অসম

প্ৰসংগ কেবঃ অতুল বৰাই যিবোৰ প্রশ্নৰ উত্তৰ দিব লাগিব…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

মানুহে কয়- ৰাজনৈতিক নেতাবোৰৰ মুখ হেনো কেইবাখনো। আজি কোৱা কথা কাইলৈ তেওঁ নাই কোৱা বুলিও ক'ব পাৰে। পৰিস্থিতিৰ লগত মিলাই কথাৰ সুৰ সলোৱাত তেওঁলোক পাকৈত। দেশ-স্বজাতিৰ ভৱিষ্যততকৈ তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যৎ সদায় গুৰুত্বপূৰ্ণ।

কাজিৰঙাত চোৰাংচিকাৰীয়ে গঁড় মাৰিয়েই থাকে। সেয়া নিয়মীয়া ঘটনা হৈ পৰিছে। চোৰাং চিকাৰীয়ে গঁড় মাৰি থাকে বুলিয়েই আৰু দুটা মান গঁড় চোৰাং চিকাৰীক মাৰিবলৈ দিওঁ বুলি কোনোবাই যুক্তি দিলে মানি ল'ব পাৰিনে?

একেদৰে অসমত বিদেশী আছেই। আৰু দুজনমান বিদেশীৰ আমি বোজা ল'লে তাতে কি হ'ল বুলি কেবৰ সমৰ্থন কৰিবলৈ গৈ যদি অসম আন্দোলন কৰি ৰাজপাট খোৱা কোনো নেতাই স্বীকাৰুক্তি দিয়ে, তেন্তে সেয়া কোন যুক্তিত মানি ল'ব পাৰি?

তাৰমানে ঐতিহাসিক অসম আন্দোলনকে ভুল বুলি স্বীকাৰ কৰি কেবৰ সমৰ্থনেৰে হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিব খোজা এই নেতাসকলে মন্ত্ৰিত্ব এৰিব লাগিব বুলিয়েই জাতিক পুনৰ এবাৰ আভুৱাভৰাই এনে মন্তব্য কৰিলেও সেই সকল যে ঘৰৰ বিভীষণ তাৰ স্বৰূপ আজি ওলাই পৰিল।

অসম গণ পৰিষদৰ জন্ম কেনেদৰে হৈছিল? কাৰ ঊৰখত আৰু কি কাৰণে এই দলটোৰ জন্ম হৈছিল সেই কাহিনী আৰু অতীত যদি দলটোৰ সভাপতি জনেই পাহৰিব চেষ্টা কৰে তেনেহ'লে সেয়া তেওঁৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰা এখন নাটকৰ বাদে আন একো হ'ব নোৱাৰে।

এই সকল নেতাই এদিন কৈছিল- আইৰ আহ্বান শুনক। আইৰ অন্তৰ আত্মাই কি কৈছে সেয়া মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰক। সৌ সেইদিনা কেবক লৈ এনেদৰে কোৱা মানুহজনে হঠাৎ কৈ পেলালে- ইমানদিনে ইমান বিদেশীৰ বোজা ল'লোৱেই। আৰু দুজনমানৰ লোৱাত আপত্তি ক'ত?

তেওঁলোকে কৈছে- এই বিধেয়কৰ জৰিয়তে থলুৱা খিলঞ্জীয়াৰ সাংবিধানিক অধিকাৰ সাব্যস্ত হ'ব। সেই নিশ্চয়তা ৰাজ্যবাসীক এইজন নেতাই কিহৰ ভিত্তিত দিব বিচাৰিছে? অসমচুক্তি স্বাক্ষৰ কৰা ইমান দিনৰ পাছতো চুক্তিৰ দফা কাৰ্যকৰী নহ'ল। এতিয়া হঠাৎ হিন্দু বাংলাদেশী প্ৰসংগত ৬ নং দফাক লৈ দৰ-দাম চলিছে।

এইজন বদন ৰূপী নেতাই আনক আইৰ মান ৰক্ষা কৰাৰ কথা ক'বলৈ গৈ নিজেই আইৰ আহ্বানক উপেক্ষা কৰিলে। হাস্যকৰ কথাটো হ'ল- যিজনে নিজকে বহু জনা বুলি ভাবে, তেওঁতকৈ তেওঁৰ অশিক্ষিত আই বেছি জাতীয়তাবাদী আৰু দূৰদৰ্শী আছিল।

সেই কথা তেওঁ পিছত অনুভৱ কৰিব। পূৰ্বতে মন্ত্ৰিত্ব এৰাক লৈ যুক্তি দৰ্শাই কৈছিল- ৰাইজ লগত আছে বুলি ভাবিয়েই তেওঁলোকে মন্ত্ৰিত্ব এৰি ৰাইজৰ কাষ চাপিছিল। ৰাইজে হেনো ভোট নিদিলে। সেয়েহে তেওঁলোকে এইবাৰ ভুল নকৰে।

