অসম

সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ…

asomiyapratidin

হঠাৎ দিল্লীলৈ কিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল? কি গুৰুত্বপূৰ্ণ ফাইল লৈ দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ? অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ বিশেষ প্ৰতিবেদন।

হঠাৎ ছাৰ্টাৰ প্লেনেৰে ১৯ ছেপ্টেম্বৰৰ আবেলি দিল্লীলৈ ৰাওনা হল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ লগতে স্বাস্থ্য আৰুশিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও দিল্লীলৈ যোৱা খবৰ আন দিনা হোৱা হলে বৰ বিশেষ গুৰুত্বপূৰ্ণ নহলেও এই মুহূৰ্তত এই দিল্লী যাত্ৰাৰ আঁৰত আছে আন এক বিশেষ কাৰণ।

ৰাজ্যসভাত বিজেপিৰে এজন সাংসদে কৰা এক প্ৰশ্নৰ পাছত থৰকাচুটি হেৰুৱাইছে ৰাজ্য চৰকাৰে। ৰাজ্যবাসীক আভুৱাভৰাই বহু কথা সংবাদমেল পাতি ঘোষণা কৰিলেও এই চৰকাৰে যে জাতি-মাটি-ভেটিক কোনো গুৰুত্ব নিদিয়ে সেই কথা প্ৰমাণ হৈছিল ১৬ ছেপ্টেম্বৰ, ২০২০ত।

সেই দিনা ৰাজ্যসভাত বিজেপিৰ সাংসদ সম্ভাজী চত্ৰপতিয়ে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া পৰামৰ্শ কমিটীক লৈ এক প্ৰশ্ন উত্থাপন কৰিছিল। প্ৰায় ৮ মাহৰ পূৰ্বে কমিটীয়ে এই প্ৰতিবেদন জমা দিছিল।

ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে, প্ৰতিবেদন গ্ৰহণ কৰিয়েই তেওঁলোকে সেই প্ৰতিবেদন দিল্লীলৈ পঠাব। গৃহ মন্ত্ৰণালয়ে কমিটীয়ে দিয়া পৰামৰ্শলানি বিবেচনা কৰি সেইবোৰ পূৰণ কৰিব। কিন্তু ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ বিপৰীতে বিজেপি সাংসদ চত্ৰপতিৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ভি কিষাণ ৰেড্ডিয়ে দিয়া উত্তৰে ৰাজ্যবাসীৰ চকু কপালত তুলিছিল।

৬ নং দফা সন্দৰ্ভত বিজেপিৰ সাংসদগৰাকীয়ে কৰা প্ৰশ্ন কেইটা আছিল-


১. কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটীয়ে ৬ নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিলনে?

২. কমিটীয়ে কি কি পৰামৰ্শ দিলে?

৩. চৰকাৰে প্ৰতিবেদন পৰীক্ষা বা পৰামৰ্শ সমূহ গ্ৰহণ কৰিবলৈ কিমান সময় ল'ব?

৪.নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হৈছে নেকি?

এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে সদনক জনাইছিল যে- 'কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীয়ে অসম চৰকাৰৰ হাতত অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন দাখিল কৰিলে। বৰ্তমান প্ৰতিবেদন অসম চৰকাৰৰ নিৰীক্ষণতে আছে।'

মন কৰিব লগা যে কেন্দ্ৰীয় চৰকাৰে এই কমিটী গঠন কৰাই নহয়, অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰতিবেদন পোৱাৰ পাছদিনাই সেইবোৰ কাৰ্যকৰি কৰিব বুলি খোদ গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমান্তৰালভাৱে এই কমিটী গঠন কৰি অসমৰ খিলঞ্জীয়া লোকক নিৰাপত্তা দিব বুলি কৰা ঘোষণাৰ বিপৰীতে কিন্তু এই কমিটীয়ে ২১ ফেব্ৰুৱাৰী, ২০২০ত প্ৰতিবেদন জমা দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সাক্ষা.. বিচাৰিছিল বুলিও খবৰ প্ৰকাশ হৈছিল।

২১ ফেব্ৰুৱাৰীতে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ২৫ ফেব্ৰুৱাৰীৰ দিনৰ ১২ বজাত এই কমিটীৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিব। এই প্ৰতিবেদনখন লাভ কৰাৰ পাছতে দিল্লীলৈ প্ৰেৰণ কৰাৰ কথাও ঘোষণা কৰিছিল।

মুখ্যমন্ত্ৰীয়েও তেনে ইংগিত দিছিল যদিও প্ৰতিবেদনখনৰ সন্দৰ্ভত প্ৰায় মৌন হৈ আছিল। তাৰমাজতে ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এই প্ৰতিবেদন আছুৱে সংবাদমেল পাতি ঘোষণা কৰাক লৈও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আছুক সমালোচনা কৰিছিল। ১১ আগষ্টত এই প্ৰতিবেদন ৰাজহুৱা কৰি প্ৰতিবেদনত কি কি আছে সেই বিষয়ে আছুৱে সংবাদমেল পাতি ঘোষণা কৰাৰ পাছতো প্ৰতিবেদন দিল্লীক জমা দিয়া বুলিয়েই ৰাজ্যবাসীক আশ্বস্ত কৰিব খুজিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

১১ আগষ্টত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত দিয়া এক বিবৃতিত এই প্ৰতিবেদনখন কোভিডৰ বাবে ৰূপায়ন কৰিব নোৱাৰা কথাহে উল্লেখ কৰিছিল। এবাৰলৈও তাত উল্লেখ নাছিল যে এই প্ৰতিবেদনখন ইমান দিনে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণে কৰা নাই।

ৰাজ্যসভাত এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ভূমিকা গোমৰফাঁক হোৱাত এতিয়া অসম চৰকাৰে আৰম্ভ কৰিছে এই দৌৰাদৌৰি। কেৱল মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মায়ে নহয়, দিল্লীলৈ লৈ গৈছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক।

দিল্লীত এই প্ৰতিবেদন জমা দিয়াৰ লক্ষ্যৰে ৰাজ্যৰ এই তিনি বৰমূৰীয়া দিল্লীলৈ যাত্ৰা কৰা বুলি জানিব পৰা গৈছে। ইফালে, বিটিচি নিৰ্বাচন সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক বৈঠকত মিলিত হোৱা সম্ভাৱনা আছে তিনিও।

উল্লেখ্য যে, অসম চুক্তিৰ ৬ নং দফাৰ এই প্ৰতিবেদন ৰাজ্যসভাত দিল্লীয়ে নাই পোৱা বুলি খোদ নিজ দলৰে চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ সন্মুখীন হৈছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ।

এই সন্দৰ্ভত সবিশেষ আন এক প্ৰতিবেদন পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকত-