অসম

নেছ’ৰ ১১ ঘণ্টীয়া বন্ধত স্তব্ধ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জনজীৱন, টায়াৰ জ্বলাই অৰ্ধ উলংগ প্ৰতিবাদ অসম-মেঘালয় সীমান্তত…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ নেছৰ ১১ ঘণ্টীয়া বন্ধ আহ্বানৰ প্ৰতি সহাৰি জনাই মঙলবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আছু, জিলা সংখ্যালঘু ছাত্ৰ সন্থা, ৰাইজে জিলাখনত সৰ্বাত্মকৰূপে বন্ধ পালন কৰাৰ লগতে জিলাখনৰ মানকাচৰ, দক্ষিণ শালমাৰা, হাটশিঙিমাৰীকে ধৰি ইমূৰৰ পৰা সিমূৰলৈ টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, ৰাপিতুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ জিলাৰ সদৰ হাটশিঙিমাৰীকে ধৰি মানকাচৰ, কাকৰিপাৰা, ঝাউডাঙা, ঝালোৰচৰ, কুচনিমাৰা, দিয়াৰা, বাঘাপাৰা, কালাপানী, পিপুলবাৰী, সাদুল্ল্যাবাৰী, দিয়াৰা, পাথৰীয়া, কুকুৰমাৰা, সোনাপুৰ, ফেকামাৰী, খাৰুৱাবান্ধা, মানুল্ল্যাপাৰা, সুখচৰ, মলাখোৱা, পাটাকাটা, হাজিৰহাট, দক্ষিণ শালমাৰা, টুমনি, শালকাটা, মাটিফাটা, ফকীৰগঞ্জ, আইৰকাটা, সূৰ্যমনি আদি এলেকাত সকলো শ্ৰেণীৰ লোক কটকটীয়া বন্ধ পালন কৰে। সোমবাৰে নিশা প্ৰায় ১২ বজাত লোক সভাত ৩১১ টা ভোটৰ দ্বাৰা কেব গৃহীত হোৱাৰ পাছত ৰাইজ চৰকাৰৰ প্ৰতি অধিক বিক্ষোভ হৈ উঠা পৰিলক্ষিত হৈছে।

পুৱাৰ পৰাই উক্ত এলেকাৰ প্ৰতিটো স্থানত জিলা সংখ্যালঘু ছাত্ৰ সন্থা, আছু তথা স্থানীয় ৰাইজে একত্ৰিত হৈ ৰাজপথত মটৰচাইকেলৰ পৰা আৰম্ভ কৰি প্ৰতিটো বাহন চলাচল বন্ধ কৰি দিয়াৰ লগতে প্ৰতিটো দোকান পাঠ বন্ধ কৰি দিয়ে। প্ৰতিবাদকাৰী সকল বাইক ৰেলীৰ জৰিয়তে জিলা খনৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ সকলো স্থানত সৰ্বাত্মকৰূপে বন্ধ পালন কৰে। অৱশ্য জৰুৰীকালী অৱস্থাত ব্যৱহাৰ হোৱা এম্বুলেঞ্চ চলাচলত প্ৰতিবাদকাৰী সকলে কোনো ধৰণৰ বাধা প্ৰদান নকৰে।

ইফালে পুৱাৰ পৰাই উক্ত স্থান বোৰত দল-সংগঠন আৰু ৰাইজে একত্ৰিত ভাবে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। কি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোবাল, প্ৰধান মন্ত্ৰীৰ পৰা অমিত শ্বাহ, বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়।

আনহাতে, হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তৰ তিনি আলী বটেৰতল বজাৰত অসমৰ হাটশিঙিমাৰী জিলা সংখ্যালঘু ছাত্ৰ সন্থা আৰু মেঘালয়ৰ সদৌ মেঘালয় সংখ্যালঘু ছাত্ৰ ইউনিয়নে যৌথ ভাবে ৰাজপথত টায়াৰ জ্বলাই অৰ্ধ উলংগ হৈ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। মেঘালয়ৰ ছাত্ৰ সন্থাই একেদৰে নেছৰ বন্ধৰ প্ৰতি সহাৰি জনাই মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ হেলিডেগঞ্জ, ৰাজাবালা, ফুলবাৰী আদি এলেকাত কটকটীয়া বন্ধ পালন কৰে। মেঘালয় ছাত্ৰ ইউনিয়নে বাইক ৰেলী উলিয়াই বিজেপি চৰকাৰৰ প্ৰতি কেব বন্ধৰ দাবী জনায়।

মুঠৰ ওপৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ প্ৰতিটো প্ৰান্তত এইদৰে ৰাইজ, দল-সংগঠনে প্ৰতিবাদ কৰাৰ লগতে মেঘালয়তো ছাত্ৰ ইউনিয়নৰ পৰা কেবৰ বিৰোধিতাৰে পৰিবেশ উত্তাল কৰি তোলে। সদৌ মেঘালয় সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সদস্যই কয় যে প্ৰয়োজনত প্ৰাণ দিম কিন্তু আমি কেব কেতিয়াও সমৰ্থন নকৰো। একেদৰে জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ সদস্য সকলেও অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ সমালোচনা কৰে। ইফালে জিলা আছুৰ পৰা কালাপানীত টায়াৰ জ্বলাই প্ৰতিবাদ কৰি কয় যে আছুৰ পৰা আন্দোলন কৰি মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোনোৱাল আছুৰ বাবে কলংক আছিল। এইদৰে বিভিন্ন সমালোচনাৰ মাজেৰে মঙলবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বন্ধ পালন কৰা হয়।

জিলাখনত বন্ধ সৰ্বাত্মক ৰূপে পৰাৰ ফলত জিলা প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিশেষকৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰে প্ৰায় প্ৰতিটো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ হৈ পৰে। জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিষয়া সকল কাৰ্যালয়লৈ আহে যদিও কোনো ধৰণৰ ৰাইজ কাৰ্যালয় বোৰত উপস্থিত নোহোৱাত জিলা উপায়ুক্তৰ কাৰ্যালয় এক প্ৰকাৰে বন্ধ হৈ থকা পৰিলক্ষিত হয়।