অসম

পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ দক্ষিণ শালমাৰা ব্ল’ক কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দেশ জুৰি অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা পেট্ৰ'ল, ডিজেলৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ মঙলবাৰে দক্ষিণ শালমাৰা ব্লক কংগ্ৰেছ পৰা ২ ঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে ফকিৰগঞ্জ অঞ্চলৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধকে ধৰি স্থানীয় সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

উল্লেখযোগ্য যে, মঙলবাৰে দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ তত্বাৱধানত দক্ষিণ শালমাৰা ব্লক কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মী ফকিৰগঞ্জস্থিত কংগ্ৰেছৰ ৰাজীৱ ভৱনত ২ ঘন্টাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। ব্লক কংগ্ৰেছৰ সভাপতি আব্দুছ ছবুৰ আহমেদৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ মূর্দা বাদ, পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি নচলিব, ফকিৰগঞ্জ অঞ্চলৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰক, স্থানীয় সমস্যা সমাধান কৰক ইত্যাদি শ্লোগান দি ফকিৰগঞ্জ অঞ্চলৰ আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয়।

মন কৰিবলগীয়া যে পেট্ৰ'ল, ডিজেলৰ বিৰুদ্ধে ধুবুৰী জিলা কংগ্ৰেছ কমিটি, দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ কমিটিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত মানকাচৰ আৰু ফেকামাৰী ব্লক কংগ্ৰেছ কমিটিয়েও প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিছিল। ইয়াৰ পাছত মঙলবাৰে দক্ষিণ শালমাৰা ব্লক কংগ্ৰেছৰ পৰা উত্তাল প্ৰতিবাদ কৰি পেট্ৰ'ল, ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ দাবী জনায়।