দক্ষিণ শালমাৰাত অতিৰিক্ত উপায়ুক্তৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শনৰ সময়তে পঞ্চায়ত প্ৰতিনিধিৰে ৰাইজৰ হতাহতি..

দক্ষিণ শালমাৰাত অতিৰিক্ত উপায়ুক্তৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শনৰ সময়তে পঞ্চায়ত প্ৰতিনিধিৰে ৰাইজৰ হতাহতি..

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰাত অতিৰিক্ত উপায়ুক্তৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শনৰ সময়তে পঞ্চায়ত প্ৰতিনিধিৰে ৰাইজৰ হতাহতি..

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ এফালে বান আনফালে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত দিক বিদিক হেৰুৱাই পেলাইছে দক্ষিণ শালমাৰা সমষ্টিৰ নৈপৰীয়া হেজাৰ হেজাৰ লোকে।দীৰ্ঘ দিনৰ পৰা সমষ্টিটোৰ পামপাৰা চতলাৰ পাৰ, বাউছকাটা , মাটিফাটা, সূৰ্যমনি এলেকাত চলি আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া।

Advertisment

সমষ্টিটোৰ ৰাইজৰ দাবী অঞ্চলটোত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।কিন্তু ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই ধুবুৰী জিলা প্ৰশাসন তথা চৰকাৰে। ইয়াৰ মাজতে ভদীয়া বানে সমষ্টিটোৰ উল্লেখিত অঞ্চলসমূহত পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছে।

প্ৰতিদিনে ৩০ৰ পৰা ৪০ টাকৈ নৈপৰীয়া পৰিয়াল গৃহহীন হোৱাৰ উপৰিও ভাবুকি আহি নামি আহিছে ডেৰ শতাধিক ব্যৱসায়ীয়ে ব্যৱসায় কৰা মাটিফাটা বজাৰ খনলৈ। যিকোনো মুহূৰ্তত বজাৰখন জাহ যাব পাৰে ব্ৰহ্মপুত্ৰৰ বুকুত।এনে সময়ত পৰিস্থিতি জটিল হোৱা দেখি ৰাইজে ধুবুৰী জিলা উপায়ুক্তক পৰিদৰ্শনৰ বাবে দাবী জনায়।

সোমবাৰে এই অঞ্চল পৰিদৰ্শনৰ বাবে উপায়ুক্ত আহিব বুলি বজাৰখনত যথেষ্ট পৰিমাণে ভীৰ হয়।কিন্তু বিশেষ কাৰণত উপায়ুক্ত গৰাকী আহিব নোৱাৰিলে। অৱশ্যে উপায়ুক্ত গৰাকীয়ে অতিৰিক্ত উপায়ুক্ত মানস শইকীয়াক পৰিদৰ্শনৰ বাবে পঠিয়াই আৰু তেওঁ এখন স্পীড ব'ড যোগে উপস্থিত হয় দক্ষিণ শালমাৰাত।

খহনীয়াগ্ৰস্থ লোকৰ খবৰ লোৱাৰ পাছত অতিৰিক্ত উপায়ুক্তগৰাকী উভতাৰ পথত দুই ফৈদৰ মাজত আৰম্ভ হয় হতাহতি।অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সম্মুখত পামপাৰা চতলাৰপাৰ গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ অধীনত পথ নিৰ্মাণত দুৰ্নীতি হৈছে বুলি এটা ফৈদে অভিযোগ কৰাৰ লগে লগে দুই ফৈদৰ মাজত হতাহতি আৰম্ভ হয়। পৰিস্থিতি উত্তপ্ত হয় যদিও সচেতন লোকৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।ইফালে দক্ষিণ শালমাৰা পৰিদৰ্শন কৰি অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।