অসম

লকডাউনত ৰাইজ লাউলোৱা! কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী-নেতাৰ হোটেল ক্ৰয় কৰিবলৈ বিজেপি নেতাই লগাইছে হেতাওপৰা…

asomiyapratidin

কোৰোনা ভাইৰাছৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ ৰাজনীতিত। দেউলীয়া হৈ পৰিছে ১৫ বছৰ শাসনত থকা কংগ্ৰেছ নেতা-মন্ত্ৰী। হোটেল বিক্ৰী কৰি অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত নামিছে দলটোৰ দুজন নেতা। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

কোৰোনাৰ প্ৰভাৱ এতিয়া সৰ্বত্ৰে। এদিন গজগজাই থকা কংগ্ৰেছৰ নেতা-মন্ত্ৰীৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা। আনকি হোটেল বিক্ৰী কৰিব লগা অৱস্থা হৈছে কংগ্ৰেছৰ দুজন নেতাৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ পুত্ৰৰ নামত আছিল হাতীগাঁও পথত এখন বিলাসী হোটেল।

এই হোটেলখনৰ নাম আছিল গ্ৰেণ্ড মেজিষ্ট্ৰী। এই হোটেলখন চোৱা-চিতা কৰিছিল নুৰজামালৰ জ্যেষ্ঠ পুত্ৰই। কিন্তু শেহতীয়াকৈ এই হোটেলখন বিক্ৰী কৰিবলৈ লৈছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। আৰু ক্ৰেতাৰ ৰূপত আবিৰ্ভাৱ হৈছে বিজেপিৰ এজন নেতাৰ।

কাছাৰ বিজেপিৰ সভাপতি কৌশিক ৰয়ে ক্ৰয় কৰিব এই হোটেলখন। এই সন্দৰ্ভত আনুষ্ঠানিক পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে। কেৱল এইজন প্ৰাক্তন মন্ত্ৰীৰে নহয়, কংগ্ৰেছৰ আন এজন নেতা তথা এসময়ত কংগ্ৰেছৰ ভিতৰচৰাত শক্তিশালী মন্ত্ৰী ৰূপে পৰিচিত গৌতম ৰয়ৰ সহযোগী আৰু ঘনিষ্ঠ আন এজন নেতাৰ হোটেলো বিক্ৰীৰ বাবে কথা-বতৰা সম্পূৰ্ণ হৈছে।

এই ঘনিষ্ঠ নেতাজনৰো হোটেল আছে হাতীগাঁও পথতে। তেওঁৰ হোটেলখন ক্ৰয় কৰিবলৈ আগবাঢ়িছে বৰাকৰে আন এজন প্ৰভাৱশালী শাসকীয় দলৰ নেতা । সকলো ঠিকে ঠাকে থাকিলে লকডাউনৰ পাছতেই হস্তান্তৰ হ'ব দুয়োখন হোটেলৰ মালিকীস্বত্ত।

এক সূত্ৰই সদৰী কৰা মতে, কংগ্ৰেছৰ আমোলত দুই হাতেৰে ধন চপোৱা এই নেতা-মন্ত্ৰীৰ সম্পত্তিৰ ওপৰত ২০২১চনৰ নিৰ্বাচনৰ পূৰ্বে শাসিত বিজেপিৰ দলে শেন চকু দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ বাবেই বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সম্পত্তি বিক্ৰীৰ বাবে সিদ্ধান্ত লৈছে এই দুই কংগ্ৰেছী নেতাই।

যি সময়ত সাধাৰণ ৰাইজ তথা কংগ্ৰেছী প্ৰাক্তন নেতা মন্ত্ৰীৰ জুমুলা উদং হৈছে, সেই সময়তে কোটি কোটি টকা ব্যয় কৰি এই সম্পত্তি নিজৰ কৰিবলৈ উবুৰি খাই পৰিছে শাসকীয় বিজেপিৰ একাংশ নেতা। জানিব পৰা মতে, ইতিমধ্যে ২৫ কোটি টকা বন্দবস্তি হৈছে এই দুয়োখন হোটেল ক্ৰয়ৰ বাবে।