অসম

দক্ষিণ শালমাৰাত অপৰিৱৰ্তিত বান পৰিস্থিতি, নিহত ৩ বছৰীয়া শিশু…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাত বুধবাৰৰ বিয়লিলৈকে বানৰ পানী বৃদ্ধি পাই থকাত ন ন অঞ্চল বুৰাই পেলোৱাৰ লগতে এটি শিশু বানৰ পানীত পৰি নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে যোৱা মঙলবাৰৰে পৰা আজিৰ দিনলৈ পানী প্ৰায় ১০ ছেন্টিমিটাৰ বৃদ্ধি পাইছে। বৰ্তমানে জিলাখনত ব্ৰহ্মপুত্ৰৰ পানীৰ বিপদসীমাৰ ৩১ মিটাৰ ওপৰেদি পানী প্ৰবায়িত হৈ আছে। বিশেষকৈ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ আৰু মথাউৰী সদৃশ সীমান্ত পথ উটুৱাই নিয়াত জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ ৮০ শতাংশ এলেকা বুৰাই পেলাইছে।

হাটছিঙিমাৰী-কোকৰাডাঙ্গা সীমান্ত সংযোগী পথ আৰু হাটছিঙিমাৰী-মানকাচৰ পথৰ প্ৰায় ১৫/২০ স্থানত ফুটা হৈ এফালৰ পৰা আনফালে পানী যাবকৈ ধৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। কেতিয়া কত পথ উটুৱাই নিয়ে তাৰ ঠিক নাই। বিশেষকৈ হাটছিঙিমাৰী মানকাচৰ পথটোৰ যিকোনো স্থানত যদি পথ বিচ্ছিন্ন হৈ পৰে তেন্তে বৃহৎ এলেকা বহি ৰাজ্যৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিব।

এক হাহাকাৰ জনক পৰিস্থিতিৰ মাজত ৰাইজে কোনোমতে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। সাধাৰণ লোকৰ জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।ইফালে শ শ পৰিয়াল এতিয়া চৰকাৰী কোনো আশ্ৰয় নাপায় নিজৰ প্ৰাণ ৰক্ষাৰ বাবে কোনোমতে ঘৰৰ টিনপাতৰ চালিৰ ওপৰত আশ্ৰয় লৈ থকা পৰিলক্ষিত হৈছে।

আনহাতে যোৱা কালি জিলাখনৰ দায়িত্বত থকা মন্ত্ৰী ফণী ভূষণ চৌধাৰী জিলাখনৰ বানাক্ৰান্ত লোকৰ ওচৰত আহি বান সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পাছত জিলা প্ৰশাসনৰ পৰা আজি জিলাখনৰ আঠ খন গাঁও পঞ্চায়ত এলেকাত বান সাহায্য দিয়া হৈছে বুলি জনা গৈছে। উদ্ধাৰৰ বাবেও জিলা প্ৰশাসনে একাংশ স্থানত যন্ত্ৰ চলিত নাই দিয়া হৈছে বুলি জিলা উপায়ুক্ত আতিকা চুলতানা জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত বৰ্তমানে প্ৰায় ১৫ লক্ষাধিক লোক বানৰ কবলত পৰিছে।

ইফালে সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ আৰু সীমান্ত পথ ভাঙি যোৱাত নতুনকৈ শ শ গাঁও পানীৰ কবলত পৰিছে। ফলত ফেকামাৰী অঞ্চলৰ দয়াৰচৰ গাঁৱৰ হাফিজুৰ ৰহমানৰ তিনি বছৰীয়া শিশু পানীত পৰি নিহত হৈছে।

জানিব পৰা মতে পৰিয়ালটোৰ ঘৰত পানী জলমগ্ন কৰি ৰখাৰ ফলত লোকজন পৰিয়ালৰ সৈতে ওখ স্থানত ভুৰ এখন লৈ গৈ থকা অৱস্থাত হঠাৎ ভুৰৰ পৰা পৰি গৈ সলিল সমাধি ঘটে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে।