অসম

'স্পাৰ্ক মিষ্টাৰ এণ্ড মিছ গ্লেম'ত উজলিল চতিয়াৰ বৰ্ষা

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰিজু মিলাৰৰ উদ্যোগত তেজপুৰৰ কে আৰ চি পেলেচত ৯ চেপ্তেম্বৰত অনুষ্ঠিত 'স্পাৰ্ক মিষ্টাৰ এণ্ড মিছ গ্লেম'ত উজলিবলৈ সক্ষম হ’ল চতিয়াৰ জীয়ৰী বৰ্ষা শইকীয়া৷ অসমৰ ভিন্ন প্ৰান্তৰ বহু কেইগৰাকী মডেলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত৷

বিশ্বনাথৰ ৰশ্মি বৰুৱাৰ তত্ত্বাৱধানত বৰ অসম ক্ৰিয়েচনৰ হৈ বৰ্ষাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ বৰ্ষা চতিয়া চতিয়াল গাঁৱৰ বসন্ত শইকীয়া আৰু জোনমনি শইকীয়াৰ জীয়ৰী ৷ বৰ্ষা চতিয়াৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ একাদশৰ ছাত্ৰী৷ বৰ্ষাৰ এই সফলতাক লৈ এতিয়া গৌৰৱান্বিত চতিয়াবাসী৷