অসম

দক্ষিণ শালমাৰাৰ বালাডোবাত ৩ চোৰাং গৰু সৰবৰাহকাৰীসহ উদ্ধাৰ ৪০টা গৰু…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ গৰুৰ চোৰাং চালান অব্যাহত থকাৰ মাজতে যোৱা নিশা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই বাংলাদেশলৈ চোৰাং চালান দিবলৈ লোৱা অৱস্থাত বালাডোবা লঞ্চ ঘাটৰ পৰা ৪০টা গৰুসহ তিনি গৰাকীকৈ চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং গৰু সৰবৰাহকাৰী ৩ গৰাকী দক্ষিণ শালমাৰা থানাৰ এলেকাৰ ক্ৰমে ১)মজিবৰ ৰহমান, ২)হাবিল উদ্দিন আৰু আৰসাদ আলি বুলি জনা গৈছে।

আৰক্ষীয়ে উদ্ধাৰ কৰা গৰু ৪০ বালাডোবা খোৱাৰাত ৰখাৰ বিপৰীতে চোৰাং গৰু সৰবৰাহকাৰী তিনি গৰাকীক আৰক্ষীয়ে থানাত ৰাখি অনুসন্ধান অব্যাহত ৰাখিছে। চোৰাং গৰু সৰবৰাহকাৰী ৩গৰাকীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাত ২৫২/২০২০ নম্বৰত এখন গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি আৰক্ষীয়ে জানিব দিয়ে ।