অসম

মেথিগুটি-লেলাৱটিয়ে কাম নিদিলে, এইবাৰ ঝাড়ু হাতত ল’ব খুজিছে পংকজ পাঠকে…

asomiyapratidin

পংকজ পাঠকক মনত আছেনে? সকলো ৰোগৰ বিধান দিয়ে যে যুৱকজনে। এতিয়া পিছে তেওঁকেই বিধানৰ প্ৰয়োজন। বেয়া দিন চলিছে পাঠকৰ! বিজেপিৰ প্ৰতি মোহভংগ হ'ল। কংগ্ৰেছৰ কাষলৈ গৈছিল যদিও, লগ নিদিলে পাঠকক। সেয়েহে এইবাৰ হাতত ঝাড়ু তুলি ল'ব খুজিছে পাঠকে। আচাৰ্য পংকজ পাঠক হ'ব বিচাৰিছে নেতা। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

পংকজ পাঠকক মনত আছেনে? ৰাতিৰ ভিতৰতে বিভিন্ন ৰোগৰ বিধান দি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বিৰ্তকিত যুৱকজনে এতিয়া আন এক কাৰণত চৰ্চালৈ আহিছে। মিথি গুটি, লেলাৱটি আদি পৰম্পৰাগত তথা অদ্ভূত বিধানেৰে ৰোগ উপশম কৰিব পাৰি বুলি দাবী কৰা পংকজ পাঠকে এতিয়া ৰাজনীতিত যোগ দিছে। বিভিন্ন স্থানত সভা পাতি বিধান দি অসমৰ ৰামদেৱ হ'ব খোজা পংকজ পাঠকে প্ৰথমে বিজেপিৰ সমৰ্থনত ছ'চিয়েল মিডিয়াত মাত মাতিছিল যদিও এতিয়া তেওঁৰ সেই সুৰ নাই। এতিয়া বিধানতকৈ ফেচবুকত পংকজ পাঠকে দিয়ে ৰাজনীতিৰ আপডেট। আনকি মোদীক সমালোচনা কৰিও পংকজে দিছে বহু কেইটা আপডেট। ৰাজ্যিক বিজেপি নেতা আৰু মন্ত্ৰীকো আক্ৰমণ কৰিছে পংকজ পাঠকে। চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ উদ্যোগ বন্ধ কৰা বুলি পাঠকে দিয়া আপডেট এইটো ।

এদিন পংকজ পাঠক আছিল ভীষণ ব্যস্ত। এই নলবাৰী, এই লখিমপুৰত সভা পাতি ঘূৰি ফুৰিছিল পাঠক। এখন কিতাপো লিখিছিল পংকজ পাঠকে। নাম আছিল 'পংকজ পাঠক বনৌষধি আৰু ঘৰুৱা চিকিৎসা বিধান'। সৌভাগ্য বা দুৰ্ভাগ্যক্ৰমে পংকজ পাঠকৰ সেই গ্ৰন্থখন ২০১৬ চনৰ গ্ৰন্থমেলাত আটাইতকৈ বেছি বিক্ৰী হোৱা গন্থ আছিল। তেওঁৰ ব্যস্ততা এনে হৈ পৰিছিল যে মন্ত্ৰীক লগ পালেও তেওঁক সাক্ষাৎ কৰাটো টান আছিল। আনকি পাঠকক ভিআইপি মৰ্যদাও প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে।

চুলি হোৱা আৰু টকলা হোৱা লোকক পংকজ পাঠকে দিয়া উপদেশ আছিল এয়া। কৰবী ফুলৰ পাত কাটি মিঠাতেলৰ সৈতে উতলাই চুলিত ঘহিলে চুলি সৰা বন্ধ হয় বুলি পাঠকে দাবী কৰিছিল ।

বিকল লিভাৰ, কিডনী ভাল কৰা বিধানো দিছিল এইজন পংকজ পাঠকে। পংকজ পাঠকে দিয়া আন কেইটামান বিধান আছিল এনেধৰণৰ-

বাহঁজানীত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগতে এদিন পংকজ পাঠকে সভা কৰিছিল। সেই বাতৰি শিৰোনাম আছিল এয়া-

পংকজ পাঠকক লৈ যথেষ্ট কৌতুকো হৈছিল। সেইবোৰৰ নমুনা আছিল এনেধৰণৰ-

এই পংকজ পাঠকেই বিশ্ব হিন্দু পৰিষদৰ গো পূজনত মুখ্য অতিথি হিচাপে অংশ লৈছিল।

পিছে হঠাৎ জানো কি হ'ল পংকজ পাঠকৰ! মোহভংগ ঘটিল গেৰুৱা প্ৰীতিৰ প্ৰতি। আচাৰ্য বালকৃষ্ণ দেৱৰ সৈতেও পংকজ পাঠকৰ সু-সম্পৰ্ক আছিল বুলি তেৱেই প্ৰচাৰ কৰিছিল।

পংকজ পাঠকৰ বিধান লৈ গহপুৰত এজন লোক অসুস্থ হোৱা বাতৰি 'অসমীয়া প্ৰতিদিন'তেই প্ৰকাশ পাইছিল। ২০১৬ চনৰ ১৬ অক্টোবৰত 'অসমীয়া প্ৰতিদিন' কাকতত প্ৰকাশ পোৱা বাতৰিটো-

আনকি বহুতে ভস্মাসুৰ আচাৰ্য বুলিও নাম দিছিল এচামে। এদিন পংকজ পাঠকে প্ৰচাৰ চলাইছিল সকলো ৰোগৰ আয়ুৰ্বেদিক আৰু ঘৰুৱা সমাধান লৈ আহি আছে তেওঁ। পংকজ পাঠকৰ হয়তো মনত নাই ২০১৬ চনৰ ২৯ মাৰ্চ। মোদীৰ জয়গানেৰে পাঠকে শ্বেয়াৰ কৰা পোষ্ট এইটো-