এটা ৰাজনৈতিক দলৰ এইজন নেতাই ভোটৰ সংখ্যাৰে নিজৰ আদৰ্শ, দৰ্শন আৰু দলীয় মতাদৰ্শক তুলনা কৰি কোনোবা হিন্দুত্ববাদী ৰাজনৈতিক দলৰ হেঁচাত সকলোবোৰ বিসৰ্জন দিবলৈ সাজু হৈ এনে সুৰত সুৰ মিলাইছে।

ভোট নোপোৱাৰ বাবেই তেওঁ নিজ মাতৃৰ আহ্বান বা উপদেশ ভুল হৈ গ'ল। পঞ্চায়ত নিৰ্বাচনত বাৰু ৰাইজে ভোট নিদিলে। লোকসভা নিৰ্বাচনত তেওঁ কোৱাৰ দৰেই সঠিক সিদ্ধান্ত লৈ কাৰোবাৰ নেঙুৰত ধৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছতো এজনো সাংসদ জয়ী কৰিব নোৱাৰিলে কিয়? সেই উত্তৰ তেওঁৰ হাতত আছেনে?

তেওঁৰ মতে ভোটৰ অংকৰেই যদি সঠিক সিদ্ধান্ত হয়-নহয় নিৰ্ণয় কৰিব পাৰি, তেনেহ'লে গেৰুৱা দল বিজেপিৰ সৈতে তেওঁলোকৰ লোকসভা নিৰ্বাচনৰ পূৰ্বৰ মিত্ৰতা ভুল আছিল বুলি তেওঁ মানি লবনে? কোনো কোনোৱে কৈছে- তেওঁৰ এই মন্তব্য শুনাৰ পাছত তেওঁক অগপৰ সভাপতিতকৈ বিজেপিৰ মুখপত্ৰ যেনহে বেছি লাগিছে।

মন্ত্ৰিত্বৰ চকী খামুচি ধৰি ৰাখিবলৈ বা মন্ত্ৰিত্বৰ লালসাত তেনে এনে নকৰা হ'লেও হ'ল হয়। ২০১৪লৈকে বিদেশীক আদৰিবলৈ আগ্ৰহেৰে ৰৈ থকা এনে জাতীয়তাবাদী শিবিৰৰ নেতাৰ আত্মসমৰ্পণ দেখি অসমৰ ৰাইজেই তবধ মানিছে।

এইসকল চালাকি নেতাৰ এটাই সমস্যা। তেওঁলোকে ভাবে তেওঁলোকেই সকলো বুজে। তেওঁলোকে কেৱল নাভাবে- সাধাৰণ ৰাইজেও যে তেওঁলোকৰ চালাকি বুজে। এদিন সোণৰ অসম গঢ়িম বুলি তেওঁলোকৰ দৰে নেতাই জানো আমাক প্ৰতিশ্ৰুতি দিয়া নাছিল? আজি সেই সকল নেতাই কয়- বিদেশী না খেদাব পাৰিব, না বিদেশীক বাংলাদেশে ল'ব।

জাতীয়তাবাদৰ নামত মুখা পিন্ধি এই সকল নেতাই ৰাজনীতি কৰিলে। তেওঁ বাস্তৱৰ কথা কয়। কেন্দ্ৰীয় চৰকাৰৰ সৈতে জাতিৰ স্বাৰ্থক দৰ-দাম কৰি আদায় কৰা কথা তেওঁৰ মুখত শোভা নাপায়। যদি বাস্তৱ তেওঁ উপলব্ধি কৰিছে, সেই বাস্তৱ তেওঁৰ গাদী ৰক্ষা কৰাৰ বাস্তৱ।

আজি কটনৰ ছাত্ৰই বুজি উঠিছে বাস্তৱ। মেঘালয়, মণিপুৰ, নগালেণ্ডৰ ৰাজনৈতিক জাতীয় দল-সংগঠনে বুজি উঠিছে এই বিধেয়ক আহিলে কি হ'ব পাৰে। কিন্তু বুজিও বুজা নাই আমাৰ সেই সকল মুখাধাৰী লোকে।

তেওঁলোক ৰাজনৈতিক বেপাৰী। তেওঁলোকে দুদিনৰ আগত কি কৈছিল সেয়া পাহৰি যায়। ৮৫৫জন শ্বহীদৰ আত্মবলিদান ভৰিৰে গচকি তেওঁলোকে আজি ক'ব খোজে- বিদেশী নাযায়, বিদেশীক খেদা সম্ভৱ নহয়।

