অসম

কৃষকৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ডঃ এটা ঘৰ সম্পূৰ্ণ ভস্মীভূত, পশুধনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনত থকা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী চৰ কানাইমাৰাত দেওবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কৃষক এজনৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেবাটাও হাঁহ-কুকুৰা, এটা গৰু মৃত্যু মুখত পৰাৰ লগতে আন দুটা পশুধন ভস্মীভূত হৈ আহত হোৱাত কৃষক জনৰ প্ৰায় চাৰি লক্ষাধিক টকাৰ ক্ষতি সাধণ হয়।

উল্লেখযোগ্য যে গাওঁখনৰ জাহান উদ্দীন নামৰ কৃষক জনৰ ঘৰত নিশা প্ৰায় ১২ বজাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কৃষক জনে নিশা গৰুক খেৰিৰে ধোৱা দিয়াৰ পাছত উক্ত খেৰিৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটি নিমিষতে এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ফলত ঘৰখনৰ ভিতৰত থকা এটা গৰু আৰু কেবাটাও হাঁহ-কুকুৰা মৃত্যু মুখত পৰে। একদৰে আন দুটা গৰু ভস্মীভূত হৈ গুৰুতৰ ভাবে আহত হয়।

কৃষক জনে একেটা ঘৰত ৰন্ধা-বঢ়াৰ কাম কৰাৰ লগতে গৰু, ছাগলী, হাহ-কুকুৰা ৰাখি আহিছিল। গেছ ছিলিণ্ডাৰকে ধৰি ৰন্ধা গৃহৰ ভিতৰত থকা সকলো সামগ্ৰী ভস্মীভূত হৈ নষ্ট হোৱাত কৃষক জনৰ প্ৰায় চাৰি লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধণ হয়। দূৰ্গম এলেকা হোৱা বাবে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হোৱা নাই যদিও স্থানীয় ৰাইজৰ তৎপৰতাত নিশাৰ ভিতৰতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।