বিজেপিৰ হৈ এসময়ত কাম-কাজ কৰা, প্ৰতিটো ৰোগৰে বিধান দিব জনা এই পংকজ পাঠকৰ প্ৰতি যেন এতিয়া মানুহৰ মোহভংগ হৈছে। পত্নীক নিৰ্যাতন চলোৱা অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছিল। চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাই প্ৰাকৃতিক ঔষধেৰে ৰোগৰ উপক্ৰম কৰাৰ প্ৰলোভন দি মানুহক বেছি দিন মুৰ্খ সজাব নোৱাৰিলে তেওঁ। লাহে লাহে পংকজ পাঠকৰ জনপ্ৰিয়তা কমি আহিল।

কিছুদিনৰ পৰা পংকজ পাঠকে ৰাজনীতিত যোগ দিবলৈ চেষ্টা চলাই আহিছিল। এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে, পংকজ পাঠকে কংগ্ৰেছত যোগদান কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু প্ৰদেশ কংগ্ৰেছ নেতৃত্বই পংকজ পাঠকক আকোৱালি নল'লে। বিতৰ্কৰ বাবেই পংকজ পাঠক এলাগী হ'ল বিজেপিতো। সেয়েহে ৰোগৰ বিধান এৰি এইবাৰ স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক কাষ চাপিল আম আদমি পাৰ্টীৰ। দেওবাৰে আম আদমি পাৰ্টীত যোগ দিয়ে পংকজ পাঠকে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে পংকজ পাঠকৰ যোগদানৰ সন্দৰ্ভত আম আদমিৰ মুৰব্বী ভৱেন চৌধুৰীৰ সৈতে যোগাযোগ কৰাত তেওঁ এই কথা সঁচা বুলি জনায়। অৱশ্যে পূৰ্বৰ বিজেপিৰ হৈ কাম-কাজ কৰাৰ বাবে তিনি মাহ সময় তেওঁক চোৱা হ'ব বুলিও জানিবলৈ দিয়ে।

ইফালে, এই সন্দৰ্ভত পংকজ পাঠকৰ সৈতে যোগাযোগ কৰাত আপত আনুষ্ঠানিকভাৱে যোগদান কৰা নাই বুলিহে জানিবলৈ দিয়ে। তেওঁক সোধা হৈছিল- যদি যোগদান কৰা নাই তেন্তে কিয় আপৰ টুপি পৰিধান কৰি আপৰ কাৰ্যালয়ত এনে ফটো তুলিছিল? তেতিয়া তেওঁ কয়- 'আপৰ কাৰ্যালয়লৈ গ'লেই টুপি পিন্ধাই দিয়ে। মই চাওঁ লওঁ মোৰ চিন্তা-চৰ্চাৰ সৈতে কথাবোৰ মিলে নে নাই।'

কংগ্ৰেছৰ সৈতেও কেবাবাৰো যোগদানৰ  বাবে তেওঁ যোগাযোগ কৰিছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত পংকজ পাঠকে কয়- 'মোৰ সকলোৰে সৈতে ভাল।' এই প্ৰশ্নৰ উত্তৰ তেওঁ প্ৰত্যক্ষভাৱে একো নক'লে। ইফালে, পূৰ্বতে বিজেপিৰ স্তাৱক হিচাপে কাম কৰা পংকজ পাঠকৰ কিয় বিজেপিৰ প্ৰতি মোহভংগ হ'ল বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- 'কিছু কাম ভাল কৰে কিছুমান কাম বেয়া কৰে।'

পাঠকে এই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ দিয়াৰ পৰা বিৰত থাকে। আনহাতে, পত্নীৰ সৈতে হোৱা বিতৰ্ক, চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাই মানুহক দিয়া বিধানৰ প্ৰতি আস্থা কমি যোৱাৰ বাবে পংকজ পাঠক এতিয়া নচলা টকা হৈ পৰিল নেকি প্রশ্ন কৰাত এই কথা তেওঁ অস্বীকাৰ কৰে। তেওঁৰ মতে, তেওঁ এতিয়াও জনপ্ৰিয়।

৮ ডিচেম্বৰত পংকজ পাঠকে চন্দ্ৰমোহন পাটোৱাৰীক উদ্দেশ্যি এটা পোষ্ট দিছিল। টিহুত ইনডাষ্ট্ৰিয়েল ষ্টেটৰ এটা ছেট পংকজ পাঠকৰ নামত আৱন্টন দিয়াতো প্ৰায় নিশ্চিত হৈছিল। কিন্তু সেই আৱন্টন নাকচ কৰা হয়। ইয়াকে লৈ পংকজ পাঠকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও, মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ দিয়া নাই পাঠকক। ৬-৭ বাৰ মেইলযোগে মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰি যোগাযোগ কৰিছিল পংকজ পাঠকে। তেওঁৰ মতে- 'মই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ মেইল দিছো, কাৰোবাক ফোন কৰিছো, এইবোৰ কথা কেনেকৈ জানে নলবাৰী আৰ আৰ এছৰ মানুহে? কোনোবাই পাতিছে এইবোৰ কথা।'

এনেবোৰ কাৰণতেই এতিয়া পংকজ পাঠকৰ বিজেপিৰ প্ৰতি মোহভংগ ঘটিল। কংগ্ৰেছৰ কাষ চাপিছিল যদিও কংগ্ৰেছে সুযোগ নিদিলে বিতৰ্কিত পাঠকক। সেয়েহে  শেষত আপৰ কাষ পালেগৈ পংকজ পাঠক।