ইলা অৰূণ, বাপ্পী লেহৰী, ছানী লিয়নী, উৰ্বশী ৰাটেলা, ৰবীনে টণ্ডনে অংশ লৈছিল এই বঁটা প্ৰদান অনুষ্ঠানত।

কান্ত্ৰী, হম তুম, গেংগষ্টাৰ, ধুম ২, ধনধনাধন গ'ল, জব উই মেট, ৰেচ, সিং ইজ কিং, ৰাজ২, লভ আজকল, ৰাজনীতি, খট্টা মিঠা, থেংকইউ, ৰেডী, একচন ৰিপ্লে, বডীগাৰ্ড, ব্লাড মানী, ধুম ৩, এক ভিলেইন আদি বহু হিন্দী বোলছবিত ধ্ৰুৱজ্যোতি ফুকনে মিউজিক এৰেঞ্জাৰ হিচাপে কাম কৰিছিল।

ইয়াৰ পূৰ্বেও মিৰ্চী মিউজিক এৱাৰ্ডৰ বাবে মনোনয়ন লাভ কৰিছিল ধ্ৰুৱজ্যোতি ফুকনে। ২০১০বৰ্ষত 'মেৰে বিনা' শীৰ্ষক গীতটোৰ বাবে, ২০১৪ত 'ধ্ৰুম-৩'ৰ 'কমলী' শীৰ্ষক গীতটোৰ বাবে তেওঁ মনোনয়ন পাইছিল।

শ্ৰেয়া ঘোষাল আৰু বৈশালী মহাডেয়ে কন্ঠদান কৰা এই গীতটোৰ সংগীত আছিল প্ৰিতমৰ। গীতটোৰ মিউজিক প্ৰডাকশ্যন আৰু ছাউণ্ড ডিজাইন ক্ৰমে ডি জে ফুকন আৰু স্বামী এম আৰৰ আছিল। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা বাৰ্তালাপত ধ্ৰুৱজ্যোতি ফুকনে কয়- এই সন্মানে তেওঁক অনুপ্ৰাণিত কৰিছে। ইয়াৰ পূৰ্বেও তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছিল। তাৰ ভিতৰত ২০১৫ আৰু ২০১৪চনত গীমা বঁটা লাভ কৰিছিল।

ব্যস্ততা…

ধ্ৰুৱজ্যোতি ফুকনৰ পত্নী শাশ্বতী ফুকনৰো আছে বলিউডৰ সৈতে বিশেষ সম্পৰ্ক। কেইবাখনো হিন্দী ছবিত গীত গাইছে শাশ্বতী ফুকনে। বিশেষকৈ ৰিমিক্স গীতৰ ক্ষেত্ৰত শাশ্বতী ফুকনৰ নাম আছে দেশজুৰি। তেওঁৰ কন্ঠতে 'কাটা লাগা' ৰিমিক্স গীতটোৱে দেশজুৰি তোলপাৰ লগাইছিল।

বলিউডৰ এই প্ৰতিষ্ঠিত সংগীত পৰিচালক গৰাকীয়ে দিলে তেওঁৰ পত্নী শাশ্বতী ফুকনৰ নতুনকৈ এটা অসমীয়া গীত ৰিলিজ হোৱাৰ খবৰ। মুম্বাইত অতিকৈ ব্যস্ত দুয়ো। ব্যস্ততাৰ মাজতে তেওঁ ৰাখে অসমীয়া সংগীতৰো খবৰ।

অসমত সাম্প্ৰতিক সময়ত সংগীতৰ ধাৰা সন্দৰ্ভত সোধাত তেওঁ ক'লে- তেওঁ বহু আশাবাদী। ভাল ভাল কাম হৈ আছে। অসমৰ লোক সংগীতেই ইমান চহকী যে বহু কম জাতি-জনগোষ্ঠীৰ মাজত এনে চহকী সংগীতৰ ভঁৰাল আছে। সুযোগ পালেই তেওঁ অসমৰ সেই লোকসংগীতৰ সম্ভাৰ ব্যৱহাৰ কৰে তেওঁৰ সেই মিউজিক কম্প'জত।

সঞ্জয় গুপ্তাৰ এজন জনপ্ৰিয় ছবি আছিল 'কাঁটে'। এই ছবিখনত সংগীত ব্যৱস্থাপক ৰূপে জড়িত হৈ তেওঁ যথেষ্ট স্বীকৃতি লাভ কৰিছিল। ইয়াৰ পাছত তেওঁ পিচ ফাললৈ ঘূৰি চোৱা নাই। সেয়াই আছিল তেওঁৰ প্রথমটো সফলতা।

যতীন ললিতকে ধৰি বলিউডৰ কেইবাজনো জনপ্ৰিয় সংগীত পৰিচালকৰ সৈতে তেওঁৰ কাম কৰাৰ অভিজ্ঞতা আছে। সংগীতেই এতিয়া তেওঁৰ প্ৰাণ, সংগীতেই ধৰ্ম। সংগীতৰ মূৰ্চনাৰ মাজতেই আগবাঢ়ে তেওঁৰ জীৱন।

অসমৰ এইগৰাকী সংগীত ব্যৱস্থাপক, পৰিচালকৰ সফলতাই এতিয়া বিলাইছে বলিউডত সুবাস। ফিল্মফেয়াৰ সন্দৰ্ভত তেওঁক সোধা হৈছিল এই প্ৰশ্ন। অসমত অনুষ্ঠিত হৈ যোৱা ফিল্মফেয়াৰ অনুষ্ঠানৰ সন্দৰ্ভত বলিউডৰ কোনোবাই তেওঁক কিবা কৈছে নেকি?

উত্তৰ তেওঁ ক'লে- এতিয়ালৈকে তেওঁক কোনোৱে একো কোৱা নাই। নিজৰ কাম একাগ্ৰতা আৰু নিষ্ঠাৰে কৰি যোৱা এইগৰাকী শিল্পীৰ আছে বহু পৰিকল্পনা। তেওঁৰ মতে, ভাল কামবোৰৰ সদায় স্থায়িত্ব থাকে আৰু বেয়াবোৰ সময়ৰ সোঁতত হেৰাই যায়। অভিনন্দন ধ্ৰুৱজ্যোতি ফুকন।