এওঁৰ আহ্বানতে জানো অগপৰ শ শ লোকে ৰাজপথত প্ৰতিবাদ কৰা নাছিল? এতিয়া কি ক'ব সেই সকল অগপৰ তৃণমূল কৰ্মীয়ে? পুতলা নাচৰ 'পুতলা' নহয় সাধাৰণ ৰাইজ যে ৰছী টানি তেওঁলোকে নচুৱাই থাকিব। মন গ'লেই কেবৰ বিৰোধিতা, মন গ'লেই কেবৰ সমৰ্থন।

অসমীয়া ডেকাৰ তপত তেজৰ বিনিময়ত গঠন হৈছিল অসম গণ পৰিষদ। অবৈধ বিদেশী খেদিবৰ বাবেই সৰ্বস্ব ত্যাগ কৰা সেই শ্বহীদৰ আত্মত্যাগৰ বলিৰে গঠন হোৱা দল আছিল অগপ। আজি সেই ত্যাগৰ মূল্য দিব নজনা এনে ভণ্ড নেতাৰ মুখত বৰ বৰ কথাই শোভা নাপায়।

অভিজ্ঞতা তেওঁৰ হৈছে। তেওঁ নিজেই কৈছে- তেওঁ বহুত কথা জানে। জানে তেওঁ কাম কেনেকৈ হয়, কাম কেনেকৈ হ'ব। জাতিটোৰ ভৱিষ্যৎ কিদৰে ৰক্ষা হ'ব। গতিকে বাস্তৱ দৃষ্টিভংগীৰে অহা দিনবোৰত আগবাঢ়িম। মই ভাবো যে অসমৰ ৰাইজেও সঠিকভাৱে বিষয়টো হৃদয়ংগম কৰিছে।

তেওঁ কোৱা এই কথাষাৰেই সঁচা। ৰাইজে সঠিকভাৱেই হৃদয়ংগম কৰিছে। আপোনালোকৰ স্বৰূপ বুজি উঠিছে। দুমুখীয়া চৰিত্ৰত এই নেতাসকলক বিশ্বাস কৰাতোৱেই যে ৰাইজৰ ভুল এই উপলব্ধিৰে ৰাইজ মৰ্মাহত হৈছে।

কেবে অসমীয়া জাতি, খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষা কৰিব। সেই বাখ্যা অন্তত অগপৰ সভাপতিজনৰ পৰা শুনাটো ৰাইজে বিচৰা নাছিল। অগপ সভাপতিজনে শেষ মুহূৰ্তত সংবাদমাধ্যমত কেবৰ বিৰোধিতাৰে কথা কোৱা সকলেই ৰাইজ নহয় বুলি আখ্যা দি চেনেলে চেনেলে ঘূৰিলে। আৰু ক'লে- কেব বিচাৰে অগপৰ তৃণমূলৰ প্ৰতিজন কৰ্মীয়ে।

আচৰিত! অসম আন্দোলনৰ সৈতে জড়িত এই অগপৰ তৃণমূল কৰ্মীসকলে অসম বিদেশীৰ চৰণীয়া পথাৰ হোৱাটো বিচাৰে। পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে কেবৰ বিৰোধিতাৰে অৱতীৰ্ণ হৈছিল। আৰু তাৰ ফলাফল ভবাৰ দৰে নোহোৱাৰ বাবেই হেনো কেব যে অসমৰ ৰাইজে বিচাৰে তাৰে ইংগিত বহন কৰে।

এনে চিন্তা কেনেদৰে কৰিব পাৰিলে এই অতুল বৰা নামৰ মানুজজনে? জাতিৰ আৰু বেলেগ শত্ৰু নালাগে। এইবিলাক নেতাই জাতিৰ শত্ৰু! সঠিকভাৱে হেনো মানুহে বুজি নোপোৱাৰ বাবে বিৰোধিতা কৰিছে। কেব কি সেয়া বুজি উঠিছে অতুল বৰাই।

জাতিটোৰ প্ৰতি বাৰে বাৰে দায়ৱদ্ধ বুলি কোৱা অতুল বৰাই আজি কয়- অসম আন্দোলন কৰি অসমীয়া জাতিয়ে কি পালে? বহু ক্ষতি হ'ল। সেইকাৰণেই হেনো অসম গণ পৰিষদে বাস্তৱধৰ্মী চিন্তা-চৰ্চা কৰে। যিসকলে অগপক সমালোচনা কৰে তেওঁলোকে হেনো জীন্দগীত অগপক ভোট দি পোৱা নাই।

এই অহংকাৰতে মুগ্ধ হৈ আছে এইসকল নেতা। তেওঁলোকে বুজি পোৱা নাই জাতিয়ে কি বিচাৰে, জাতিৰ বাবে কি কৰা উচিত। অতুল বৰা নামৰ তথাকথিত এই নেতাজনে যিমানেই যি নকওঁক কিয়, তেওঁৰ স্বৰূপ ফাদিল হ'ল। আচলতে আমি আমাৰ নেতা বুলি ভবা এই সকল নেতা একোজন খুব ভাল অভিনেতা।