অসম

বিধ্বংসী অগ্নিকাণ্ডত দুটা পৰিয়ালৰ তিনিটা ঘৰ ভস্মীভূত, দহ লক্ষাধিক টকাৰ ক্ষতি সাধন…

asomiyapratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী আছামেৰ আলগাৰ বৰ্মনপাৰাত নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ দুটা পৰিয়ালৰ তিনিটা ঘৰ সহ প্ৰায় ১০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধণ হয়।

উল্লেখযোগ্য যে বৰ্মনপাৰা গাঁৱৰ অধীৰ চন্দ্ৰ বৰ্মন নামৰ ব্যক্তিজন স্বপৰিয়ালে নিশাৰ আহাৰ গ্ৰহন কৰি টোপনিত যোৱাৰ পাছত ৰহস্যজনক ভাবে নিশা প্ৰায় ১ বজাত পাকঘৰত জুই জ্বলি উঠে। ফলত তেওঁৰ পাক ঘৰৰ লগতে থকা গৃহসহ মুঠ দুটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। একেদৰে তেওঁৰ ভাতৃ প্ৰাণ মহোন বৰ্মন নামৰ লোক জনৰো এটা থকাগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

এই অগ্নিকাণ্ডৰ ফলত তিনিটা ঘৰ, নগদ প্ৰায় ১ লাখ টকা, এটা মটৰ চাইকেল, চাইকেল, প্ৰায় ৪০ কুইণ্টল ধান, প্ৰায় ৫০ হেজাৰ টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ, এন আৰ চি, মাটিৰ নথিপত্ৰকে ধৰি প্ৰায় ১০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয়। অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ লগে লগে হাটশিঙিমাৰী অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত লগে লগে অগ্নি নিৰ্বাপক বাহিনী আহি ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। কি কাৰণে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল সেয়া এতিয়াও ৰহস্যজনক।