অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮২.৩৩ শতাংশ নম্বৰ পাই পঢ়াৰ সপোন বাদ দিছে মেধাৱী ছাত্ৰী ইয়াচিমাই, কিন্তু কিয়?…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দৰিদ্ৰতা মেধাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। ৰাজ্যৰ বিভিন্ন শিক্ষাৰ্থীয়ে এই কথাক বাৰে বাৰে প্ৰমাণ কৰি আহিছে। কিন্তু এইবাৰ দৰিদ্ৰতাৰ বাবে সৰুৰে পৰা চিকিৎসক হবৰ মন মেলা এগৰাকী ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ কিছুদিন পূৰ্বে হাই স্কুল শিক্ষান্ত পৰীক্ষাত আশা কৰা ধৰনেই মন ফলাফল লাভ কৰি বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব খোজা ছাত্ৰী এজনীৰ নাম ভৰ্তিৰ ভাবে তেওঁৰ পৰিয়ালৰ হাতত পৰ্যাপ্ত ধন নথকাৰ ফলত এতিয়া পঢ়াৰ সপোন বাদ দি ঘৰৰ কামতে নিয়োজিত হৈ থাকিবলগা হৈছে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ নিলগত থকা মানকাচৰ থানা এলেকাৰ কালাপানীৰ ভেঙেৰভিটা গাঁৱৰ ইয়াচিমা পাৰভিন নামৰ ছাত্ৰী গৰাকী এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত এখন চৰকাৰী বিদ্যালয়ৰ পৰা মুঠ ৪৯৪ নম্বৰ পাই তেওঁ ৮২.৩৩ শতাংশ নম্বৰ লাভ কৰিছে। বেঙেৰভিটাৰ দৰে এখনৰ অনুন্নত ভিতৰুৱা অঞ্চলৰ পৰা ছাত্ৰী গৰাকীয়ে ৫ টা বিষয়ত লেটাৰ পাই অঞ্চলটোত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

পিতৃহীন ছাত্ৰী গৰাকী সৰুৰে পৰা এগৰাকী সু চিকিৎসক হোৱাৰ সপোন মনত বান্ধি লৈছিল। কোনো সুবিধা লাভ নকৰাকৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰি দিনে নিশাই অধ্যয়ন কৰি আহিছিল। ঘৰৰ টিনপাতেৰে বৰষুণৰ পানী পৰা ছাত্ৰী জনী চাকিৰ পোহৰত পঢ়িছিল। আশা কৰা ধৰনেই তেওঁ ফলাফল লাভ কৰে যদিও এতিয়া বিজ্ঞান শাখাত পঢ়ি আগলৈ চিকিৎসক হোৱাৰ সপোন তাইৰ। কিন্তু আৰ্থিক অৱস্থা সংকটজনক হোৱা ভাবে ছাত্ৰী গৰাকীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিছে গতি কৰা পৰিলক্ষিত হৈছে। পৰিয়ালত একমাত্ৰ এজনে টিউচন পঢ়াই নিজে পঢ়াৰ খৰচ উলিয়াই সামান্য কিছু টকা মাতৃ আৰু ভণ্টিক যোগান দিয়ে।

ছাত্ৰী গৰাকী আগলৈ ভাল ফলাফল কৰিবলৈ হলে ভাল এখন কলেজত অধ্যয়ন কৰাৰ প্ৰয়োজন। কিন্তু ভাল কলেজৰ খৰচ কৰ পৰা আহিব তাইৰ বাবে। ফলাফলৰ আজি প্ৰায় দহ টা দিন উকলি যোৱাৰ পাছতো ছাত্ৰী গৰাকীয়ে এতিয়ালৈ নাম ভৰ্তি কৰিব পৰা নাই।

মেধাবী এই ছাত্ৰী গৰাকীৰ দায়িত্ব কোনে লব। চৰকাৰে এনে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিবা সুবিধা কৰিছেনে। যদি কৰিছে তেন্তে তেওঁ আজিও কিয় নামভৰ্তি কৰিবলৈ সুযোগ পোৱা নাই। ছাত্ৰী গৰাকী আবেগিক হৈ আমাৰ আগত প্ৰকাশ কৰে যে তাইৰ দায়িত্ব কোনেও নললে হয়তো তাই পঢ়া শুনা ইয়াতেই স্থগিত কৰিব লাগিব। বৰ্তমানে চকুত অলেখ সপোন লৈ নিজৰ ঘৰত মাতৃৰ সৈতে ধানৰ কাম কৰি আছে।

কোনোমতে কলা বিভাগৰ কলেজত নামভৰ্তি কৰাৰ বাহিৰে তেওঁৰ কোনো উপায় নাই। কিছুদিন পূৰ্বে মৌলানা বদৰুদ্দিন আজমাল কেবাগৰাকী ছাত্ৰ ছাত্রীক দুই লাখকৈ টকা দি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে। এই ক্ষেত্ৰত ধুবুৰীৰ সাংসদ গৰাকীয়ে এই গৰাকী ছাত্রীক সাহায় কৰিব নে ? দায়িত্ব লবনে ছাত্ৰী গৰাকীৰ ?

আনহাতে ছাত্ৰী গৰাকীয়ে ৰাইজৰ পৰাও সহায় বিচাৰিছে । যদি কোনোবাই ছাত্ৰী গৰাকীক সহায় কৰিব বিচাৰে ৮০১১৮০০৫০৫ নম্বৰত যোগাযোগ কৰিলে সহায় কৰিব পাৰিব।