sarupothar college
sarupothar college 
অসম

সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ একবিংশ শতিকাৰ প্ৰেক্ষাপটত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি বিষয়ৰ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ ২৮ আৰু ২৯ অক্টোবৰ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যত অনুষ্ঠিত হৈ যায়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগিতাত আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত আলোচনা চক্ৰখনিত অসমৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মুঠ ৯০ গৰাকী অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু গৱেষণা পত্ৰ পাঠ কৰে।

আলোচনা চক্ৰৰ সমন্বয়ক ড০ প্ৰণৱ ফুকনে আঁতধৰা প্ৰথম দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠান সঞ্চালনা কৰে অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন, ভাষাবিদ ড০ নগেন ঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক অনুৰাধা শৰ্মা, পশ্চিম বংগৰ ৰায়গঞ্জ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড০ দীপক কুমাৰ ৰয় উপস্থিত থকা অনুষ্ঠানত বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়াই উদ্বোধনী ভাষণ প্ৰদান কৰে আৰু নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ড০ কাজল শইকীয়াই বন্তি প্ৰজ্বলন কৰে ।

দ্বিতীয় দিনৰ গৱেষণা পত্ৰ পাঠ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক পল্লৱী ডেকা বুজৰবৰুৱা, অধ্যাপিকা ড০ স্বাতী কিৰণ, চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যাপক ড০ ব্ৰজেন শৰ্মা আৰু ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ ড০ নয়ন মণি মেধি সঞ্চালক হিচাপে উপস্থিত থাকে ড০ ৰীতা বৰা অৰু মণিপ্ৰভা বৰা।

সমন্বয়ক ড০ অমৰ শইকীয়াই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত অধ্যাপক সুশীল শইকীয়াই বৰগীত পৰিৱেশন কৰে। অসমীয়া বিভাগৰ এই সফলতাৰ বাবে অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অসমীয়া বিভাগৰ এই সাধু প্ৰচেষ্টাক ধনশিৰিবাসী ৰাইজে ভূয়ঁসী প্ৰশংসা কৰিছে আৰু আগলৈও এনে আয়োজনৰ পোষকতা কৰিছে।